Logo
image

টোলগেটত ছবি নাই প্ৰণৱৰ, দৃশ্যমান বোকাখাততহে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ মে’: আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনা তথা মৃত্যুৰ ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা বোকাখাতৰ প্ৰণৱ দাসে মিছা মাতিছিল! প্ৰণৱ দাসে জোনমণি ৰাভাৰ দুৰ্ঘটনাটো তেওঁৰ চকুৰ সন্মুখত সংঘটিত হোৱা বুলি দাবী কৰিছিল যদিও সেয়া যে ভুৱা আছিল তাৰ স্পষ্ট তথ্য-প্ৰমাণ লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ দিনটোত প্ৰণৱে গুৱাহাটীলৈ অহাৰ কোনো প্ৰমাণেই দিব পৰা নাই তদন্তকাৰী আৰক্ষীক৷ প্ৰণৱে এ এছ ১২ চিচি ০৬৫৭ নম্বৰৰ যিখন টাটা এচি বাহনৰে গুৱাহাটীলৈ অহা বুলি দাবী কৰিছিল সেই বাহনখনৰ গৰাকী মণি বৰাই ইতিমধ্যে প্ৰণৱে উক্ত দিনা তেওঁ বাহনখন চলোৱা নাছিল বুলি আৰক্ষীক অৱগত কৰিছে৷ কেৱল ইমানেই প্ৰণৱ দাসে গুৱাহাটীৰ খানাপাৰালৈ বাহনখনত কাপোৰ কঢ়িয়াই নিছিল বুলি দাবী কৰিছিল যদিও খানাপাৰাৰ ক’ত আৰু কোন মানুহৰ কাপোৰ কঢ়িয়াই আনিছিল তাৰো কোনো সুদুত্তৰ দিব পৰা নাই আৰক্ষীক৷ আনকি ঘটনাৰ দিনা সোণাপুৰ আৰু ৰহা কোনো এখন টোল গেটৰে চিচি টিভিত প্ৰণৱ দাসে গাড়ী চলাই অহা ফুটেজ লাভ কৰা নাই আৰক্ষীয়ে৷ এই তথ্য-প্ৰমাণৰ ভিত্তিতে তদন্তকাৰী চি আই ডি ইতিমধ্যে নিশ্চিত হৈ পৰিছে যে প্ৰণৱ দাসে মিছাকৈয়ে জোনমাণি ৰাভাৰ দুৰ্ঘটনাটো দেখা পোৱা বুলি সংবাদ মাধ্যমৰ লগতে আৰক্ষীৰ সন্মুখতো মন্তব্য কৰিছিল৷ কি কাৰণত প্ৰণৱ দাসে এনে এটা স্পৰ্শকাতৰ ঘটনাৰ সন্দৰ্ভত মিছা কথা কৈ আৰক্ষীৰ লগতে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি ঘটনাকো ৰহণ দিয়াৰ চেষ্টা চলাইছিল তাক লৈ এতিয়া অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে৷ কি উদ্দেশ্যৰে প্ৰণৱ দাসে এনে ভয়ংকৰ মিছাৰ আশ্ৰয় লৈছিল তাৰ ৰহস্য উদঘাটন কৰাৰ বাবেও নামি পৰিছে চি আই ডি৷ সাধাৰণ দৃষ্টিত প্ৰণৱ দাসৰ মানসিক অৱস্থিতিক লৈও সন্দেহ প্ৰকাশ কৰিছে চি আই ডিয়ে৷ কৰ্মহীন প্ৰণৱ দাসৰ এই অসত্য ভাষ্যৰ আঁৰত আন কিবা ৰহস্য লুকাই আছে নেকি সেই দিশটোকো নিৰীক্ষণত ৰাখিছে তদন্তকাৰী আৰক্ষীয়ে৷ সেয়েহে এই সকলো দিশৰ বিজ্ঞানসন্মত বিশে¡ষণৰ বাবে এতিয়া প্ৰণৱ দাসৰ মানসিক স্থিতি পৰীক্ষা কৰিবলৈ মনোৰোগ বিশেষজ্ঞৰ সহায় ল’ব চি আই ডিয়ে৷ অৰ্থাৎ মনোৰোগ বিশেষজ্ঞৰ পৰা পৰীক্ষা কৰিব প্ৰণৱ দাসক৷ ইতিমধ্যে ঘটনাৰ দিনা নিশা বোকাখাতৰ গাঁৱৰ নামঘৰত প্ৰণৱ দাসে মাহ প্ৰসাদ খাইছিল বুলিও সদৰী কৰিছে স্থানীয় ৰাইজে৷ আনকি প্ৰণৱ দাসৰ প্ৰকৃত নাম পংকজ দাস ওৰফে নালীয়া বুলি জানিবলৈ দিছে প্ৰণৱ দাসৰ দ্বিতীয় পত্নী বুলি দাবী কৰা এগৰাকী মহিলাই৷ মহিলাগৰাকীয়ে প্ৰণৱ দাসে ইতিপূৰ্বে সাত-আঠগৰাকীক বিয়া কৰোৱা বুলিও বিস্ফোৰক মন্তব্য কৰিছে৷ ইফালে প্ৰণৱ দাসে ঘটনাৰ দিনা বোকাখাতৰ এখন ফাৰ্মাচীত ঔষধ লোৱাৰ বাবে প্ৰৱেশ কৰাৰ দৃশ্য চিচি টিভিত বন্দী হৈছে৷ আটাইতকৈ আশ্চৰ্যজনক বিষয়টো হৈছে বোকাখাতৰ গাঁৱৰ একাংশ লোকে প্ৰণৱ দাস প্ৰকৃততে এটা চোৰ বুলিও দাবী কৰিছে৷

