Logo
image

বাতিল হোৱা নোট স্মৃতিৰূপে ৰাখিলে হ’ব পাৰে কাৰাদণ্ড

নতুন দিল্লী, ২২ মে’: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই শেহতীয়াকৈ দুহেজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেই অনুসৰি এক নিৰ্দেশনাযোগে ২৩ মে’ অৰ্থাৎ কাইলৈৰ পৰা বেংকসমূহত ২০০০ টকীয়া নোট জমা দি ইয়াৰ পৰিৱৰ্তে সমমূল্যৰ ধন গ্ৰাহকে ঘূৰাই ল’ব পাৰিব৷ অহা ৩০ ছেপ্টেম্বৰলৈ এই প্ৰক্ৰিয়া চলিব৷ অৰ্থাৎ ৩০ ছেপ্টেম্বৰৰ পাছত বজাৰত ২০০০ টকীয়া নোটৰ প্ৰচলন আৰু নহ’ব৷ ৰিজাৰ্ভ বেংকৰ এই ঘোষণাৰ লগে লগে সকলোৰে মনলৈ উভতি আহিছে ২০১৬ চনৰ বিমুদ্ৰাকৰণ ঘোষণাৰ দিনটো৷ সেইদিনা মোদী চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ পাছতে বেংকত নোট সলনি কৰাৰ বাবে গ্ৰাহকৰ দীঘলীয়া শাৰী আৰম্ভ হয়৷ পিছে ইয়াৰ পাছতো বহুতৰে হাতত পূৰ্বৰ ৫০০ আৰু ১০০০ টকীয়া নোট থাকি গ’ল৷ কিছুমানে সেই নোট স্মৃতি হিচাপে ৰাখিব বুলিয়েই বেংকক জমা নিদিলে৷ আন কিছুমানে আকৌ নোট জমা দিয়াৰ সময়সীমা উকলি যোৱাৰ বাবেও সেই নোট বেংকক জমা দিব নোৱাৰিলে৷ পিছে, পূৰ্বৰ এই নোটসমূহে আপোনাক বিপদত পেলাব পাৰে৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিয়ম অনুসৰি যদি কাৰোবাৰ ওচৰত ৫০০ আৰু ১০০০ টকীয়া নোট দহখনতকৈ বেছি থাকে, সেই বিষয়ে বেংক কতৃৰ্পক্ষ অৱগত হ’লে কাৰাবাস পৰ্যন্ত হ’ব পাৰে৷ তদুপৰি ভৰিব লগা হ’ব পাৰে জৰিমনাৰ ধন৷