Logo
image

লোকসভাৰ বাবে সাজু! বৰপেটাত অগপৰ শক্তি প্ৰদৰ্শন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, বৰপেটা, ২২ মে’: কংগ্ৰেছ অসমত আহিব নোৱাৰে৷  ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত যিদৰে বিকাশ হৈছে সেই বিকাশক ৰাইজে আকোৱালি লৈছে– এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ৷ দেওবাৰে বৰপেটাত অনুষ্ঠিত অসম গণ পৰিষদৰ এখন দলীয় কৰ্মীসভাত ভাষণ প্ৰদান কৰি অগপৰ সভাপতি বৰাই কয় যে,  ৮৫ চনৰ পিছত আমাৰ দলৰ বিপৰ্যয় হৈছিল৷ কিন্তু শিপা আমাৰ আছে৷ শিপা থাকিলে দলৰ কৰ্মীসকলে সাৰ-পানী দিলে দল শক্তিশালী হ’ব৷ অসম গণ পৰিষদৰ দল ৰাইজৰ তেজেৰে গঢ়া দল৷ এই দল কোনো হোটেলত বহি বহি গঢ়া দল নহয়৷ এই দলৰ মৃত্যু হ’ব নোৱাৰে৷ এই দল কৰ্মীয়েহে শক্তিশালী কৰিব৷ দললৈ নতুন তেজৰ আমদানি হৈছে৷ আমি সকলোৱে মিলি দলটোক সঠিকভাৱে আগুৱাই নিব লাগিব৷  আমাৰ মূল লক্ষ্য হৈছে লোকসভাত আমাৰ প্ৰতিনিধি নিশ্চিত কৰিব লাগিব৷ আমি মিত্ৰজোঁটত থাকিলেও আমাৰ অংশীদাৰিত্ব কম৷ ৰাজনৈতিক মিত্ৰতাত সংখ্যাৰ গুৰুত্ব থাকে৷ আমাৰ সংখ্যা বঢ়াবলৈ দলটোক শক্তিশালী কৰিবলৈ আপোনালোকেও চেষ্টা কৰিব লাগিব৷ ইপিনে কৰ্মী সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত অগপৰ সভাপতি গৰাকীয়ে কয় যে লোকসভাত আমি আমাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিম৷ সেই লক্ষ্য লৈ আমি কাম কৰিছো৷ সমষ্টি পুননিৰ্ধাৰণৰ পিছতহে অগপই কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব৷ আমি সকলো সমষ্টিতে সমভাৱে সাংগঠনিক কাম-কাজ চলাই আছো৷ মহাজোঁটত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অগপৰ সভাপতি গৰাকীয়ে কয় যে মহাজোঁটৰ অংশীদাৰ দলসমূহ কংগ্ৰেছেই সৃষ্টি কৰা দল৷ অগপক গালি পাৰি সেই দলবোৰৰ জন্ম হৈছে৷ মহাজোঁটত কেৱল দলকেইটাহে থাকিব কিন্তু মানুহ নাথাকিব৷ মানুহ এতিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লগত আছে৷ সদ্য ঘোষিত কৰ্ণাটক নিৰ্বাচনৰ ফলাফলক লৈ অতুল বৰাৰ মন্তব্য– কোনোবাখন ৰাজ্যত ক্ষমতালৈ আহিলেই কেন্দ্ৰতো চৰকাৰ সলনি হ’ব বুলি কোনো ৰাজনৈতিকভাৱে সচেতন লোকে চিন্তা নকৰে৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদে প্ৰতিটো লোকসভা সমষ্টিতে দলীয় কৰ্মীসভা অনুষ্ঠিত কৰিছে৷ সেই অনুসৰি দেওবাৰে বৰপেটাত বৰপেটা লোকসভা সমষ্টি ভিত্তিত সমষ্টিটোৰ অন্তৰ্গত দহটা বিধানসভাৰ দলীয় কৰ্মী সকলক লৈ এখন কৰ্মীসভা অনুষ্ঠিত কৰে৷ কৰ্মীসভাত অংশগ্ৰহণ কৰি দলটোৰ কাৰ্যকৰী সভাপতি কেশব মহন্তই কয় যে অসমত নিৰ্বাচনৰ আগতে কেইবাটাও আঞ্চলিক দলৰ জন্ম হৈছে৷ কিন্তু অসম গণ পৰিষদৰ দৰে সংগ্ৰামৰ মাজেৰে ছয়বছৰীয়া আন্দোলনৰ মাজেৰে কোনো আঞ্চলিক দল গঠন হোৱা নাই৷  কেতিয়াবা আমি ৰাইজৰ পৰা আঁতৰি আহিছো৷ কিন্তু আঁতৰি আহিব লগীয়াৰ কাৰণ হৈছে আমি নিজে৷ ৰাইজে আঁতৰাই পেলাব খোজা নাছিল৷ কিন্তু নিজৰ দোষত আমি আঁতৰিব লগীয়া হৈছে৷ ক্ষমতাত নাথাকোঁতেও আমি দুটা ভাগত ভাগ হ’বলগীয়া হৈছিল৷ দোষ আছিল আমাৰ নেতৃত্বৰ৷ ইয়াত ৰাইজৰ কোনো দোষ নাই৷ দলীয় কৰ্মীৰ কোনো দোষ নাই৷ দোষ আমাৰ নেতৃত্বৰ আছিল৷ কিন্তু এতিয়া আমি একেলগে একগোট হৈ থাকিব লাগিব৷ আন এগৰাকী জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সভাত ভাষণ প্ৰদান কৰি কয় যে,  আঞ্চলিক দল অবিহনে দিল্লীত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে৷ আমি বৰপেটা লোকসভা সমষ্টি ইউ ডি এফ মুক্ত কৰিব লাগিব৷ কংগ্ৰেছ মুক্ত কৰিব লাগিব৷ ১৪টা লোক সভা সমষ্টি আমি মিত্ৰজোঁটে দখল কৰিব লাগিব৷ প্ৰায় পাঁচ হাজাৰ দলীয় কৰ্মীৰ উপস্থিতিত বৰপেটাত আজি অনুষ্ঠিত এই দলীয় সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমলা কলিতা, কুমাৰ দীপক দাস, সত্যব্ৰত কলিতা, ডাঃ তাৰাপ্ৰসাদ দাস, ভুপেন ৰায়, গুণীন্দ্ৰ নাথ দাস, ড॰ তপন দাস, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাই, ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিণয়ন বৰউনা, মহিলা মৰ্চাৰ সভানেত্ৰী বৰদা কলিতা, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্ব আৰু বিষয়ববীয়াসকল উপস্থিত থাকে৷