Logo
image

প্ৰকৃত দেশদ্ৰোহী কোন? অৰ্ণৱক আক্ৰমণ শিৱসেনাৰ

আমাৰ অসম, ১৯ জানুৱাৰীঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা স্বত্ত্বাধিকাৰী অৰ্ণৱ গোস্বামীয়ে ভাৰতীয় চোৰাংচোৱাৰ তথ্য নিজে লৈ আৰু আনৰ সৈতে আদান-প্ৰদান কৰি দেশদ্ৰোহিতা কৰিছে বুলি মন্তব্য কৰিছে শিৱসেনাই৷ বিজেপিৰ সৈতে আৰু মোদী চৰকাৰৰ সৈতে ঘনিষ্ঠতাৰ সুযোগ গ্ৰহণ কৰি দেশৰ বিখ্যাত সাংবাদিকজনে জাতীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বুলিও মন্তব্য কৰিছে উদ্ধৱ থাকৰে নেতৃত্বাধীন হিন্দুত্ববাদী দলটোৱে৷ শিৱসেনাই অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰক কঠোৰ পদক্ষেপ ল’বলৈ আহ৩ান জনাইছে৷ শিৱসেনাৰ মতে, অৰ্ণৱ গোস্বামীয়ে বালাকোটত ভাৰতীয় বায়ু সেনা বাহিনীয়ে কৰা আক্ৰমণ, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ খবৰ চৰকাৰৰ ঘনিষ্ঠ ব্যক্তি অথবা শীৰ্ষ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা অনাটো দেশদ্ৰোহী কাৰ্যকলাপ৷ তেওঁৰ হাতত থকা সেই খবৰ আনলৈ প্ৰেৰণ কৰাটো তাতকৈও অধিক দেশদ্ৰোহিতা আৰু এই কাৰ্য জাতীয় নিৰাপত্তা বিঘ্নিত কৰিব পৰাকৈ ভয়ংকৰ বুলি কৈছে শিৱসেনাই৷ শিৱসেনাৰ সাংসদ তথা মুখপাত্ৰ সঞ্জয় ৰাউতে কয়– মই ভাবো আমাৰ দেশৰ জাতীয় নিৰাপত্তাৰ প্ৰতি প্ৰশ্নবোধক চিহ্ন থিয় কৰি দিছে সাংবাদিক অৰ্ণৱ গোস্বামীয়ে৷ সাংবাদিক হিচাপে যিবোৰ সংবেদনশীল খবৰ তেওঁ পোৱাটো অনুচিত সেই খবৰেই অৰ্ণৱে চৰকাৰৰ ঘৰৰ পৰা পাইছে৷  অধিকাংশ ক্ষেত্ৰত এনেবোৰ খবৰ আনকি প্ৰশাসনীয় শীৰ্ষ বিষয়াৰ পৰাও গোপনে ৰখা হয়৷ বালাকোটত চলোৱা আক্ৰমণৰ দৰে ঘটনা আছিল অত্যন্ত গোপনীয়৷ সেয়া তিনিওটা বাহিনীৰ মুৰব্বীৰ বাহিৰে আনকি   স্থলবাহিনী, বায়ুসেনাবাহিনী আৰু নৌবাহিনীৰ শীৰ্ষ বিষয়ায়ো অৰ্ণৱ গোস্বামীৰ দৰে আগতীয়াকৈ খবৰ পোৱা নাছিল৷ এনে ধৰণৰ খবৰ সেনাবাহিনীৰ কোনো বিষয়া জোৱানে আনলৈ আদান-প্ৰদান কৰাৰ খবৰ পালে তেওঁক কৰ্ট মাৰ্শ্বাল কৰা হয়৷ এতিয়া আমি দেখিছো অৰ্ণৱ গোস্বামীয়ে বালাকোট অভিযানৰ কথা আগতেই জানিছিল৷ অৰ্থাৎ তেওঁক চৰকাৰে সেই খবৰ দি জাতীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷’ সঞ্জয় ৰাউতে পুনৰ প্ৰশ্ন কৰে– ‘মই সুধিছো, এই ক্ষেত্ৰত আমাৰ দেশৰ গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ মতামত কি? তেওঁলোকে এই সংক্ৰান্তত দায়িত্বশীল পদক্ষেপ ল’বনে?  সেনাবাহিনীৰ বাবেও এই বিষয়টো অত্যন্ত উদ্বেগজনক৷ আমি জানিবলৈ বিচাৰিছো, অৰ্ণৱ গোস্বামীকো কৰ্ট মাৰ্শ্বাল কৰা হ’বনে?’ 

শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ত  বিজেপি আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰকো চোকা সমালোচনা কৰা হৈছে৷ তাত কোৱা হৈছে, বিজেপিৰ নেতা-মন্ত্ৰীয়ে যদি ভাবে জাতীয় নিৰাপত্তা সম্পৰ্কিত গোপন তথ্য আদান-প্ৰদান কৰা দেশদ্ৰোহ নহয় তেন্তেএই চৰকাৰ তেনেই দায়িত্বহীন৷ বিজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাতীয়তাবাদ আৰু জাতীয়তাবোধ তথা নিজৰ দলবাদ সন্দৰ্ভত থকা পাৰ্থক্যৰ বিচাৰ কৰি চোৱা উচিত৷ দল আৰু চৰকাৰ একে নহয়৷ বিজেপি চৰকাৰে দলীয় আৰু চৰকাৰী কাৰ্যকলাপ খিচিৰি কৰি পেলাইছে৷ সেই পাৰ্থক্য উপলব্ধি কৰি তেওঁলোকে জাতীয় নিৰাপত্তা সম্পৰ্কিত বিষয়সমূহ সাংবাদিকক যোগান ধৰি প্ৰচাৰ লাভ কৰাতকৈ সেয়া গোপনে ৰাখি দেশ শাসনৰ দায়িত্ববোধ শিকা উচিত৷