Logo
image

ইউপিএছচিত ৫ম স্থানত অসমৰ ময়ূৰ হাজৰিকা, পুৰুষৰ শীৰ্ষত

‘আমাৰ অসম’ৰ বিশেষ  প্ৰতিবেদন, ২৪ মে’: মুখৰোচক আৰু অপ্ৰয়োজনীয় খবৰে অসমবাসীক অনাহকতে ব্যস্ত কৰি ৰখাৰ সময়ত ময়ূৰ হাজৰিকাই ইউপিএছচিৰ সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত দেশৰ ভিতৰতে পঞ্চম স্থান অৰ্জন কৰি ৰাজ্যবাসীক গভীৰ প্ৰশান্তি দিয়াৰ লগতে বহু ঈপ্সিত ইতিবাচক পৰিৱেশৰ জন্ম দিছে৷ পেছাত চিকিৎসক পূৰ্বৰ নগাঁৱৰ মিলনপুৰৰ আৰু এতিয়াৰ তেজপুৰৰ বাসিন্দা ময়ূৰ হাজৰিকাই মঙলবাৰে ঘোষিত ইউপিএছচিৰ সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত পুৰুষ প্ৰাৰ্থীৰ ভিতৰত শীৰ্ষস্থান অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এইবাৰ শীৰ্ষৰ চাৰিটা স্থান অৰ্জন কৰিছে মহিলা প্ৰাৰ্থীয়ে৷ জখলাবন্ধাত গ্ৰাম্য হাস্পতালত চিকিৎসক হিচাপে সেৱা আগবঢ়াই থাকি আৰু কোনোধৰণৰ ক’চিং নকৰাকৈ ময়ূৰ হাজৰিকাই যি কৃতিত্ব অৰ্জন কৰিলে তেনে কৃতিত্ব অসমৰ প্ৰাৰ্থীৰ স্মৰণকালত নাই৷ গুৱাহাটী মেডিকেল কলেজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকাৰ সময়ত ময়ূৰ হাজৰিকা ‘ফৰেইন ডিপ্ল’মেচী’ বা বৈদেশিক কূটনীতি আৰু ‘ইণ্টাৰনেশ্বনেল ৰিলেশ্বন’ বা আন্তৰ্জাতিক সম্পৰ্ক বিষয়ৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল৷ তেতিয়াই তেওঁ থিৰাং কৰিছিল এমবিবিএছ ডিগ্ৰী লাভ কৰাৰ পাছত ইউপিএছচিৰ সৰ্বভাৰতীয় অসামৰিক সেৱাত অৱতীৰ্ণ হ’ব৷ কিয়নো এই পৰীক্ষাত শীৰ্ষস্থানত থাকি উত্তীৰ্ণ হ’ব পাৰিলে আইএফএছ বা সৰ্বভাৰতীয় বৈদেশিক সেৱা নিৰ্বাচন কৰাত সুবিধা থাকে৷ ময়ূৰে প্ৰথম প্ৰয়াসতে তেওঁৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ’ল৷ কিয়নো তেওঁ আইএফএছ বাছনি কৰিব বুলি মন্তব্য কৰিছে৷ অৰ্থাৎ ময়ূৰ হাজৰিকাই বিদেশী ৰাষ্ট্ৰত থকা দূতাবাস অথবা উচ্ছায়ুক্তৰ কাৰ্যালয়ত কিম্বা ৰাষ্ট্ৰসংঘৰ যিকোনো কাৰ্যালয়ত নিযুক্তি লাভ কৰি দেশক প্ৰতিনিধিত্ব কৰিব৷ প্ৰথম প্ৰয়াসতে যিদৰে ময়ূৰে সৰ্বভাৰতীয় ক্ষেত্ৰত পঞ্চম স্থান লাভ কৰিলে সেয়া সিমান সহজ নহয়৷ তদুপৰি ময়ূৰে এই পৰীক্ষাৰ বাবে কোনো প্ৰথাগত ক’চিং লোৱা নাছিল৷ তেওঁ অনলাইন ক’চিং লৈছিল যদিও সেয়া ধাৰাবাহিক নাছিল৷ কিয়নো প্ৰাৰম্ভিক পৰীক্ষালৈকে তেওঁ চিকিৎসক হিচাপে কৰ্মৰত আছিল৷ ময়ূৰে এই সাফল্য অৰ্জন কৰাৰ আঁৰত আছিল তেওঁৰ লক্ষ্যত উপনীত হোৱাৰ দৃঢ় ইচ্ছা আৰু স্বভাৱজাত বুৎপত্তি৷ কিয়নো তেওঁ মেট্ৰিকত দশম আৰু উচ্ছতৰ মাধ্যমিকত নৱম স্থান লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ এই পৰীক্ষাৰ বাবে নিজেই পঢ়িছিল যদিও সেয়া ময়ূৰৰ ভাষাত ‘স্মাৰ্ট ষ্টাডী’৷ অৰ্থাৎ নিজেই ময়ূৰে সেই কৌশল আৱিষ্কাৰ কৰিছিল আৰু সেয়া কাৰ্যকৰী কৰিছিল৷ ময়ূৰৰ ভাষাত– এই পৰীক্ষাত কৃতকাৰ্য হোৱাৰ বাবে চমু পথ নাই, ভালদৰে আৰু দীৰ্ঘ সময় পঢ়িব লাগিব আৰু তাৰ মাজত থাকে কৌশল৷
স্বাভাৱিকতে ময়ূৰৰ এই সাফল্যই অসমবাসীক পৰম স্বস্তি দিছে৷ অন্ততঃ আজিৰ দিনটোত ৰাজ্যৰ মূলসূঁতিৰ সংবাদ মাধ্যম আৰু ঘাইকৈ ছ’চিয়েল মিডিয়া ময়ূৰৰ সাফল্যক লৈ ব্যস্ত হৈ পৰিছে৷ অন্যথা বিগত এপষেক ধৰি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া ব্যস্ত হৈ আছিল সংগীতা দত্ত আৰু জোনমণি ৰাভাৰ পৰা নালিয়া নামৰ এক ফাঁকিবাজৰ চৰ্চাত৷ মঙলবাৰে ময়ূৰে সেই চৰ্চাৰ অৱসান ঘটাইছে বহু ঈপ্সিত ফলাফলেৰে৷

