Logo
image

মোদীৰ চৰণ স্পৰ্শ কৰি আদৰণি জনালে পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰীয়ে

'আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ মে’: ঃ পাপুৱা নিউগিনিত কেতিয়াও নিশাৰ অতিথি সাক্ষাৎ দামোদৰ নহয়৷ ওচেনিয়াৰ এই সমুদ্ৰবেষ্টিত দেশখনত নিশা গৈ উপস্থিত হোৱা ৰাষ্ট্ৰপ্ৰধানক ৰাজসিক আদৰণি জনোৱা নহয়৷ সেয়া পৰম্পৰা৷ কিন্তু ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত ব্যতিক্ৰম ঘটিল৷ মোদী জাপানৰ পৰা গৈ পাপুৱা নিউগিনিত উপস্থিত হ’ল নিশা দহ বজাত৷ নিশাৰ অতিথি মোদীক আদৰণি জনাবলৈ বিমানবন্দৰলৈ আহিল দেশখনৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপে৷ কেৱল আদৰণি জনাবলৈ অহাতে ক্ষান্ত নাথাকি প্ৰধানমন্ত্ৰী জেমছ মাৰাপেই বিমানবন্দৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভৰি চুই প্ৰনাম জনালে৷ অৱশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ততাতৈয়াকৈ তুলি ধৰি আঁকোৱালি লয়৷ পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰীজনে এনেদৰে মোদীৰ ভৰি স্পৰ্শ কৰাত বহুতেই আচৰিত হৈছে৷ পিছে এয়া ভাৰতীয় পৰম্পৰা বুলি জানিয়েই তেওঁ মোদীক ভৰি চুই সেৱা কৰা বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়– ‘মোক পাপুৱা নিউগিনিত যিদৰে আদৰণি জনালে সেয়া সদায় মনত ৰাখিম৷ মোৰ বাবে এয়া বিশেষ আদৰণি৷’ উল্লেখ্য, ২০২১ চনত পাপুৱা নিউগিনিক ভাৰতেই প্ৰথমে ক’ভিডৰ প্ৰতিষেধৰ বৃহৎ ভাণ্ডাৰ প্ৰদান কৰিছিল৷ দেশখনত ‘ফৰাম ফৰ ইণ্ডিয়া-পেচিফিক আইলেণ্ড কোঅপাৰেচন’ৰ শীৰ্ষ বৈঠকত অনুষ্ঠিত হ’ব৷ এই বৈঠকত মোদীয়ে অংশগ্ৰহণ কৰিব৷