Logo
image

ফাইজানৰ কবৰ খান্দিবলৈ ডিব্ৰুগড়ত বংগৰ তদন্তকাৰী

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২১ মে': অৱশেষত ৭ মাহৰ পিছত ন্যায়িক তদন্তৰ দিশে আগবাঢ়িছে আইআইটিৰ খড়গপূৰত মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ ঘটনা৷ দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হ’ল কলকাতাৰ এটা তদন্তকাৰী দল৷ কবৰ খান্দি উলিয়াব ফাইজান আহমেদৰ মৃতদেহ৷ ২০২২ চনৰ ১৪ অক্টোবৰত খড়গপূৰৰ আইআইটিৰ আন এটা ছাত্ৰাৱাসত উদ্ধাৰ কৰা হৈছিল তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চলৰ চেলিম আহমেদৰ পুত্ৰ ফাইজান আহমেদৰ অৰ্ধগলিত মৃতদেহ৷ প্ৰথম অৱস্থাৰ পৰাই পৰিয়ালৰ লোকে ফাইজানৰ মৃত্যু হত্যাকাণ্ড বুলি দাবী কৰি আহিছিল৷ ইফালে ঘটনাৰ দিনাই খড়গপূৰলৈ গৈ পৰিয়ালৰ লোকে মৃতদেহ আনি ১৬ অক্টোবৰত ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ কবৰস্থানত ছাত্ৰজনৰ জানাজা সম্পন্ন কৰা হৈছিল৷ ছাত্ৰজনৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এজাহাৰো দাখিল কৰিছিল পৰিয়ালৰ লোকে৷ শনিবাৰে কলকাতা উচ্ছ ন্যায়ালয়ে ছাত্ৰজনৰ মৃত্যু হত্যাকাণ্ড বুলি উল্লেখ কৰি দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰে৷ ইয়াৰ পিছতে কলকাতা আৰক্ষীয়ে চিআইডিৰ এটা দল সহিতে ফাইজানৰ মৃতদেহ খান্দি উলিয়াবলৈ দেওবাৰে উপস্থিত হয় ডিব্ৰুগড়ত৷  তদন্তকাৰী দলটোৱে ফাইজানৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিছে ফাইজান আহমেদৰ মাতৃয়ে৷ আনহাতে ফাইজানৰ মৃতদেহ কলকাতাৰ ফৰেনছিকত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব৷ ইফালে ফাইজানৰ মাতৃয়ে মৃতদেহটো ৰে’লত নিয়াৰ পৰিৱৰ্তে বিমানত লৈ যাবলৈ আহ৩ান জনাইছে৷ উল্লেখ্য যে, ফাইজান আহমেদ খড়গপূৰ আইআইটিৰ ছাত্ৰাৱাসৰ আৱাসী আছিল৷ ফাইজানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল লালা লাজপট ৰায় ছাত্ৰাৱাসৰ ২০৫ নং কোঠাত৷ য’ত ফাইজান সেই কোঠাটোৰ আৱাসী নাছিল৷ অৰ্থাৎ ছাত্ৰাৱাসৰ অন্য কোঠালৈ মাতি নি অতি পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে৷ আনহাতে ফাইজানৰ দেহত বহুকেইটা আঘাতৰ চিন প্ৰত্যক্ষ কৰাৰ কথা পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে৷ জানিব পৰামতে, আইআইটি খড়গপুৰৰ কম্পিউটাৰ ছায়েন্সৰ তৃতীয় বৰ্ষৰ ছাত্ৰ ফাইজান আহমেদে শিক্ষা প্ৰতিষ্ঠানটোত সংঘটিত হোৱা ৰেগিঙৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৰ সঞ্চালকলৈ পত্ৰ লিখিছিল৷ ফাইজানৰ এই পত্ৰৰ ভিত্তিত বহুকেইজন ছাত্ৰৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছিল শাস্তিমূলক ব্যৱস্থা৷ ফাইজানে সঞ্চালকলৈ লিখা এই অভিযোগৰ বাবে প্ৰতিশোধ ল’বলৈকে হত্যা কৰাৰ সন্দেহ কৰা হৈছিল৷ পৰিয়ালৰ লোকে লগতে জানিবলৈ দিয়ামতে, ১২ অক্টোবৰত ছাত্ৰজনৰ সৈতে পৰিয়ালৰ ফোনত কথা হৈছিল৷ আনহাতে ১৩ অক্টোবৰত পিতৃয়ে ফাইজানলৈ ফোন কৰিছিল যদিও তেওঁৰ ফোন বন্ধ পোৱাত পুত্ৰ পঢ়াশুনাত ব্যস্ত বুলি ভাবি লয়৷ কিন্ত ১৪ অক্টোবৰত পুৱা প্ৰায় ১০.৪৫ বজাত পৰিয়ালৰ লোকে হঠাতে লাভ কৰে ফাইজানৰ মৃত্যুৰ খবৰ৷ শেহতীয়াকৈ কলকাতা উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে সন্তোষ প্ৰকাশ কৰিছে ফাইজানৰ পিতৃ-মাতৃয়ে৷ অতি শীঘ্ৰে ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে দোষীয়ে উপযুক্ত শাস্তি পাব বুলিও উল্লেখ কৰিছে ফাইজানৰ পিতৃ-মাতৃয়ে৷