Logo
image

নকল সোণক লৈ ব্যস্ত, লখিমপুৰত আচল সোণ লৈ পলাল মেনেজাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’: লখিমপুৰত এইবাৰ নকল সোণ নহয়, আচল সোণ লৈ পলাল বেংকৰ বিষয়া৷ যি ঘটনাই লখিমপুৰত গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, লখিমপুৰ নগৰৰ চি ডি ৰোডৰ ৬ নং ৱাৰ্ডৰ পাৰুল কমপ্লেক্সত থকা আৰ্শীবাদ গ’ল্ড লোণৰ মেনেজাৰে কোটি টকাৰ সোণ আৰু নগদ ধন লৈ পলায়ন কৰাত সোমবাৰে বেংকটোত গ্ৰাহকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বেংকটোৰ শাখা প্ৰৱন্ধক যোৰহাটৰ অবিনাশ মহন্তই বিগত চাৰিদিন পূৰ্বেই শাখাটোৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ লগতে নগদ ধন লৈ পলায়ন কৰাৰ পাছত লখিমপুৰ আৰক্ষীয়ে বেংকটো ছীল কৰাৰ লগতে শাখাটোৰ চাৰিজন কৰ্মচাৰীক থানালৈ আটক কৰি লৈ যায়৷ প্ৰাপ্ত তথ্য অনুসৰি, ২০২১ চনৰ নৱেম্বৰ মাহত পাৰুল কমপ্লেক্সত মুকলি কৰা এই আৰ্শীবাদ গ’ল্ড লোণৰ শাখাটোত বিভিন্ন গ্ৰাহকৰ পৰা সোণ জমা লৈ নগদ ধনৰ ঋণ আদায় দি অহা হৈছিল৷ এনেদৰে প্ৰায় ৪-৫শ গ্ৰাহকে শাখাটোত নিজৰ সোণ বিশেষকৈ মহিলাসকলে কাণফুলি, নেকলেচ, আঙুঠি, চেইন আদি সোণৰ আ-অলংকাৰ জমা দি তাৰ বিনিময়ত নগদ ধনৰ ঋণ লৈ আহিছিল৷ প্ৰতিজন গ্ৰাহকে শাখাটোৰ পৰা এটোলা সোণৰ বিপৰীতে ৬০ শতাংশ ঋণ লাভ কৰি  আহিছিল৷ বহু এজেণ্টৰ জৰিয়তেও শাখাটোৱে সোণ সংগ্ৰহ কৰি জমা ৰাখিছিল৷ এনে এটা শাখা হঠাতে বন্ধ হৈ যাব বুলি গ্ৰাহকসকলে কল্পনা কৰা নাছিল৷ পৰিতাপৰ কথা যে প্ৰায় ৪-৫ দিনৰ পূৰ্বে বেংকৰ শাখাটোৰ মেনেজাৰ অবিনাশ মহন্ত অন্তৰ্ধান হোৱাৰ পাছত গ্ৰাহকসকলে বেংকত উপস্থিত হৈ নিজৰ জমা সোণ ঘূৰাই বিচৰাত উৰহি গছৰ ওৰ ওলাই পৰে৷ গ্ৰাহকসকলে জানিব পাৰে যে তেওঁলোকে শাখাটোত জমা ৰখা নিজৰ আ-অলংকাৰ তথা সোণসমূহ বেংকৰ শাখা প্ৰৱন্ধক মহন্তই লৈ পলায়ন কৰিছে৷ এই কথা গ্ৰাহকসকলৰ অৱগত হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু আজি শাখাটোত এনে গ্ৰাহকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত লখিমপুৰ আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শাখাটো ছীল কৰি শাখাটোৰ চাৰিজন কৰ্মচাৰীক থানালৈ লৈ যায়৷ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি শাখা প্ৰৱন্ধকজনে ২১ টোপোলা সোণৰ লগতে ২৮ লাখৰো অধিক টকা লৈ পলায়ন কৰিছে৷ গ্ৰাহকসকলে গ্ৰহণ কৰা ঋণৰ সুদ জমা দি অহাৰ বাবেই শাখাটোত বৃহৎ পৰিমাণৰ নগদ ধন জমাসূত্ৰে প্ৰৱন্ধকজনে এনে দুষ্কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হয়৷ ভুক্তভোগী গ্ৰাহকে আজি অৱগত কৰে যে বেংকটোত তেওঁলোকে নিজৰ সোণ জমা দিয়াৰ সময়ত নিৰ্দিষ্ট একোটা বাকচত সোণখিনি ভৰাই বেংকৰ বিষয়া-কৰ্মচাৰী আৰু গ্ৰাহকজনৰ উপস্থিতিত ছীল কৰা হৈছিল যদিও