Logo
image

জোনমণি কাণ্ডৰ নতুন মোৰ: দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱে কোৱা কথাখিনি সঁচানে?, দ্বিতীয়া পত্নীৰ মন্তব্যত তোলপাৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ  ৰাজ্যজুৰি তোলপাৰ লগোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ ভাষ্যই আৰক্ষী মহলক বিমোৰত পেলোৱাৰ পাছত প্ৰণৱৰ দ্বিতীয়া পত্নীয়ে কৰা বিস্ফোৰক মন্তব্যই এতিয়া সৰ্বত্ৰ খলকনি তুলিছে। দ্বিতীয়া পত্নীগৰাকীয়ে সংবাদ মাধ্যমক স্পষ্টভাৱে কয় যে প্ৰণৱ দাসৰ প্ৰকৃত নাম পংকজ দাস ওৰফে নালিয়া। প্ৰণৱ নাম কেনেকৈ হ'ল তেওঁ নেজানে বুলি মন্তব্য কৰে। লগতে তেওঁ গাড়ী চলোৱাৰ কোনো নথি-পত্ৰ নাই বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে কয় যে নালিয়াই জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি সম্পূৰ্ণ মিছা মাতিছে। নালিয়াই বহুত মিছা কথা কয়। মিছা কথা কোৱাত নালিয়া এক নম্বৰৰ মানুহ বুলি উল্লেখ কৰে। নালিয়াই মোৰে সৈতে এতিয়ালৈকে ৭/৮ জনী মান বিয়া পাতিলে যদিও এজনী পত্নীকো লগত ৰখা নাই। ইয়াৰে এজনী পত্নী আৰু এটি শিশুৰ ইতিমধ্যে মৃত্যু হৈছে। নালিয়াৰ নিজৰ ঘৰতো সম্পৰ্ক ভাল নহয়।নালিয়া নিজৰ ঘৰলৈ যাৱ নোৱাৰে। 

ইফালে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ দিনা দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ সন্ধিয়া ঘৰৰ ওচৰৰ এখন ফাৰ্মাছিত খন্তেকৰ বাবে যোৱাৰ প্ৰমাণ পোহৰলৈ আহিছে, যিটো সময়ত প্ৰণৱ সন্ধিয়া গুৱাহাটীলৈ গাড়ী চলাই যোৱা বুলি উল্লেখ কৰিছিল। নিশা ঘূৰি আহোঁতে কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত জোনমণিৰ বাহন দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী হিচাপে জাহিৰ কৰা কথা ফাৰ্মাছিত থকা চিচি টিভি কেমেৰাই নহয় ফাৰ্মাছিত লগ পোৱা এজন লোকেও সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে। ইফালে বোকাখাতৰ ৰজাবাৰী গাঁৱৰ নামঘৰৰ এগৰাকী মুখিয়ালে সাংবাদিকক কয় যে সোমবাৰে নিশা প্ৰায় ৮/৯ মান বজালৈকে প্ৰণৱ দাস নামঘৰত আছিল। শিশুলীলা ভাওনাৰ সেইদিনা নাট মেলা হৈছিল। নাট মেলা পৰ্বত উপস্থিত থাকি প্ৰণৱে মাহ-প্ৰসাদ খাইছিল বুলি উল্লেখ কৰা কথাই প্ৰমাণ কৰে প্ৰণৱ দাস ওৰফে নালিয়াই মিছা মাতিছে। স্থানীয় কেইবাজনো লোকে কয় যে প্ৰণৱ দাস ইতিমধ্যে বহু কেইটা চুৰি গোচৰত অভিযুক্ত।