Logo
image

পৰ্যটন উন্নয়ন

এখন দেশৰ অৰ্থনীতিত পৰ্যটন ক্ষেত্ৰখনৰ বিশেষ গুৰুত্ব আছে৷ সেইবাবেই পৰ্যটন এতিয়া এটা উদ্যোগলৈ পৰ্যবসিত হৈছে৷ ক’ভিড অতিমাৰীৰ সময়ত আন বিভিন্ন ক্ষেত্ৰৰ লগতে পৰ্যটন ক্ষেত্ৰখনৰো ব্যাপক ক্ষতি হৈছিল৷ যাত্ৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ বাবে পৰ্যটকৰ আহ-যাহত স্থবিৰতা আহি পৰিছিল৷ শেহতীয়াকৈ ক’ভিড স্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত পৰ্যটন উদ্যোগো পুনৰ ঠন ধৰি উঠিছে৷ ভাৰতবৰ্ষৰ দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডু, কৰ্ণাটক, ৰাজস্থান, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ আদি ৰাজ্যক দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ মূল কেন্দ্ৰ হিচাপে বিবেচনা কৰা হয় যদিও উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যতো পৰ্যটন উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা আছে৷ প্ৰাকৃতিক সম্পদত অত্যন্ত চহকী হোৱা বাবে এই ৰাজ্যকেইখনে বহু পৰ্যটকক আকৰ্ষণ কৰে৷ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ  ৰাজ্যকেইখনৰ ভিতৰত ছিকিমতে সৰ্বাধিকসংখ্যক পৰ্যটকৰ আগমন হয়৷ পৰ্যটন বিভাগৰ তথ্য অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো শেহতীয়াভাৱে বিদেশী পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছে৷ ছিকিমৰ লগতে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত প্ৰতিবছৰে বহুসংখ্যক পৰ্যটকৰ আগমন হয়৷ কিন্তু উন্নত আন্তঃগাঁথনিৰ অভাৱ বহু সময়ত উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত অন্তৰায় হৈ পৰে৷ অৱশ্যে, ছিকিম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আদি ৰাজ্যত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ইতিবাচক পদক্ষেপ লোৱা দেখা গৈছে৷ অসমো অৱশ্যে এইক্ষেত্ৰত পিছ পৰি থকা নাই৷ অসমত পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত ‘স্বদেশ দৰ্শন স্কিম’ আঁচনিৰ অধীনত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ সহযোগত ৰাজ্য চৰকাৰে বহু কাম হাতত লৈছে৷ উল্লেখ্য, দেশৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ হেতু ‘স্বদেশ দৰ্শন স্কিম’ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অৰ্থ সাহায্য আগবঢ়ায়৷ ৰঙালী বিহুৰ সময়ত বিহুক ‘গীণিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছ’ স্থান দিয়াৰ বাবে ৰাজ্য চৰকাৰে  ৰাজ্যৰ বাহিৰতো প্ৰচাৰ চলাইছিল৷ এনেধৰণৰ প্ৰচাৰে নিঃসন্দেহে পৰ্যটকক অসম তথা ওচৰ চুবুৰীয়া ৰাজ্যবোৰ ভ্ৰমণ কৰিবলৈ আগ্ৰহী কৰিব৷
প্ৰতিবছৰে  অসম ভ্ৰমণলৈ অহা দেশী-বিদেশী পৰ্যটকসকসকলে ৰাজ্যখনৰ মূল পৰ্যটনস্থল হিচাপে মুখ্যতঃ কাজিৰঙা আৰু উজনি অসমৰ চাহ বাগানবোৰকে জানে৷   তাৰ বাহিৰেও ৰাজ্যখনত আন বহু পৰ্যটনস্থল আছে, যিবোৰৰ সঠিক প্ৰচাৰ হোৱা নাছিল৷ কিন্তু শেহতীয়াভাৱে কাজিৰঙা, মানাস অভয়াৰণ্যৰ লগতে পবিতৰা, ওৰাং, নামেৰি, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে তেজপুৰ, মাজুলী, শিৱসাগৰৰ বিভিন্ন পৰ্যটনস্থলী উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি লৈছে৷ এনেধৰণৰ পদক্ষেপে পৰ্যটকক এই স্থানবোৰ ভ্ৰমণৰ বাবে আগ্ৰহী কৰিব৷ পৰ্যটন বিভাগৰ তথ্য অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ বৰ্ষত অসমলৈ অহা দেশী-বিদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাটো উৎসাহৰ বিষয়৷ চলিত বছৰতো এতিয়ালৈকে বহুসংখ্যক বিদেশী পৰ্যটকে কাজিৰঙাৰ লগতে ৰাজ্যৰ  আন পৰ্যটন ক্ষেত্ৰবোৰ ভ্ৰমণ কৰা বুলি পৰ্যটন বিভাগৰ পৰাই জানিব পৰা গৈছে৷  ‘ৰামচাৰ ক্ষেত্ৰ’ গুৱাহাটীৰ দীপৰ বিলৰ লগতে দক্ষিণ কামৰূপৰ চানডুবি বিলৰো পৰ্যটকক আকৰ্ষণ কৰিব পৰা যথেষ্ট সমল আছে৷ সেয়েহে এইবোৰ স্থানৰো আন্তঃগাঁথনি উন্নয়নৰ লগতে যাতায়াতৰ সুচল ব্যৱস্থা কৰিব পাৰিলে এই দুটা স্থান ভ্ৰমণ কৰা দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব৷ অসমৰ প্ৰধান পৰ্যটন কেন্দ্ৰ বুলিলে বহুতৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলিয়েই এক ধাৰণা থাকিলেও শেহতীয়াকৈ উদ্যানখনৰ নাতিদূৰৈৰ কাক’চাং জলপ্ৰপাতো যথেষ্ট চৰ্চিত হৈ পৰিছে৷ ফলত কাৰ্বি আংলং জিলাৰ এই ঠাইতো বহুসংখ্যক পৰ্যটকৰ সমাগম হয়৷ কাক’চাঙৰ দৰে পৰ্যটকক আকৰ্ষণ কৰিব পৰা অসমত আৰু কেইবাটাও জলপ্ৰপাত আছে, যিবোৰৰ সঠিক প্ৰচাৰ চলোৱাৰ লগতে আন্তঃগাঁথনি উন্নত কৰা হ’লে পৰ্যটকৰ সংখ্যা যে বৃদ্ধি পাব তাত সন্দেহ নাই৷ মেঘালয়ৰ চেৰাপুঞ্জীৰ আশে-পাশে থকা জলপ্ৰপাতবোৰক কেন্দ্ৰ কৰি সেই ঠাইবোৰ একো একোটা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠিছে৷ ৰাজ্য চৰকাৰৰ  ফালৰ পৰা এই ঠাইবোৰৰ পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰাৰ বাবে তাত ভালেসংখ্যক পৰ্যটকৰ ভিৰ হয়৷ অসমতো  এনেধৰণৰ ব্যৱস্থা লোৱা হ’লে ৰাজ্যখনলৈ  আৰু অধিক পৰ্যটকৰ  আগমন ঘটিব আৰু এনেধৰণৰ পৰ্যটন ক্ষেত্ৰবোৰে দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ বাবে সংস্থাপনৰ পথো মুকলি কৰি দিয়ে৷