জোনমণিৰ মাতৃৰ ভাষ্য গ্ৰহণ আৰক্ষীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক: আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আইলৈ হস্তান্তৰ কৰিলেও অসম আৰক্ষীৰ ফালৰ পৰা চি আই ডিয়েও নিজাববীয়া তদন্ত অব্যাহত ৰাখিছে৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা প্ৰকৃততে দুৰ্ঘটনা নে হত্যাকাণ্ড তাৰ তথ্য উদঘাটনৰ বাবে অনুসন্ধান অব্যাহত ৰখাই নহয়, আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ বাবে কোনো দায়ী নেকি সেই দিশটোকো তদন্তৰ আওতাত ৰাখিছে চি আই ডিয়ে৷ ইফালে জোনমণি ৰাভাৰ মাতৃয়ে কন্যাক হত্যা কৰাৰ অভিযোগ তুলি আৰু এই হত্যাৰ বাবে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধে জখলাবন্ধা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিতো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ জখলাবন্ধা থানাত ৰুজু হোৱা এই গোচৰটোৰ সংক্ৰান্তত দেওবাৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈয়ে কাহিলীপাৰাৰ বাসগৃহত জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাৰ সাক্ষ্য গ্ৰহণ কৰে৷ আৰক্ষী বিষয়াজনে প্ৰায় এঘণ্টা সময় জোনমণিৰ মাতৃৰ পৰা জবানবন্দী লিপিবদ্ধ কৰে৷ আৰক্ষীয়ে ভাষ্য লিপিবদ্ধ কৰিলেও এছ পি লীনা দলেৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দেওবাৰেও সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰে জোনমণিৰ মাতৃয়ে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জোনমণিৰ মাতৃয়ে কয়–‘মোৰ ছোৱালীজনীৰ উপাৰ্জনৰ পৰাই পৰিয়ালটো চলিছিলো৷ এতিয়া অসুখীয়া ল’ৰাটোক লৈ মই কেনেদৰে চলিম৷ লীনা দলেক এখন জিলাৰ আন এখন জিলালৈ বদলি কৰাটোৱেই শাস্তি হ’ব নেকি? মুখ্যমন্ত্ৰীৰ পৰা আজিলৈ সঠিক কোনো উত্তৰ পোৱা নাই৷ মই বিছাৰিছো তদন্ত ভালদৰে হওক৷ লীনা দলেক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? লীনা দলে ভগৱান নেকি, তেওঁকয়ে গ্ৰেপ্তাৰ নকৰে? ইফালে দেওবাৰে জোনমণিৰ ৰাভাৰ ঘৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নেতৃত্বত কংগ্ৰেছৰ এটা দল উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জনায়৷ লক্ষণীয়ভাৱে হাইলাকান্দিলৈ বদলি কৰাৰ পাছতেই দেওবাৰে নগাঁও ত্যাগ কৰে এছ পি লীনা দলেয়ে৷ নগাঁৱৰ বাসগৃহ ত্যাগ কৰাৰ পূৰ্বে নগাঁৱত বহু ভাল অভিজ্ঞতা হ’ল বুলি সদৰী কৰি জীৱনত ভাল বেয়া থাকেই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে৷

