Logo
image

প্ৰথম কোৱালিফায়াৰত আজি কলকাতাৰ সন্মুখত ছানৰাইজাৰ্ছ

আহমেদাবাদ, ২১ মে’:  চলিত ছীজনত ধাৰাবাহিকভাৱে  সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা কলকাতা নাইট ৰাইডাৰ্ছ মঙলবাৰে আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ’ব৷ চলিত আই পি এলত একাধিক বাৰ ২৫০ৰ অধিক স্ক’ৰ কৰা ছানৰাজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে কে কে আৰৰ এই যুঁজ ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে৷ চলিত বৰ্ষত  প্ৰথমটো দল হিচাপে আই পি এলৰ প্লে-অফত স্থান নিশ্চিত কৰে কলকাতা নাইট ৰাইডাৰ্ছে৷ কিন্তু লীগৰ অন্তিম খেলত দেওবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে জয়েৰে পইণ্ট তালিকাত দ্বিতীয় স্থান লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আত্মবিশ্বাস এই মুহূৰ্তত তুংগত আছে৷ দেওবাৰে গুৱাহাটীত কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ আছিল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে৷ কিন্তু বৰষুণৰ বাবে এটাও বল নপৰাকৈ মেচখন বাতিল হয়৷ উল্লেখ্য, কে কে আৰে অন্তিমখন সম্পূৰ্ণ মেচ খেলিছিল ১১ মে’ত৷ বৰষুণৰ বাবে কলকাতা নাইট  ৰাইডাৰ্ছৰ শেহতীয়া দুখন মেচ বাতিল হৈছে৷ শ্ৰেয়স আয়াৰ নেতৃত্বাধীন দলটোৱে ইয়াৰ আগেয়ে ক্ৰমাগত চাৰিখন মেচত জয় অৰ্জন কৰিছিল৷ পইণ্ট তালিকাৰ শীৰ্ষ দল কলকাতাই [১৯ পইণ্ট] মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কোৱালিফায়াৰত নমাৰ পূৰ্বে নিশ্চয় ফিল ছল্ট অভাৱ অনুভৱ কৰিব৷ দলটোৰ হৈ দ্বিতীয় সৰ্বাধিক ৰান [৪৩৫] সংগ্ৰহ কৰিছে ছল্টে  কিন্তু টি-টুৱেণ্টী বিশ্বকাপৰ পূৰ্বে জাতীয় দলৰ প্ৰস্তুতিত অংশ লোৱাৰ লক্ষ্যৰে তেওঁ ইংলেণ্ডলৈ উভতিছে৷ ছল্টে  সুনীল নাৰাইনৰ [৪৬১] সৈতে সুন্দৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মেচখন বাতিল হোৱাত কলকাতাই নাৰাইনৰ সৈতে ৰহমানউল্লা গুৰবাজক পৰীক্ষা কৰি চোৱাৰ সুযোগ হেৰুৱালে৷ কলকাতাৰ হৈ মিডল অৰ্ডাৰত নিতীশ ৰানাই গ্ৰহণযোগ্য প্ৰদৰ্শন আগবঢ়াইছে৷ আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই দুৰন্ত প্ৰদৰ্শন আগবঢ়াইছে৷ প্ৰতিযোগিতাখনৰ চলিত ছীজনত কৰা প্ৰদৰ্শনেৰে উভয়েই ৰেকৰ্ড বুকত স্থান পাবলৈ সক্ষম হৈছে৷ অষ্ট্ৰেলিয়ান তাৰকা হেডে [৫৩৩ ৰান] প্ৰতিযোগিতাখনত এই পৰ্যন্ত এটা শতক আৰু চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে৷ সাহসী প্ৰদৰ্শন আগবঢ়াইছে  অভিষেকে [৪৬৭ৰান]৷ চলিত আই পি এলত তেওঁ ৪১টা ছিক্সাৰ কোবাইছে৷ দলটোৰ ৰাহুল ত্ৰিপাঠীৰ প্ৰদৰ্শন আশাজনক৷ হেনৰিচ ক্লাছেনে ফৰ্ম ঘুৰাই পোৱটো দলটোৰ বাবে ভাল খবৰ৷ যোৱা বছৰ বিশ্বকাপৰ ফাইনেলত দেখা গৈছিল আহমেদাবাদত পাছত বেটিং কৰা দল অধিক সফল হৈছে৷ ছবাৰৰ চাৰিবাৰত লক্ষ্য অনুসৰণ কৰা দল সফল হৈছে৷ কে কে আৰৰ দলত বেগী বলাৰৰ নেতৃত্বত আছে মিচেল ষ্টাৰ্ক৷ স্পিনাৰে সুন্দৰ সহযোগিতা আগবঢ়াইছে৷ আনহাতে, ছানৰাইজাৰ্ছ হায়দাৰাবাদ দলত পেচ আক্ৰমণৰ নেতৃত্বত আছে অধিনায়ক পেট কামিনছ৷ প্ৰতিযোগিতাখনত খোজ থৈ যোৱাৰ তেওঁ পূৰ্ণ প্ৰয়াস চলাইছে৷