Logo
image

৫৯৬ নম্বৰ লাভেৰে মেট্ৰিকত প্ৰথম স্থান দখল কৰি ঢেকিয়াজুলিলৈ গৌৰৱ কঢ়িয়ালে হৃদম ঠাকুৰীয়াই

ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰি শ্বহীদ নগৰী ঢেকীয়াজুলিলৈ সুনাম কঢ়িয়াই আনিলে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে সোমবাৰে পুৱা ১০ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই নিকেতনখনত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায় ৷ হৃদম ঠাকুৰীয়াৰ এই সাফল্যত নিকেতনখনৰ ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্যসকল আনন্দিত হৈ পৰে ৷ আচাৰ্য-আচাৰ্যাসকলে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত মিঠাই বিতৰণ কৰা দেখা যায় ৷ 

নিকেতনৰ প্ৰাংগনত পুৱাৰে পৰা উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ প্ৰকাশিত ফলাফল অনুসৰি ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই ৬০০ নম্বৰৰ ভিতৰত ৫৯৬ নম্বৰ লাভ কৰে ৷ মেধাৱী ছাত্ৰজনে অসমীয়াত ৯৮, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, ঐচ্ছিক গণিতত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু বিজ্ঞানত ৯৮ নম্বৰ লাভ কৰে ৷ ছাত্ৰ হৃদম ঠাকুৰীয়াৰ এই সাফল্যৰ পিছত ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গিৰীন্দ্ৰ চন্দ্ৰ শৰ্মা আৰু উপ-প্ৰধান আচাৰ্য ৰাজীৱ দাসে সাংবাদিকৰ আগত কয় যে শিক্ষা পদ্ধতি ভাল হ’লে ফলাফলো ভাল হ’ব ৷  আজি হৃদম ঠাকুৰীয়াৰ ফলাফলে নিকেতনখনৰ সুনাম বৃদ্ধি কৰিলে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে, হৃদম ঠাকুৰীয়াই নিকেতনখনত অংকুৰ শ্ৰেণীৰ পৰা অধ্যয়ন কৰিছিল ৷ অংকুৰ শ্ৰেণীত পাঠদান কৰা শ্ৰেণী আচাৰ্যা ববিতা শইকীয়াই কয় যে হৃদম ঠাকুৰীয়া সদায় নিকেতনলৈ আহিছিল ৷ ছাত্ৰজন কোনো দিনে শ্ৰেণীত অনুপস্থিত নাছিল ৷ ছাত্ৰজন আত্ম বিশ্বাসী আছিল ৷ সংগীতৰ লগতে কুইজ,তৰ্ক, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আদিত ছাত্ৰজন বৰ আগ্ৰহী ৷ নিকেতনত অনুষ্ঠিত তৰ্ক, কুইজ,আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি হৃদম ঠাকুৰীয়াই প্ৰথম স্থান দখল কৰিছিল বুলি আচাৰ্যাগৰাকীয়ে জানিবলৈ দিয়ে। ঢেকীয়াজুলি অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আয়োজন কৰা শৈক্ষিক প্ৰতিযোগিতাত হৃদম ঠাকুৰীয়াই ভাগ লৈছিল আৰু শ্ৰেষ্ঠ বিবেচিত হৈছিল বুলি আচাৰ্যাগৰাকীয়ে জানিবলৈ দিয়ে ৷