Logo
image

কেঁচা অমিতাৰ পৰা এইবোৰ উপকাৰ পোৱা যায়

অমিতাৰ উপকাৰী গুণৰ বিষয়ে প্ৰায়ভাগেই জানে৷ গেষ্ট্ৰিক, বদহজমৰ কষ্ট, শালমন আৰু ছালৰ দাগ দূৰ কৰাৰ বাবে বহুতে অমিতা খায়৷ কিন্তু পকা অমিতাতকৈ কেঁচা অমিতা যে অধিক উপকাৰী সেয়া হয়তো বহুতেই নাজানে৷ উল্লেখ কৰা হ’ল নিতৌ কেঁচা অমিতা খালে পাব পৰা উপকাৰিতাসমূহ–

- কেঁচা অমিতাই দেহত জমা হোৱা ছডিয়াম দূৰ কৰাত সহায় কৰে৷ ফলত হৃদপিণ্ড সুস্থ থাকে৷ ছডিয়ামে হৃদযন্ত্ৰৰ সমস্যা বঢ়ায়৷ তদুপৰি কেঁচা অমিতা খালে দেহত তেজৰ সৰবৰাহ নিয়ন্ত্ৰণ হৈ থাকে৷ 

- নিতৌ কেঁচা অমিতা খোৱাৰ অভ্যাসে উচ্ছ ৰক্তচাপৰ সমস্যা নাইকিয়া কৰে৷ 

- কেঁচা অমিতাত বিভিন্ন ধৰণৰ প্ৰাকৃতিক এনজাইম থাকে৷ ইয়াৰ ভিতৰত দুটা উল্লেখযোগ্য এনজাইম হৈছে ছাইম’পেপিন আৰু পেপিন৷ এই দুবিধ এনজাইমে প্ৰ’টিন চৰ্বি আৰু কাৰ্বহাইড্ৰেট ভঙোৱাত সহায় কৰে৷ 

- নিতৌ কেঁচা অমিতা খালে ছালৰ সমস্যা আঁতৰ হয়৷ বিশেষকৈ শালমন আৰু ছালত হোৱা দাগ দূৰ কৰে কেঁচা অমিতাই৷ দৈনিক পুৱা দুই বা তিনি টোপাল কেঁচা অমিতাৰ আঠা পানীৰ সৈতে মিহলাই খালে ভোক বাঢ়ে আৰু হজম শক্তি বৃদ্ধি পায়৷ 

- কেঁচা অমিতা বা ইয়াৰ জুছে তেজত শৰ্কৰাৰ মাত্ৰা কমায়৷ লগতে ইনছুলিনৰ পৰিমাণ বৃদ্ধি কৰে৷ কেঁচা অমিতাত থকা ফাইবাৰে ক্ৰ’নিক কোষ্ঠকাঠিন্য, এচিডিটি, পাইল্‌ছ আৰু ডায়েৰিয়া দূৰ কৰাত সহায় কৰে৷

- নিতৌ দুপৰীয়া আৰু ৰাতি খোৱাৰ পাছত এটুকুৰা কেঁচা অমিতা চোবাই খাই এগিলাচ পানী খালে পিছদিনা পুৱা পেট পৰিষ্কাৰ হয় লগতে গেষ্টি˜ক আৰু বদহজমৰ কষ্ট নাইকিয়া হয়৷