আজি আৰক্ষীয়ে বেংকৰ লকাৰ খোলাৰ সময়ত গ্ৰাহকসকলে পলিথিনৰ পেকেটতহে সোণসমূহ পূৰ্বে জমা থোৱাতকৈ অতি কমকৈ দেখা পায়৷ ইফালে উত্থাপিত অভিযোগ অনুসৰি বেংকৰ শাখা প্ৰৱন্ধকজনে প্ৰায়ে শনিবাৰে গুৱাহাটীৰ দুগৰাকী মহিলাক বেংকটোত সোণ বিক্ৰী কৰি আহিছিল৷ একাংশ গ্ৰাহকক বেংকটোৱে কয় যে যিসকল গ্ৰাহকে নিৰ্ধাৰিত সময়ত নিজৰ ঋণ পৰিশোধ কৰিব নোৱাৰে তেনে গ্ৰাহকৰ জমা ৰখা সোণ নিলামত বিক্ৰী কৰি অহিছিল৷ প্ৰকৃততে গ্ৰাহকক আভুৱা দি এনেদৰে প্ৰতি শনিবাৰে গ্ৰাহকৰ জমা সোণ প্ৰৱঞ্চনাৰে বিক্ৰী কৰা হৈছিল৷ এই সন্দৰ্ভত আজি ভুক্তভোগী গ্ৰাহকসকলে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে৷

লখিমপুৰত ১২ ঘণ্টাত ধৃত চোৰাং সোণৰ তিনি বেপাৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ: দেওবাৰে নিশা প্ৰায় ৮ বজাত লখিমপুৰ জিলাত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৰ্তব্যত যোগদান কৰাৰ ১২ ঘণ্টাৰ ভিতৰতে আজি ৩ টাকৈ নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নকল সোণৰ বেহাৰ বিৰুদ্ধে আজি অভিযান চলাই তেওঁ জিলাখনৰ বঙালমৰাৰ বালিটিকা, হৰিপুৰ আদিত অভিযান চলাই এই তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰে৷ ধৃত লোককেইজন হৈছে চাদ্দাম হুছেইন, চৰিফুল ইছলাম আৰু গুলজাৰ হুছেইন৷ এই আটাইকেইজনে দীৰ্ঘদিন ধৰি নকল সোণৰ বেহাৰ লগত জড়িত হৈ বিভিন্নজনক প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুণ্ঠন চলাই আহিছিল৷ আনন্দ মিশ্ৰই লখিমপুৰত যোগদান কৰাৰ খবৰ লাভ কৰাত বহু অপৰাধী এতিয়া ভয়ত কম্পমান হৈছে৷ ইয়াৰে ২-৪জনে আকৌ চুবুৰীয়া ৰাজ্য অৰুণাচললৈ পলায়ন কৰিছে৷ ইফালে আজি লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অপৰাধীসকলক কঠোৰ সকীয়নি দি কয় যে অপৰাধীসকল নিজে নিজে আহি ধৰা দিয়ক, মই আনিবলৈ গ’লে বেয়া হ’ব৷ অহা এসপ্তাহৰ ভিতৰত ৰাইজে এক্সন দেখিবলৈ পাব৷ ইয়াত সকলো দুৰ্নীতিমুক্ত কৰা হ’ব৷ ১৫ দিনৰ ভিতৰত সকলো বদমাছ হয় জে’লত থাকিব নহয় লখিমপুৰৰ বাহিৰত থাকিব বুলিও তেওঁ কয়৷ প্ৰয়োজনসাপেক্ষে উদ্ধৰ্তম কতৃৰ্পক্ষৰ অনুমতি লৈ আমি অৰুণাচলতো অভিযান চলাম৷ পূৰ্বতে এনে অপাৰাধৰ লগত জড়িত থকা কোনো ব্যক্তি সাৰি নাযাব আৰু বেয়া মানুহৰ কাৰণে ইয়াত কোনো স্থান নাই বুলি তেওঁ কয়৷ ড্ৰাগছ, নকল সোণ, জালনোট আদিৰে ভৰি পৰা লখিমপুৰ জিলাত আনন্দ মিশ্ৰই নিশা কৰ্তব্যত যোগদান কৰিয়েই অভিযান আৰম্ভ কৰাত লখিমপুৰবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে৷ ইফালে সোমবাৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আৰক্ষী বিষয়াসকলৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷

