Logo
image

বিবিচিৰ বিৰুদ্ধে ১০ হাজাৰ কোটি টকাৰ মানহানি গোচৰ

নতুন দিল্লী, ২৩ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰা ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু হৈছে৷ গুজৰাটৰ এটা স্বেচ্ছাসেৱী সংগঠনে ৰুজু কৰিছে ১০ হাজাৰ কোটি টকাৰ মানহানি গোচৰ৷ সংগঠনটোৰ মতে বিবিচিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰখনেৰে ভাৰতৰ ন্যায় ব্যৱস্থা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানত আঘাত হনা হৈছে৷ সোমবাৰে গোচৰটো সন্দৰ্ভত দিল্লী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তৰ বিচাৰপীঠে বিবিচিলৈ চমন জাৰি কৰে৷ অহা ১৫ ছেপ্টেম্বৰত গোচৰটোৰ বিবেচনাৰ দিন ধাৰ্য কৰা হৈছে৷ উল্লেখ্য যে বিবিচিয়ে নিৰ্মাণ কৰা ‘ইণ্ডিয়া: দ্য মোদী কোৱেছন’ শীৰ্ষক দুটা খণ্ডৰ তথ্যচিত্ৰখন প্ৰচাৰ হোৱাৰ পাছতে ভাৰতত তীব্ৰ আলোড়নৰ সৃষ্ট হয়৷ ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে তথ্যচিত্ৰখন টুইটাৰ আৰু ইউ টিউবৰ পৰা আঁতৰাবলৈ বিবিচিলৈ নিৰ্দেশনা প্ৰেৰণ কৰে৷ এই ঘটনাৰ পাছত এতিয়া ১০ হাজাৰ কোটি টকাৰ মানহানি গোচৰেৰে পুনৰ বিবিচি আৰু তথ্যচিত্ৰখন চৰ্চাৰ মাজলৈ আহিছে৷