Logo
image

এই তিনিবিধ পাচলি ভুলতো ফ্ৰীজত নাৰাখিব

অফিচৰ কাম-কাজ বা অন্যান্য ব্যস্ততাৰ কাৰণে বহুতৰ বাবে দৈনিক বজাৰ কৰাটো সম্ভৱ নহয়৷ ফলত, তেওঁলোকে এসপ্তাহৰ শাক-পাচলি আৰু অন্যান্য সামগ্ৰীৰ বজাৰ একেলগে কৰি থয়৷ বিশেষকৈ, সাপ্তাহিক বন্ধৰ দিনটোত পাচলিৰ বজাৰ কৰাটো তেওঁলোকৰ অভ্যাস৷ এনে লোকসকলে সপ্তাহৰ বাবে কিনি অনা পাচলি ভালে ৰাখিবলৈ ফ্ৰীজৰ সহায় লয়৷ কিন্তু জানি থোৱা ভাল যে কিছুমান পাচলি ফ্ৰীজত নৰখাটোৱেই উচিত৷ কিয়নো ফ্ৰীজত ৰাখিলে এনে পাচলিৰ পুষ্টিগুণ নাইকিয়া হয়৷ উল্লেখ কৰা হ’ল কোনবোৰ পাচলি ফ্ৰীজত ৰাখিব নালাগে– 
- বিলাহী:  পুষ্টিবিশেষজ্ঞসকলৰ মতে বিলাহী ফ্ৰীজত ৰখাটো উচিত নহয়৷ এইবিধ পাচলি ঘৰৰ স্বাভাৱিক তাপমাত্ৰাত সুৰক্ষিত হৈ থাকে৷ ফ্ৰীজত ৰাখিলে বিলাহীৰ সোৱাদ, গঠন আৰু গোন্ধৰ তাৰতম্য ঘটে৷ পকা বিলাহীত ইথিলিন নামৰ এবিধ উপাদান থাকে৷ এই উপাদানবিধে ব্যঞ্জন সোনকালে প্ৰস্তুত হোৱাত সহায় কৰে৷ 
- নহৰু: নহৰু সংৰক্ষণ কৰি ৰখাৰবিভিন্ন উপায় আছে৷ কিন্তু ইয়াক ভুলতো ফ্ৰীজত নাৰাখিব৷ নহৰু ফ্ৰীজত ৰাখিলে সোনকালে নষ্ট হয়৷ তাতকৈ কাগজত বান্ধি ঘৰৰ স্বাভাৱিক তাপমাত্ৰাত ৰাখিলে নহৰু বেছিদিন ভালে থাকে৷
- আলু: বহুতে আলু নপছক বা বেয়া নহওক বুলি ফ্ৰীজত ৰাখে৷ পুষ্টি বিশেষজ্ঞসকলৰ মতে আলু ফ্ৰীজত ৰাখিলে ইয়াত থকা ষ্টাৰ্ছসমূহ শৰ্কৰালৈ পৰিণত হয়৷ যিটো ডায়েবেটিছ ৰোগীসকলৰ বাবে মাৰাত্মক ক্ষতিকাৰক হ’ব পাৰে৷ সেয়ে ফ্ৰীজত ৰখাতকৈ আলু ঘৰত মুকলিকৈ ৰাখিলে বেছিদিন ভালে থাকে৷