Logo
image

নলবাৰীত চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীত শনিবাৰে সন্ধিয়া এজন লোকে চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই আক্ৰমণৰ ঘটনাত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়। আহত জোৱানজন চফিক আহমেদ বুলি জনা গৈছে। ঘটনাৰ বিৱৰণী মতে, সন্ধিয়াৰ ভাগত নলবাৰীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশ মন্দিৰ চ’কত খগেন দাস নামৰ এজন লোকে হাতত ডেগাৰ লৈ  আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। লোকজনে পথচাৰী আৰু আৰক্ষীক ডেগাৰেৰে ঘপিয়াবলৈ চেষ্টা কৰে। গনেশ মন্দিৰ চ’কত সেই সময়ত কৰ্তব্যৰত আৰক্ষী জোৱান চফিক আহমেদক লোকজন ডেগাৰৰে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে আহত আৰক্ষী জোৱানজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত ঘটনাস্থলীত নলবাৰী সদৰ থানাৰ আৰক্ষী বাহিনী উপস্থিত হৈ লোকজনক আটক কৰাৰ লগতে লোকজনৰ পৰা ডেগাৰখন জব্দ কৰে। কি কাৰণত লোকজনে এনে কাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই।