Logo
image

মোদীৰ জনপ্ৰিয়তাক প্ৰশংসা বাইডেনৰ

আমাৰ অসম, ২২ মে’: কেৱল দেশতে নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশতো সমানেই জনপ্ৰিয়৷ স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে মোদীৰ জনপ্ৰিয়তাৰ কথা৷ জাপানত জি-৭ ৰাষ্ট্ৰৰ শীৰ্ষ সন্মিলনত ভাগ লোৱা নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ কথা নিজমুখে জো বাইডেন আৰু এণ্টনি আলবানিজে স্বীকাৰ কৰাৰ কথাই বাতৰিৰ শিৰোনাম দখল কৰিছে৷ মোদীক জাপানৰ হিৰোছিমাত সন্মুখত পাই মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে ক’লে– ‘আপুনিতো ভীষণ জনপ্ৰিয়৷ মই আপোনাৰ এটা অটোগ্ৰাফ ল’বই লাগিব৷ সম্পূৰ্ণ আমেৰিকা আপোনাৰ অপেক্ষাত৷ আপুনি ভাবিছে নেকি মই মস্কৰা কৰিছো? বিশ্বাস কৰক, ইমান ফোন মই জীৱনত পোৱা নাই৷ আপোনাৰ বৈঠকত উপস্থিত থাকিবলৈ বিচাৰি ইমান মানুহে ফোন কৰিছে, সেয়া দেখিয়েই মই আপোনাৰ প্ৰভূত জনপ্ৰিয়তাৰ উমান পাইছো৷’ আনহাতে, একে সুৰতে ক’লে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে৷ তেওঁ মোদীক ক’লে– ‘ছিডনীত আপুনি ২০,০০০ লোকৰ সন্মুখত বক্তৃতা দিব৷ কিন্তু মোক দেশৰ গণ্যমান্য ইমান নাগৰিকে সেই সভাত উপস্থিত থকাৰ বাবে ফোন কৰিছে, তেওঁলোকক কেনেকৈ যে স্থান দিম সেই উপাই নোহোৱা হৈছে৷’ উল্লেখ্য, জুনৰ প্ৰথমভাগতে মোদীয়ে আমেৰিকা আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব৷