Logo
image

লাচিতৰ জীৱনীৰে ৰাজামৌলিৰ নতুন ছবি ‘ব্ৰহ্মপুত্ৰ’

আমাৰ অসম, ২১ মে’: মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যৰ ওপৰত আলোকপাত কৰি  ‘আৰ আৰ আৰ’,  ‘বাহুৱলী’, ‘বজৰংগী ভাইজান’ আদি ছুপাৰহিট চিনেমাৰ কাহিনী লেখক তথা ব্লকব্লাষ্টাৰ ছবি নিৰ্মাতা ৰাজামৌলিৰ পিতৃ বিজয়েন্দ্ৰ যাদৱে লিখি উলিয়ালে এখন অনুপম উপন্যাস৷ বিজয়েন্দ্ৰই আন এগৰাকী প্ৰখ্যাত লেখক, প্ৰাক্তন নৌ বিষয়া কুলপ্ৰীত যাদৱৰ সৈতে যুটীয়াভাৱে লাচিত বৰফুকনৰ জীৱনভিত্তিক ‘দ্যা আহোম ছন ৰাইজেছ-১, ব্ৰহ্মপুত্ৰ’ নামৰ উপন্যাসখন লিখি উলিয়াইছে৷ প্ৰখ্যাত প্ৰকাশন গোষ্ঠী হাৰপাৰ কলিনছে এই উপন্যাসখন প্ৰকাশ কৰিছে৷ অহা ৩০ মে’ত আনুষ্ঠানিকভাৱে উপন্যাসখন পাঠকৰ বাবে মুকলি কৰি দিয়া হ’ব৷ এমাজন, ফ্লিপ কাৰ্ডৰ লগতে সাধাৰণ গ্ৰন্থ বিপণীতো উপন্যাসখন উপলব্ধ হ’ব৷ উপন্যাসখনৰ মূল্য হ’ব মাত্ৰ ২৫০ টকা৷ উপন্যাসখনৰ সহযোগী লেখক কুলপ্ৰীত যাদৱে এক ভিডিঅ’ ক্লীপ মুকলি কৰি কৰি কয়– ‘দ্যা আহোম ছন ৰাইজেছ-১, ব্ৰহ্মপুত্ৰ’ হৈছে বিজয়েন্দ্ৰৰ প্ৰথমখন উপন্যাস৷ পূৰ্বতে তেওঁ চিনেমাৰ বাবে কাহিনী লিখিছিল যদিও উপন্যাস লিখা নাছিল৷ ১৭ শতিকাত কম সৈন্য, নৌকাৰে বীৰ লাচিত বৰফুকনে কেনেদৰে প্ৰৱল প্ৰতাপী ঔৰংগজেৱৰ মোগল সেনাক পৰাভূত কৰিছিল ইয়াৰ কাহিনী উপন্যাসখনত বৰ্ণনা কৰা হৈছে৷ অসমৰ দৰে সৰু হিন্দু ৰাজ্য এখনে কেনেদৰে মোগলক হৰুৱাইছিল ইয়াকো ব্যাখ্যা কৰা হৈছে৷’ কুলপ্ৰীত যাদৱে কয় যে উপন্যাসখন হ’ব একচন আৰু ৰোমাঞ্চৰ সমাহাৰ৷ উপন্যাসখনত স্বৰ্গদেউ জয়ধবজ সিংহৰ কন্যা পদ্মিনীৰ লগত লাচিত ফুকনৰ প্ৰেমৰ সম্পৰ্কৰ কথাও উল্লেখ কৰা হৈছে৷ ভাৰতীয় নৌসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলপ্ৰীত যাদৱে সদৰি কৰিছে যে শীঘ্ৰেই এই উপন্যাসখনৰ ভিত্তিত বাহুৱলীৰ দৰে এখন ব্লকব্লাষ্টাৰ ছবিৰ নিৰ্মাণ হ’ব৷ হয়তো ছবিৰ নাম হ’ব ‘ব্ৰহ্মপুত্ৰ’৷ ৰাজামৌলিয়ে এই চিনেমাখন নিৰ্মাণ কৰাৰ সম্ভাৱনা আছে৷