উক্তি-বক্ৰোক্তি
প্ৰথমে ২,০০০ টকা প্ৰচলন কৰা হ’ল৷ ইয়াৰ ফলত হেনো দুৰ্নীতি বন্ধ হ’ব৷ এতিয়া ২,০০০ টকীয়া নোট সম্পূৰ্ণ বন্ধ হ’ব৷ ঠিক সেই কাৰণেই মই কওঁ প্ৰধানমন্ত্ৰীয়ে পঢ়া-শুনা জনা প্ৰয়োজন৷ যিকোনো লোকে যি ইচ্ছা অশিক্ষিত প্ৰধানমন্ত্ৰীক কৈ যাব, তেওঁ একোৱেই বুজি নাপাব৷ ফলত সাধাৰণ জনতা সমস্যাৰ সন্মুখীন হ’ব৷
–অৰবিন্দ কেজৰিৱাল
এয়া ২,০০০ টকাৰ ধামাকা নহয়৷ বৰং কোটি কোটি ভাৰতবাসীৰ বাবে কোটি কোটি টকাৰ ধোকা৷ মোৰ প্ৰিয় দেশবাসী, জাগি উঠক৷ নোটবন্দীৰ বাবে আমি যি দুৰ্ভোগ সহ্য কৰিছোঁ, সেয়া পাহৰিব নোৱাৰি৷ যিয়ে এই কষ্ট দিছিল তেওঁলোকক ক্ষমা কৰা অনুচিত৷
–মমতা বেনাৰ্জী
সময়ৰ জ্ঞান সঠিকভাৱে আয়ত্ত কৰিব নোৱাৰিলোঁ৷ টাইম ইজ গড৷ মেঁ সময় হুঁ৷ ছাত্ৰ হৈ থকা অৱস্থাত কথাবোৰ ইমান নাভাবিলোঁ৷ শিক্ষাগুৰুসকলে আমাক সময়ৰ সদ্ব্যৱহাৰ কৰাৰ কথা সততে কৈছিল৷
– সৰ্বানন্দ সোণোৱাল
কৃষিৰ বিকল্প হিচাপে প্ৰাকৃতিক কৃষি ব্যৱস্থা উত্তম৷ প্ৰাকৃতিক কৃষিক এক জনআন্দোলনলৈ ৰুপান্তৰ কৰিব লাগিব৷ প্ৰাকৃতিক কৃষিৰ আদৰ্শ ৰাজ্য হ’ব পাৰে অসম৷ এই সপোন পূৰণ কৰিবৰ বাবে অসমৰ কৃষক সমাজ আগবাঢ়ি আাহক৷
– হিমন্ত বিশ্ব শৰ্মা
বহুত হ’ল, এইবাৰ মাদ্ৰাছা ভাঙিবলৈ আহিলে বুলড’জাৰৰ সমুখত থাকিব বদৰুদ্দিন আজমল৷ অসমত এনে বুলড’জাৰ আছে নেকি যে আজমলক ঠেলি মাদ্ৰাছা ভাঙিব! ইমান সহজ নহ’ব৷
–কৰিমুদ্দিন বৰভূঞা
শিৱসাগৰ জিলা প্ৰশাসনে বিভিন্ন সংগঠনৰ নেতাসকলক মতাই আনি এবছৰলৈ আন্দোলন কৰিব নোৱাৰিব আৰু মানুহক আন্দোলনমুখী ভাষণেৰে উদ্বেলিত নকৰিবলৈ বণ্ড ছাইন কৰাই লৈছে৷ জৰুৰীকালীন অৱস্থাৰ সময়ত এনে ঘটনা ঘটিছিল৷ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চৰ ৪জন নেতাক মাতি আনি বণ্ড ছাইন কৰাই লৈছে ৷
– অখিল গগৈ
জোনমণি ৰাভাৰ মৃত্যু ৰহস্যজনক৷ এই ঘটনাৰ চি বি আই তদন্তৰ দাবী জনাইছোঁ৷ সকলো দোষীয়ে কঠোৰ শাস্তি পাব লাগিব য’ত আৰক্ষীৰেই নিৰাপত্তা নাই, তাত সাধাৰণ মানুহৰ নিৰাপত্তা ক’ত? এই ঘটনাই ক’লা বেপাৰী আৰু অপৰাধ জগতৰ সৈতে আৰক্ষীৰ একাংশৰ সম্পৰ্কৰ অভিযোগ ৰাজহুৱা হ’ল৷
– সদৌ অসম ছাত্ৰ সন্থা