শিক্ষিত নিবনুৱা আৰু শ্ৰেষ্ঠ ৰাজ্যৰ অলীক কল্পনা
অসম চৰকাৰে এক লাখ যুৱক-যুৱতীক চাকৰি প্ৰদানৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাক কাৰ্যকৰী কৰাৰ দিশে আগবঢ়াটো চাকৰি প্ৰয়াসীসকলৰ বাবে এক আশাৰ বতৰা৷ উল্লেখ্য, বিগত চৰকাৰসমূহৰ আমোলত বিশেষকৈ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত আৰু তাৰো পূৰ্বে অগপৰ দুটা শাসনকালত চৰকাৰী চাকৰিৰ নিযুক্তিৰ নামত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হৈছিল৷ অসম লোকসেৱা আয়োগকে ধৰি অন্যান্য বহু বিভাগত হোৱা ব্যাপক নিযুক্তি কেলেংকাৰিসমূহ বিজেপি নেতৃত্বাধীন চৰকাৰে উন্মোচিত কৰাৰ পাছত প্ৰতীয়মান হৈছে কিদৰে মেধা, যোগ্যতাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবিশ্বাস্য অনিয়মেৰে নিযুক্তি প্ৰদান কৰা হৈছিল৷ অৱশ্যে বৰ্তমানৰ চৰকাৰে সকলো ধৰণৰ চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে বৰ্তমান বিভিন্ন বিভাগৰ চাকৰিৰ বাবে লক্ষ লক্ষ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছে৷ ভৱিষ্যত দিনৰ বাবে এক কৰ্মদক্ষ, দায়বদ্ধ প্ৰশাসন সৃষ্টি কৰাৰ স্বাৰ্থত নিযুক্তি প্ৰক্ৰিয়াত কেৰোণ নথকাটো অতি গুৰুত্বপূৰ্ণ৷ ইতিমধ্যে বৰ্তমানৰ চৰকাৰে আৰক্ষী, শিক্ষা, বিত্ত, লোকনিৰ্মাণ জলসম্পদ, স্বাস্থ্য, জনস্বাস্থ্য, বন বিভাগ আদিত বহু হাজাৰ কৰ্মচাৰী, বিষয়া নিযুক্তি প্ৰদানৰ পাছত অচিৰেই পুনৰ কেইবা হাজাৰ যুৱক-যুৱতীক চৰকাৰে নিযুক্তি দিয়াৰ বাবে যো-জা চলাইছে৷ অসম লোকসেৱা আয়োগৰ যোগেদিয়েও চৰকাৰে এচিএছ, এপিএছকে ধৰি অন্যান্য পদসমূহৰ বাবে নিয়মীয়াকৈ পৰীক্ষাসমূহ অনুুষ্ঠিত কৰাৰ বাবে মেধাসম্পন্ন হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ ধন নিদিয়াকৈ, ঘোচ নিদিয়াকৈ চাকৰি লাভ কৰাটো অসম্ভৱ বুলি এক ধাৰণা সকলো শ্ৰেণীৰ লোকৰ মাজত সৃষ্টি হোৱাৰ সময়ত ইয়াৰ অৱসান ঘটাব পৰাটো চৰকাৰৰ বাবে ইতিবাচক হোৱাৰ লগতে সামাজিক উৎকৰ্ষ সাধনৰ বাবেও ই গুৰুত্বপূৰ্ণ৷ কিন্তু ৰাজ্যখনত ভয়াৱহ হাৰত শিক্ষিত নিবনুৱাকে ধৰি অন্যান্য নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এক প্ৰশ্নৰ উদয় হয় যে কেৱল চাকৰি প্ৰদানৰ যোগেদি নিবনুৱা সমস্যা সমাধান কৰাটো সম্ভৱ হ’বনে? কিছুদিন পূৰ্বে অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অধীনস্থ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ে যুগুতাই উলিওৱা প্ৰতিবেদনমতে চৰকাৰী পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ২২ লাখৰো অধিক৷ ২০২২-২৩ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা, অসম নামৰ প্ৰতিবেদনমতে ২০২০ চনৰ তুলনাত ২০২১ বৰ্ষত শিক্ষিত নিবনুৱাৰ সংখ্যা বহু বৃদ্ধি পাইছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ দুবছৰীয়া শাসনকালত নিবনুৱাৰ সংখ্যা ১২ লাখ বুলি প্ৰকাশ কৰিলেও প্ৰকৃতাৰ্থত এই সংখ্যা বহু বেছি হোৱাটো নিশ্চিত৷ তাৎপৰ্যৰ বিষয় প্ৰতি বছৰে কলেজ, বিশ্ববিদ্যালয়সমূহৰ পৰা বছৰি স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোকৰ লগতে কাৰিকৰী আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ পৰাও বহু যুৱক-যুৱতী শিক্ষা সমাপ্ত কৰাৰ পাছতো তেওঁলোকৰ শিক্ষা অনুসাৰে চাকৰি বা অন্যান্য নিয়োগ সংস্থাপন লাভ কৰাত ব্যৰ্থ হৈছে৷ ইতিমধ্যে অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা তৃতীয়বৰ্গ, চতুৰ্থবৰ্গৰ পদৰ পৰীক্ষাত স্নাতকোত্তৰ, আভিযান্ত্ৰিক স্নাতক, আইনৰ স্নাতকৰ লগতে আনকি ডক্টৰেট ডিগ্ৰীধাৰীয়েও অৱতীৰ্ণ হোৱাটোৱে মানৱ সম্পদৰ অপচয়ৰ লগতে কলেজ, বিশ্ববিদ্যালয়ৰ ডিগ্ৰীক এক প্ৰকাৰ মূল্যহীন কৰি তুলিছে৷
উপৰিউক্ত দৃশ্যপট অসমৰ বাবে অতি উদ্বেগজনক বিষয়৷ কাজেই ইয়াক প্ৰতিফলিত কৰিছে সাম্প্ৰতিক সময়ৰ অসমৰ সামাজিক পৰিস্থিতিয়ে৷ এফালে ভাল চাকৰি, পদমৰ্যাদা অধিকাৰ কৰাৰ পাছতো এচাম শিক্ষিত চাকৰিয়ালে দুৰ্নীতি, অনিয়মৰ লগতে ভয়ংকৰ অপৰাধত লিপ্ত হৈছে আৰু আন এচাম শিক্ষিত নিবনুৱাই হতাশগ্ৰস্ত হৈ ড্ৰাগছ, চুৰি-ডকাইতি, অপহৰণ আদিত লিপ্ত হৈছে৷ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ অন্যতম ৰূপে গঢ়ি তোলাৰ বাবে যি পৰিকল্পনা গ্ৰহণ কৰিছে তাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এনেবোৰ দিশে গভীৰ অন্তৰায়ৰূপে থিয় দিব৷ কেৱল হিতাধিকাৰী বৃদ্ধিৰ দ্বাৰা ৰাজনৈতিকভাৱেহে লাভান্বিত হ’ব পাৰি, ৰাজ্যৰ সাৰ্বিক উন্নয়নৰ ক্ষেত্ৰত হিতাধিকাৰীয়ে বিশেষ কোনো অৰিহণা আগবঢ়াব নোৱাৰে সেয়া ইতিমধ্যেই প্ৰমাণিত হৈছে৷ হিতাধিকাৰীৰ বোজা বহনৰ বাবে চৰকাৰে বিভিন্ন উৎসৰ পৰা লাভ কৰা ঋণৰ পৰিমাণ বৃদ্ধি কৰি গৈ আছে যাৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই৷ হিতাধিকাৰীৰ বাবে প্ৰয়োগ হোৱা ধনে উৎপাদনশীলতা বৃদ্ধি কৰাটো দূৰৈৰ কথা; বৰঞ্চ পূৰ্বে কৰ্মত লিপ্ত হৈ কৃষিকৰ্মকে ধৰি অন্যান্য খণ্ডত নিয়োজিত লক্ষ লক্ষ লোকে ইয়ালৈ পিঠি দিছে৷ এনে অৱস্থাৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ হেক্টৰ কৃষি উপযোগী ভূমি অনাদৃতভাৱে পৰি আছে আৰু ইয়াৰ বাবেও নিবনুৱাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে৷ উদ্যমিতাৰ বিকাশ, স্ব-নিয়োজনৰ বিভিন্ন আঁচনি গ্ৰহণ কৰি এচাম নৱ-প্ৰজন্ম আগবাঢ়িছে যদিও সেই সংখ্যা আশাপ্ৰদ নহয়৷ পৰিস্থিতি অনুধাৱন কৰি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে দেশৰ শ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম বুলি কৰা কল্পনা এক অলীক কল্পনাতহে পৰিণত হ’ব৷