প্ৰণৱ দাস ওৰফে নালিয়াৰ দ্বিতীয় পত্নীৰ বিস্ফোৰণ 

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গোলাঘাট: নিজকে এছ আই জোনমণি ৰাভাৰ গাড়ী দুৰ্ঘটনাৰ ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী হিচাপে দাবী কৰা বোকাখাটৰ প্ৰণৱ দাস সম্পৰ্কত সম্প্ৰতি কেতবোৰ ৰহস্যজনক মন্তব্য আহি পৰিছে৷ আজি গোলাঘাট নগৰত মিনতি দাস নামৰ এগৰাকী মহিলাই প্ৰণৱ দাস সম্পৰ্কত সাংবাদিকৰ সন্মুখত কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে৷ প্ৰণৱৰ দ্বিতীয় পত্নী বুলি দাবী কৰা মিনতিৰ পোনপটীয়া অভিযোগ– প্ৰণৱ দাস এটা মিছলীয়া৷ তাৰ নামো প্ৰণৱ নহয়, পংকজ ওৰফে নালিয়া দাসহে, সকলোৱে তেওঁক নালিয়া দাস হিচাপেই চিনি পাই৷ নালিয়াৰ ৭-৮ গৰাকী পত্নী আছে বুলি দাবী কৰি মিনতিয়ে কয় এগৰাকী বিয়া পাতি থোৱা অৱস্থাতো নালিয়াই চলাহি কথাৰে মিনতিক বিয়া কৰাই আনিছিল যদিও ১০ বছৰ মানৰ আগতেই এৰি দিলে৷ যাৰ বাবে দুটি সন্তানৰ মাতৃ মিনতিয়ে ল’ৰাটো আশ্ৰমত ৰাখি, ছোৱালীজনীক লগত লৈ গোলাঘাটৰ হোটেলে হোটেলে কাম কৰি ফুৰে৷ ইফালেদি প্ৰণৱে পূৰ্বতে গাড়ীত আছিলহে, গাড়ী চলাব নাজানিছিল বুলিও জানিবলৈ দি মিনতিয়ে কয় যে নালিয়াই সকলোকে মিচা মাতি দম্ভালি মাৰি ফুৰে৷ জোনমণি ৰাভাৰ দুৰ্ঘটনা সন্দৰ্ভত কোৱা কথাখিনিও মিছাই হ’ব বুলি দ্বিতীয় পত্নী মিনতি দাসে দাবী কৰিছে৷

‘আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদকৰ সংযোজন: প্ৰণৱ দাস ওৰফে পংকজ দাসৰঁ গাড়ী চলোৱাৰ কোনো লাইচেন্সো নাই বুলি উল্লেখ কৰিছে তেওঁৰ দ্বিতীয় পত্নী গৰাকীয়ে৷ তেওঁ কয় যে জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি প্ৰণৱ ওৰফে নালিয়াই সম্পূৰ্ণ মিছা মাতিছে৷ নালিয়াই বহুত মিছা কথা কয়৷ মিছা কথা কোৱাত নালিয়া এক নম্বৰৰ মানুহ বুলি উল্লেখ কৰে তেওঁৰ দ্বিতীয় পত্নীয়ে৷ ঘটনাৰ দিনা সন্ধিয়া ঘৰৰ ওচৰৰ এখন ফাৰ্মাচীলৈ তেওঁ খন্তেকৰ বাবে যোৱাৰ প্ৰমাণ পোহৰলৈ আহিছে৷ যিটো সময়ত প্ৰণৱ সন্ধিয়া গুৱাহাটীলৈ গাড়ী চলাই যোৱা বুলি উল্লেখ কৰিছে৷ নিশা ঘূৰি আহোঁতে কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত জোনমণিৰ বাহনখনৰ দুৰ্ঘটনা প্ৰত্যক্ষদৰ্শী হিচাপে জাহিৰ কৰিছে সেয়া সকলো মিছা বুলি ফাৰ্মাচীত থকা চিচি টিভিৰ কেমেৰাই পোহৰলৈ আনিছে৷ আনহাতে ফাৰ্মাচীত লগ পোৱা এজন লোকে প্ৰণৱ গুৱাহাটীলৈ যোৱা কথাটো সম্পূৰ্ণ মিছা বুলি দাবী কৰা কথাই ৰহস্যৰ সৃষ্টি কৰিছে৷ ইফালে বোকাখাতৰ ৰজাবাৰী গাঁৱৰ নামঘৰৰ এগৰাকী মুখিয়ালে সাংবাদিকক কয় যে সোমবাৰে নিশা ৮-৯ মান বজালৈকে প্ৰণৱ দাস নামঘৰতে আছিল৷ শিশু লীলা ভাওনাৰ সেইদিনা নাটমেলা হৈছিল৷ নাটমেলা পৰ্বত উপস্থিত থাকি প্ৰণৱে মাহ-প্ৰসাদ খাইছিল বুলি উল্লেখ কৰা কথাই প্ৰমাণ কৰে প্ৰণৱ দাস ওৰফে নালিয়াই মিছা মাতিছে৷ স্থানীয় কেইবাজনো লোকে প্ৰণৱ দাস ইতিমধ্যে বহুকেইটা চুৰি গোচৰত অভিযুক্ত বুলিও দাবী কৰে৷