Logo
image

ইউ পি এছ চিত বজালীৰ নিবেদিতা দাসৰ সফলতা

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ সদ্য ঘোষিত ইউ পি এছ চিৰ ফলাফলত ৮৪৮সংখ্যক স্থান লাভ কৰি বজালীৰ বৰভালুকী গাঁৱৰ অৱসৰী অভিযন্তা প্ৰিয়ব্ৰত দাস আৰু নিজৰা দাসৰ কন্যা  নিবেদিতা দাসে গৌৰৱান্বিত কৰিলে জিলাখনৰ লগতে ৰাজ্যবাসীক।  বজালীৰ বৰ ভালুকী গাঁৱৰ (বৰ্তমান গুৱাহাটী পাঞ্জাবাৰী জুৰিপাৰ নিবাসী) নিবেদিতা দাসে অৰুণাচলতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল৷ পিতৃ নেপকোৰ অভিযন্তা হোৱাৰ বাবে অৰুণাচলতেই শিক্ষাগ্ৰহণ কৰিছিল নিবেদিতাই৷ পাছত মহৰ্ষি বিদ্যামন্দিৰ গুৱাহাটীৰ পৰা উচ্ছতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ২০১৯ চনত শিলচৰৰ এন আই টিত ইঞ্জিনীয়াৰিঙত উত্তীৰ্ণ হয়৷ তাৰপাছত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কোম্পানী এটিত ডেৰ বছৰ কাম কৰি চাকৰি বাদ দি প্ৰথমবাৰৰ বাবে ইউ পি এছ চিত অৱতীৰ্ণ হৈ ৮৪৮ স্থান দখল কৰিবলৈ সক্ষম হয়৷ বৰ্তমান নিবেদিতাৰ পিতৃয়ে চাকৰিৰ পৰা অৱসৰ লোৱাত গুৱহাটীৰ পাঞ্জাৱাৰীত থাকিবলৈ লয়৷ পৰিয়াল সুত্ৰই জানিবলৈ দিয়া অনুসৰি অত্যন্ত মেধাৰ পৰিচয় দিয়া নিবেদিতাই নিজৰ স্থান উন্নত কৰিবৰ বাবে পুনৰ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিব৷

নিবেদিতাৰ সফলতাৰ বাতৰি পোৱাৰ লগে লগে গাঁৱত আনন্দৰ জোৱাৰ উঠে৷ বিভিন্নজনে পৰিয়ালৰ লোকক শুভেচ্ছা জ্ঞাপন কৰে৷ নিবেদিতাই জনোৱা মতে আজি-কালি ইন্টাৰনেট উপলব্ধ হোৱাৰ পিছত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বহু সুবিধা হৈছে৷ আচলতে এতিয়া ইউ পি এচ চি বুলিলে ভয় খাবলগীয়া একো নাই ৷ এয়া অসম্ভৱ কাম নহয় ইচ্ছা আৰু চেষ্টাৰে ইয়াক সম্ভৱ কৰিব পাৰি৷ এই পৰীক্ষা দিবলৈ দিল্লীলৈ যাব লাগে, তাতে কোচিং কৰিব লাগে বুলি কোনো কথা নাই৷ ইয়াৰ পৰাও এই পৰীক্ষাত অৱতীৰ্ণ হোৱাটো সম্ভৱ৷ ''ঘৰৰ পৰাই নিজস্বভাৱে প্ৰস্তুতি চলাই  মই সফল হবলৈ সক্ষম হৈছো৷''-এই বুলি কয় নিবেদিতাই৷ এই সফলতাত পাটাছাৰকুছিৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰৰ দাসেও উৎফুল্লিত হৈ পৰিছে৷ সমষ্টিৰ পৰা এনে গৌৰৱ কঢ়িয়াই অনাৰ বাবে নিজে গৌৰৱ অনুভৱ কৰা বুলি কয় আৰু নিবেদিতাক উষ্ম অভিনন্দন জ্ঞাপন কৰে৷ ভবিষ্যতে বজালীত এনে পৰীক্ষা দিয়াৰ পৰিবেশ সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে৷