Logo
image

ইউ পি এছ চিত উজলিল অসম সন্তানঃ পঞ্চম স্থানত তেজপুৰৰ ময়ূৰ হাজৰিকা

ডিজিটেল সংবাদ, নগাঁওঃ ইউ পি এছ চিৰ ২০২২ বৰ্ষৰ ফলাফলত পঞ্চম স্থান লাভ কৰা ময়ূৰ হাজৰিকাক লৈ উচাহৰ ঢল বৈছে নগাঁৱত। তেজপুৰৰ মাজগাঁৱৰ শইকীয়া চুবুৰীৰ কৃষ্ণ হাজৰিকা আৰু মৌচুমী হাজৰিকাৰ পুত্ৰ ময়ূৰ হাজৰিকা বৰ্তমান নগাঁও চহৰৰ বাসিন্দা। ময়ূৰ নগাঁও চহৰৰ এটা ভাড়াঘৰত থাকে। বৃত্তিগতভাৱে ময়ূৰ এগৰাকী চিকিৎসক। ২০১৫ চনত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰতে নৱম স্থান লাভ কৰিছিল ময়ূৰে। তেওঁৰ সাফল্যৰ আনন্দিত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় তথা ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে ময়ূৰ হাজৰিকাক লগতলৈ নগাঁও চহৰত এক শোভাযাত্ৰা উলিয়ায়। ময়ূৰৰ ভগ্নী নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্রী। ভগ্নীৰ শিক্ষাগত কাৰণতে ভগ্নীৰ লগতে পিতৃ-মাতৃসহ নগাঁৱত এটা ভাড়াঘৰত থাকে ময়ূৰ। 

ময়ূৰ হাজৰিকাৰ পিতৃ কৃষ্ণ হাজৰিকা লোক নিৰ্মাণ বিভাগৰ এজন কৰ্মচাৰী। মাতৃ মৌচুমী হাজৰিকা গৃহিনী। ২০২১ চনত চিকিৎসক হিচাপে উত্তীৰ্ণ হোৱা ময়ূৰ হাজৰিকাই পৰৱৰ্তী সময়ত এটা বছৰ গ্ৰাম্য চিকিৎসক হিচাপে নগাঁও জিলাৰ জখলাবন্ধাত কৰ্মৰত আছিল। প্ৰথমবাৰ অৱৰ্তীণ হৈয়ে সংযুক্ত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ময়ূৰ হাজৰিকাই কয় যে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰাই তেওঁ সংযুক্ত লোকসেৱা আয়োগৰ পৰীক্ষাত অৱৰ্তীণ হোৱাৰ ইচ্ছা মনত পুহি ৰাখিছিল। ময়ূৰে গ্ৰাম্য চিকিৎসক হৈ থকাৰ সময়ৰ পৰাই ইয়াৰ বাবে প্ৰস্তুতি চলায়। তেওঁ অনলাইন ক'চিং ক্লাচহে কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত কয়। তেওঁ শীৰ্ষ পঞ্চম স্থান লাভ কৰিব বুলি ভবা নাছিল যদিও স্থান লাভৰ আশা কৰিছিল বুলি মন্তব্য কৰে।

তেওঁৰ সফলতাত পিতৃ-মাতৃৰ যথেষ্ট অৰিহণা আছে বুলি মন্তব্য কৰে। ময়ূৰ হাজৰিকাই কয় যে তেওঁ ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচত যোগানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব। ইউ পি এছ চিৰ মূল পৰীক্ষাৰ বাবে তেওঁ দিনে ১০ ঘণ্টাকৈ অধ্যয়ন কৰিছিল। ময়ূৰ হাজৰিকাৰ পিতৃ-মাতৃয়ে পুত্ৰৰ সফলতাত যথেষ্ট গৌৰৱান্বিত বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে ২০১৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেজপুৰ ডনবস্ক বিদ্যালয়ৰ পৰা ৰাজ্যখনৰ ভিতৰতে দশম স্থান লাভ কৰিছিল ময়ূৰে ।