ডবকাত  নকল সোণৰ মূৰ্তিসহ দুই যুৱক গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ ডবকাৰ প্ৰতিবেদক: নকল সোণৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ অভিযান অব্যাহত আছে৷ ডবকাৰ নাম ডবকা লংলিবস্তি গাঁৱৰ পৰা নকল সোণৰ মূৰ্তি জব্দ কৰাৰ লগতে দুজন যুৱকক ৰঙা ঘৰলৈ প্ৰেৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বাতৰি অনুসৰি আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত দেওবাৰে গাঁওখনৰ এখন দোকানত অভিযান চলাই ৰ কিলো ৬০০ গ্ৰাম ওজনৰ মূৰ্তিসহ সন্দেহজনকভাৱে তিনিজনতকৈ যুৱকক আটক কৰি থানালৈ লৈ আহে৷ যুৱক তিনিজনক আটক কৰাৰ লগতে দোকানখনৰ পৰা নকল সোণৰ মূৰ্তি উদ্ধাৰ হোৱাত হতবাক হৈ পৰে গাঁওবাসীৰ লগতে পৰিয়ালৰ লোক৷ গাঁওখনৰ শতাধিক লোক যোৱা কালি সন্ধিয়াই আৰক্ষী থানাত উপস্থিত হৈ বিষয়টো উচিত তদন্তৰ দাবী জনাই প্ৰকৃত অপৰাধীক জালত পেলাবলৈ আহ্বান জনোৱাৰ পাছতেই ঘটনাৰ দিশ সলনি হয়৷ গাঁওখনৰ মৃত হাজী চামচু মিঞাৰ পুত্ৰ আচলম আলমে পূৰ্বৰ আখেজত ষড়যন্ত্ৰমূলকভাৱে দোকানখনত মূৰ্তিটো থৈ আৰক্ষীক খবৰ দিছিল, প্ৰবঞ্চক আচলাম আলমে পূৰ্বৰ পৰাই একাংশ তলতীয়া আৰক্ষীক মেনেজ কৰি দালালি কৰি গাঁওখনৰ একাংশ লোকৰ পৰা ধন ঘটাৰো অভিযোগ উত্থাপিত হৈছে৷ আৰক্ষীয়ে আচলাম আলমৰ লগতে জুবাইৰ নামৰ আন এজন যুৱককো আটক কৰি সোধা-পোছ কৰাত প্ৰকৃত তথ্য পোহৰলৈ আহে, হোজাইৰ আৰক্ষী অধীক্ষক সৌৰৱ গুপ্তাৰ নেতৃত্বত গাঁওখনত সোমবাৰে পুৱতি নিশালৈকে পুনৰ অভিযান চলে৷ ডবকা আৰক্ষীয়ে ১১৩/২০২৩ নম্বৰ গোচৰ পঞ্জীয়ন কৰি দুয়োকে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ আৰক্ষীৰ সঠিক তদন্তত ভুক্তভোগী অভিযুক্ত হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে অভিযুক্ত ৰঙাঘৰৰ আলহী হোৱাত সচেতন মহলে আৰক্ষীক ভূয়সী প্ৰশংসা কৰে৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অধিক অনুসন্ধান আৰম্ভ কৰিছে যদিও সংবাদ মাধ্যমৰ পৰা ৰহস্যজনকভাৱে আঁতৰি আছে৷

তেজপুৰত নকল সোণসহ চাৰিজনক গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ: এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি তেজপুৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা অভিযানত চাৰিজন নকল সোণৰ প্ৰৱঞ্চক ব্যাৱসায়ীক আটক কৰিবলৈ সক্ষম হয়৷  আছাৰ আলি, ছহিদুল ইছলাম, নুৰুল হক আৰু আফাজুদ্দিন নামৰ প্ৰৱঞ্চক দলটোৰ পৰা আৰক্ষীয়ে পাঁচখন নকল সোণৰ বিস্কুট উদ্ধাৰ কৰে৷ নকল সোণখিনি তেজপুৰৰ গৰৈমাৰীত বিক্ৰী কৰিবলৈ অনা মুহূৰ্তত আৰক্ষীয়ে চাৰিওজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ দলটোৰ পৰা আৰক্ষীয়ে এএছ১২ই ১৬২৬ নম্বৰৰ এখন ই- ৰিক্সাও জব্দ কৰে৷ জব্দকৃত  সোণখিনিৰ ওজন প্ৰায় এক কিলোগ্ৰাম হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