Logo
image

হিৰোছিমাত জি-৭ বৈঠকত মোদী

আমাৰ অসম, ২০ মে’:  জি-৭ সন্মিলনত যোগদান কৰাৰ বাবে বৃহস্পতিবাৰে জাপানত গৈ উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে ঐতিহাসিক চহৰ হিৰোছিমাত গৈ উপস্থিত হৈছে৷ হিৰোছিমাক উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেৰাটন হোটেলত প্ৰবাসী ভাৰতীয়ৰ সৈতে মিলিত হয়৷ উল্লেখ্য ১৯৭৪ চনত ভাৰতে পোখৰানত পৰমাণু বোমাৰ পৰীক্ষা কৰাৰ পাছত প্ৰথমবাৰৰ বাবে  ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে হিৰোছিমা চহৰত ভৰি থলে৷ ১৯৪৫ চনত আমেৰিকাই পৰমাণু বোমাৰে আক্ৰমণ চলোৱা চহৰখন শেষবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ভ্ৰমণ কৰিছিল ১৯৫৭ চনত জৱাহৰলাল নেহৰুৱে৷ এন পি টি অৰ্থাৎ পাৰমাণৱিক অস্ত্ৰ বিৰোধী চুক্তিত স্বাক্ষৰ নকৰা অথচ পৰমাণু শক্তিসম্পন্ন যিকেইখন মুষ্টিমেয় দেশ আছে তাৰ ভিতৰত ভাৰতো অন্যতম৷ সেই দিশৰ পৰা হিৰোছিমাত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত জি-৭ সন্মিলনত ভাৰতৰ উপস্থিতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য আমেৰিকা, ব্ৰিটেইন, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু জাপানক লৈ গঠিত হৈছে জি-৭ গোষ্ঠী৷ এই গোষ্ঠীৰ ভিতৰত ভাৰত নাথাকিলেও জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শীৰ্ষ সন্মিলনত যোগদান কৰিছে৷ ঘাইকৈ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ আৰু টাইৱানৰ সংকটৰ সময়ত এইবাৰৰ জি-৭ সন্মিলনে বিশেষ গুৰুত্ব লাভ কৰিছে৷ এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰাৰ উপৰি  বিশ্বৰ আগশাৰীৰ সাতখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে সন্মিলনৰ অৱসৰত পৃথকে বৈঠকত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এই শীৰ্ষ সন্মিলনলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ  জেলেনস্কিক আমন্ত্ৰণ জনোৱা হৈছে৷ নৰেন্দ্ৰ মোদীয়ে হিৰোছিমা চহৰত মহাত্মা গান্ধীৰ এটা মূৰ্তি উন্মোচন কৰাৰ কথা৷ এই শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাপানৰ পৰা পাপুৱা নিউগিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব৷ তেওঁ তিনিওখন ৰাষ্ট্ৰত মুঠতে ৪০ টা ভিন ভিন কাৰ্যসূচীত ভাগ লোৱাৰ কথা৷ পাপুৱা নিউগিনিত মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ সমূহৰ সহযোগিতা সন্মিলনত যোগদান কৰিব৷ সেই দেশত তেওঁ বিনিয়োগ সংক্ৰান্ত বৈঠকতো ভাগ ল’ব৷ তাৰ পৰা তেওঁ ৰাওনা হ’ব ছিডনীলৈ৷ ছিডনীত মোদীয়ে ভাৰত, আমেৰিকা, জাপান আৰু অষ্টে˜লিয়াক লৈ গঠিত গোষ্ঠী ‘কোৱাড’ সন্মিলনত ভাগ ল’ব৷