Logo
image

মেট্ৰিকত উত্তীর্ণ হ'ব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল'লে এগৰাকী ছাত্ৰীয়ে

ডিজিটেল সংবাদ, শিলচৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হ'ব নোৱাৰি জীৱনৰ চূড়ান্ত সিদ্ধান্ত ল'লে এগৰাকী ছাত্ৰীয়ে৷ বৰাক নৈত জাপ দি আত্মহত্যাৰ পথ বাছি ল'লে ছাত্ৰীগৰাকীয়ে ৷ এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ গনিৰগ্ৰামত ৷ আত্মহত্যাৰ পথ বাছি লোৱা ছাত্ৰীগৰাকীৰ নাম আচমা বেগম বৰভূঞা বুলি জানিব পৰা গৈছে ৷ গনিৰগ্ৰাম জে আৰ এইচ স্কুলৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিছিল ছাত্ৰীগৰাকী ৷ সোমবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই মেট্ৰিকত অনুতীৰ্ণ হোৱা বুলি জানিবলৈ পায়  আত্মহত্যাৰ পথ বাছি লয় আচমাই৷ ফলাফলত হতাশ হৈ ওচৰত থকা বৰাক নৈ ত মৰণ জাপ দিয়ে আচমাই ৷ পিছত ঘটনাস্থলীত উপস্থিত হয় এছডিআৰএফ বাহিনী। আচমাৰ সন্ধানত বৰাক নৈত সন্ধান অভিযান চলায় এছডিআৰএফে ৷ পিছত দুঘন্টামান অভিযান চলাই ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে এছডিআৰএফৰ জোৱানে।