Logo
image

আজাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত ১

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী  থিতাতে নিহত হয়। নিহত চাইকেল আৰোহীজনক আজাৰা থানাৰ অন্তৰ্গত বৰিপাৰাৰ হেমন্ত দাস (৩৮) বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত খবৰ মতে, পুৱা প্ৰায় ১০:৩০বজাত এ এছ ০১ বি এল ৯৮১৮ নম্বৰৰ অল্ট  বাহন এখনে আজাৰাৰ পৰা ৰাণীগেট অভিমুখে গৈ থকা এজন চাইকেল আৰোহীক পিছফালৰ পৰা তীব্ৰ বেগত খুন্দা মাৰে। ফলত চাইকেল আৰোহী হেমন্ত দাস  ওফৰি গৈ গাড়ীখনৰ আইনা ভাঙি মূৰটো ভিতৰত সোমাই থিতাতে নিহত হয়। পিছত আজাৰা থানাৰ যান-বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। আনহাতে, পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হেমন্ত দাসে মৃত্যুৰ সময়ত পত্নী আৰু ৬ বছৰীয়া এটি কন্যা সন্তান এৰি থৈ যায়। তেওঁৰ মৃত্যুত  অঞ্চলটোত শোকৰ ছা পৰিছে।