Logo
image

পুনৰ বিভাজন হ’ব পাকিস্তান, সকীয়াই দিলে ইমৰান খানে

আমাৰ অসম, ২০ মে’: পাক চৰকাৰে যদি এতিয়াই নিজৰ দেশখনৰ বিষয়ে চিন্তা নকৰে তেন্তে পাকিস্তান পুনৰ বিভাজন হ’ব৷ এই সাৱধান বাণী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ৷ উল্লেখ্য যে ইমৰান খানৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰি অলপতে তেওঁক পাক সেনাই গ্ৰেপ্তাৰ কৰিছিল৷ ইমৰানৰ গ্ৰেপ্তাৰক লৈ দেশজুৰি সৃষ্টি হয় হিংসাৰ দাবানল৷ পৰৱৰ্তী সময়ত পাকিস্তানৰ আদালতে ইমৰানৰ গ্ৰেপ্তাৰক বেআইনী বুলি অভিহিত কৰি অবিলম্বে তেওঁক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে৷ সেই অনুসৰি জামিন লাভ কৰা ইমৰান খানে এইবাৰ পাক চৰকাৰক সকীয়াই দিছে যে সম্প্ৰতি দেশখনৰ যি অৱস্থা তাক যদি চৰকাৰে গুৰুত্ব সহকাৰে নলয় তেন্তে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব৷ হয়তো ১৯৭১ৰ দৰে পুনৰ পাকিস্তান দ্বিখণ্ডিত হৈ যাব পাৰে৷ সেয়ে তেওঁ দেশৰ সাম্প্ৰতিক পৰিস্থিতিক গুৰুত্ব সহকাৰে ল’বলৈ পাক চৰকাৰক আহ্বান জনায়৷