Logo
image

পিতৃৰ চকুত আনন্দৰ চকুলোঃ ফুচকা বিক্ৰী কৰি পৰিয়াল চলোৱা কন্দৰ্পৰ জীয়াৰী পল্লৱীয়ে পালে ৬ টা বিষয়ত লেটাৰ নম্বৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যা সন্তানে৷ নাম পল্লবী ধৰ। কলিয়াবৰ মিলন নগৰৰ নিৱাসী কন্দৰ্প ধৰ আৰু উজ্জ্বলা ধৰৰ কন্যা পল্লৱী ধৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ টা বিষয়ত লেটাৰ নম্বৰসহ ৫১৭ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছ। 

পিতৃ কন্দৰ্প ধৰে কলিয়াবৰ তিনিআলিত এখন ফুচকা দোকান আৰু মাতৃ উজ্জ্বলা ধৰে ঘৰতে দৰ্জীৰ কাম কৰি পৰিয়ালটো পোহপাল দি কন্যাক কষ্টৰে পঢ়ুৱাইছিল। আনৰ মাটিত এটা জুপুৰি ঘৰ সাজি কেৰাচিন তেল আৰু মমবাতিৰ পোহৰত পঢ়া-শুনা কৰিছিল ছাত্ৰীগৰাকীয়ে। ইফালে কলিয়াবৰৰ গাড়িকুৰী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়াল দীপক বৰা আৰু সবিতা বসুমতাৰী বৰাৰ একমাত্ৰ পুত্ৰ গৌৰৱ বৰাই কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবেলি মেট্ৰিকত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ ৫০৫ নম্বৰেৰে ষ্টাৰ মাৰ্কলৈ উত্তীৰ্ণ হৈছে। দীপক বৰাই গাড়ীৰ চালকৰ কাম কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে অতি কষ্টৰে পঢ়ুৱাইছিল গৌৰৱক৷ গৌৰৱৰ ফলাফলত সুখী পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী৷