Logo
image

সমালোচকৰ ঘৰে ঘৰে যাব বিজেপি নেতা-কৰ্মী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’: লক্ষ্য ‘মিছন ১২’ সাকাৰ, ৩০ মে’ৰ পৰা আৰম্ভ হ’ব বিজেপিৰ মহা জনসম্পৰ্ক অভিযান৷ সম্পৰ্কক সমৰ্থনলৈ ৰূপান্তৰৰ চেষ্টা চলাব বিজেপিয়ে৷ ইয়াৰ বাবে প্ৰয়োজনত সমালোচকৰ ঘৰে ঘৰেও যাব বিজেপিৰ কাৰ্যকৰ্তা৷ ১১ হাজাৰ ঢুলীয়া বিহুৱতী, নৱ নিযুক্ত চাকৰিয়ালৰ সৈতেও বিজেপিয়ে স্থাপন কৰিব সম্পৰ্ক৷ ২০২৪ লোকসভাৰ নিৰ্বাচন সন্মুখত ৰাখি ৰাজ্যিক বিজেপিয়ে ৩০ মে’ৰ পৰা ৩০ জুনলৈ মাহজোৰা কাৰ্যসূচীৰে জনসম্পৰ্ক অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কাৰ্যতঃ কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতে দলীয় সংগঠন শক্তিশালী কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইমেজ জনমানসত পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে উঠি-পৰি  লাগিছে বিজেপি৷

কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ৯ বছৰ পূৰ্তি উপলক্ষে গ্ৰহণ কৰিছে এই মহা জনসম্পৰ্ক কাৰ্যসূচী৷ এই কাৰ্যসূচীৰ ব্যাপক ৰূপত সফল কৰি তুলিবলৈ বিজেপিৰ কাৰ্যকৰ্তাৰ প্ৰতি খোদ আহ্বান জনালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দলীয় কাৰ্যকৰ্তাৰ প্ৰতি উদ্দেশ্যি এনেদৰে কয় –‘ৰাইজৰ লগত আমাৰ সম্পৰ্কটো শুদ্ধ আৰু সুস্থ কৰি ৰাখিব লাগিব৷ মানুহৰ সুখ আৰু আনন্দত আমি যদি হাঁহিব শিকো, মানুহৰ দুখ আৰু বেদনাত আমি যদি কান্দিব শিকো–কোনো দল ৰাইজৰ পৰা  বিচ্ছিন্ন হ’বই নোৱাৰে৷ এই চিন্তাধাৰাৰে আমি আমাৰ দলটোক আগুৱাই লৈ যাব লাগিব৷ আমি মানুহৰ দুখৰ লগত সমভাগী হ’ব লাগিব৷’ বিজেপি দলক সমালোচনা কৰা তথা বিজেপি দলৰ পৰা আঁতৰি থকা সকলকো জনসম্পৰ্কৰ আওতালৈ আনিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়– ‘আমাৰ প্ৰভাৱী ছ’চিয়েল মিডিয়াৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় হ’ব লাগিব৷ প্ৰত্যেক লোকসভা সমষ্টিত ১০০০ ব্যক্তিৰ সৈতে আমি সম্পৰ্ক স্থাপন কৰিব লাগিব৷ আমি এই সকলৰ ওচৰলৈ যাব লাগিব যিসকল অকণমান মাজে মাজে আছে বা যিসকলে আমাক সমালোচনা কৰিছে৷ তেওঁলোকৰ ঘৰত গৈ আমি সম্পৰ্ক কৰিব লাগিব৷ সেই সম্পৰ্কক আমি সমৰ্থনলৈ ৰূপান্তৰিত কৰিব পাৰো৷ পঢ়িশুনি মেৰিটত চাকৰি পোৱা ৪৫ যাতে হাজাৰ যুৱক-যুৱতীক আমাৰ দলৰ পৰা সম্বৰ্ধনা জনোৱাটো অতিকে প্ৰয়োজনীয়৷ আমি ১০ জুনৰ পৰা জিলা পৰ্যায়ত বিহুত যোৱা ল’ৰা-ছোৱালীখিনিক আমি মাতি আনিম, সম্বৰ্ধনা জনাম৷ তেওঁলোকৰ বাবে আমি কিবা এটা ঘোষণা কৰি থৈছিলো সেইটোৱো আমি দিম৷ এই বিহুৱা-বিহুৱতীসকলোক আমাৰ দলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা উচিত৷ ইয়াতকৈ ডাঙৰ আমাৰ মহা সম্পৰ্ক একো নহ’ব৷’ প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে পূৰ্বেও বিজেপিয়ে এনেধৰণৰ জনসম্পৰ্ক কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ বিজেপি দলৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দলীয় কাম-কাজৰ টোপোলা লৈ ড॰ হীৰেন গোহাঁইৰো কাষ চাপিছিল৷