Logo
image

আজি ছিদ্দাৰামায়াৰ শপত দিল্লীত মন্ত্ৰীৰ তালিকা চূড়ান্ত

আমাৰ অসম, ২০ মে’:  ২০১৮ চনৰ ২৩ মে’ত কংগ্ৰেছ আৰু জে ডি [এছ]ৰ জোঁট চৰকাৰ শপতগ্ৰহণ কৰোতে দেশৰ সকলো বিৰোধী নেতাক আমন্ত্ৰণ জনাই সেই শপতগ্ৰহণক বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যৰ সূচনা বুলি চিহ্নিত কৰা হৈছিল৷ কিন্তু পৰৱৰ্তী কেইমাহমানৰ পাছত শিথিল হৈ পৰিছিল বিৰোধীৰ সেই ঐক্য৷ এইবাৰ কংগ্ৰেছে কৰ্ণাটকত নিজাববীয়াকৈ চৰকাৰ গঠন কৰাৰ প্ৰাক মুহূৰ্তত পাঁচ বছৰৰ পূৰ্বৰ সেই বিৰোধী ঐক্যৰ মেগা শ্ব’ৰ তেনে কোনো উমঘাম নাই৷ কাইলৈ শনিবাৰে ছিদ্দাৰামায়া চৰকাৰে শপতগ্ৰহণ কৰিবলগীয়া অনু্‌ষ্ঠানলৈ অনেক বিৰোধী নেতাক আমন্ত্ৰণ জনায়ো বহু বিৰোধীক বাদ দিছে কংগ্ৰেছে৷ বেংগালুৰুৰ শ্ৰীকান্তিৰাভা ষ্টেডিয়ামত  দিনৰ ১২-৩০ বজাত হ’বলগীয়া কংগ্ৰেছ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত দলটোৱে বিৰোধী ঐক্যতকৈয়ো নিমন্ত্ৰণৰ ক্ষেত্ৰত পছন্দ অপছন্দৰ তালিকা তৈয়াৰ কৰিছে মূলতঃ কংগ্ৰেছৰ সৈতে সম্পৰ্ক কাৰ কেনে তাৰ ওপৰত ভিত্তি কৰি৷ সেয়ে শনিবাৰৰ শপতগ্ৰহণ অনুষ্ঠানলৈ কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষভাৱে ৰাজনৈতিক বিৰোধ থকা দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডী, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পট্টনায়ক আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বি এছ পিৰ মুৰব্বী মায়াৱতীক নিমন্ত্ৰণ জনোৱা হোৱা নাই৷ অৱশ্যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই নিজেই দেশৰ বিৰোধী ৰাজনৈতিক দলৰ এঘাৰজন নেতাক নিমন্ত্ৰণ জনাইছে৷ তাৰ ভিতৰত আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, এন চিপিৰ মুৰব্বী শাৰদ পাৱাৰ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটি, বাওঁপন্থী দলৰ সীতাৰাম য়েচুৰী, ডি ৰাজা, অভিনেতা-ৰাজনীতিক কামাল হাচানৰ দৰে বিৰোধী নেতাক৷ অৱশ্যে ইয়াৰ উপৰি শপতগ্ৰহণ অনুষ্ঠানলৈ কংগ্ৰেছী মুখ্যমন্ত্ৰী যেনে ৰাজস্থানৰ অশোক গেহলট, ছত্তীশগড়ৰ ভূপেশ বাঘেল, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুক নিমন্ত্ৰণ জনোৱা হৈছে৷ 

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাজ¹য়ে  কংগ্ৰেছ দলৰ সভাপতিৰ আমন্ত্ৰণ সত্ত্বেও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে বুলি জনাইছে৷ তেওঁ দলৰ লোকসভাৰ উপনেত্ৰী কাকলি ঘোষ দস্তিদাৰক শপতগ্ৰহণ অনুষ্ঠানলৈ পঠিয়াব বুলি ঘোষণা কৰিছে৷ কংগ্ৰেছ দলৰ সৈতে অৰবিন্দ কেজৰিৱাল, জগনমোহন ৰেড্ডী, পিনাৰায় বিজয়ন আৰু কে চন্দ্ৰশেখৰ ৰাওৰ ৰাজনৈতিক সংঘাত আছে৷ আনহাতে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পট্টনায়কে অলপতে লোকসভা-বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে জোঁট নাবান্ধি এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰি থৈছে৷ সেয়ে কংগ্ৰেছে  নবীন পট্টনায়কক শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই বিৰোধী ঐক্যৰ অপ্ৰয়োজনীয় ৰূপ প্ৰকাশ কৰিবলৈ বিচৰা নাই৷ প্ৰকৃততে এইবাৰ কংগ্ৰেছ দলটো মাটিত থিয় হৈ আছে৷ কেৱল বিৰোধী ঐক্য প্ৰদৰ্শনৰ নামত সকলোকে শপতগ্ৰহণত উপস্থিত কৰি ভুৱা শক্তি প্ৰদৰ্শনৰ চেষ্টাত কংগ্ৰেছ ব্ৰতী হোৱা নাই৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে যোৱা শনিবাৰে কংগ্ৰেছে বিজেপিক পৰাজিত কৰি কৰ্ণাটকত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে বিৰোধীৰ বিজয়ত উৎসাহ প্ৰকাশ কৰিও বিজয়ী দল কংগ্ৰেছৰ নাম উচ্ছাৰণ কৰাৰ পৰা বিৰত আছিল৷ কিন্তু ৪৮ ঘণ্টাৰ ভিতৰতে মমতা বেনাৰ্জীয়ে প্ৰয়োজনবোধে পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছৰ সৈতে জোঁট বন্ধাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ সেয়ে কংগ্ৰেছে মমতা বেনাৰ্জীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁক শপতগ্ৰহণলৈ নিমন্ত্ৰণ জনালেও কেজৰিৱাল,  পট্টনায়ক, জগনমোহন ৰেড্ডী, চন্দ্ৰশেখৰ ৰাও, মায়াৱতী, অখিলেশ আদিক নিমন্ত্ৰণ জনোৱা নাই৷ ইপিনে শপতগ্ৰহণৰ পূৰ্বে আজি  শুকুৰবাৰে ছিদ্দাৰামায়া আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলগীয়া ডি কে শিৱকুমাৰে পুনৰ দিল্লীলৈ উৰা মাৰে৷ মন্ত্ৰীসভাৰ গঠন কেনেদৰে হ’ব সেই সন্দৰ্ভত হাইকমাণ্ডৰ নিৰ্দেশ শুনিবৰ বাবেই দুয়ো দিল্লীত উপস্থিত হয়গৈ৷