নতুন দিল্লীত ক’চিং নকৰাকৈ নজিৰ সৃষ্টি কৰিলে ময়ূৰে 

‘আমাৰ অসম’ৰ ষ্টাফৰিপৰ্টাৰ তেজপুৰ: লক্ষ্য স্থিৰ থাকিলে যিকোনো কঠিন পৰীক্ষাতো যে সফলতা লাভ কৰিব পাৰি সেই কথা প্ৰতিপন্ন কৰাই নহয় যিকোনো প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ বাবে ক’চিং ল’বই লাগিব সেইকথা একপ্ৰকাৰ নস্যাৎ কৰি আজি ঘোষিত ইউ পি এচিৰ চূড়ান্ত পৰীক্ষাত দেশৰ ভিতৰতে পঞ্চম স্থানেৰে ঈৰ্ষনীয় সফলতাৰে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিলে তেজপুৰ মাজগাঁও শইকীয়া চুবুৰী নিবাসী কৃষ্ণ হাজৰিকা আৰু মৌচুমী বৰা হাজৰিকাৰ পুত্ৰ ডাঃ ময়ূৰ হাজৰিকাই৷ তেজপুৰ লোকনিমাৰ্ণ বিভাগৰ পথ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা হিচাপে দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰি শেহতীয়াকৈ তেজপুৰ সংমণ্ডলৰ এছ ডি অ’ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কৃষ্ণ হাজৰিকা আৰু মৌচুমী বৰা হাজৰিকাৰ একমাত্ৰ পুত্ৰ সন্তান ময়ূৰ সৰুৰে পৰাই মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হোৱাৰ বাবেই ২০১৩ বৰ্ষত তেজপুৰ ডনবস্ক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নগাঁৱৰ ৰামানুজনৰ পৰা ২০১৫ বৰ্ষত মেধাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত পুনৰ নৱম স্থানেৰে জিলিকি উঠিছিল৷ ইয়াৰ পিছতেই চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰি ২০২১ বৰ্ষত এম বি বি এছ ডিগ্ৰী লাভ কৰে যদিও সৰুৰে পৰা ভাৰতীয় প্ৰশাসনিক বিষয়াৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য থকাই নহয় বৈদেশিক সেৱাৰ লক্ষ্য স্থিৰ কৰি লোৱা ময়ূৰে আজি সেই সপোন যেন বাস্তবায়িত কৰিবলৈ সক্ষম হ’ল ইউ পি এচিৰ কঠিন পৰীক্ষাত পঞ্চম স্থান লাভ কৰি৷ উল্লেখ্য যে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি থকাৰ মাজতে নিজৰ লক্ষ্য পূৰণৰ বাবে কোনো ধৰণৰ ক’চিং আদি নলৈ নিজাববীয়াকৈ ইউ পি এচিৰ প্ৰস্তুতি চলাই অহাই নহয় এম বি বি এছ ডিগ্ৰী লাভৰ পিছত চৰকাৰী কনিষ্ঠ চিকিৎসক হিচাপে জখলাবন্ধাত কৰ্মৰত হৈ থকাৰ সময়ছোৱাতো নিজৰ অধ্যৱসায় আৰু কৃচ্ছ্ৰ সাধনাৰে লক্ষ্য প্ৰাপ্তিৰ বাবে ইউ পি এচিৰ প্ৰস্তুতি চলাই দেশৰ আটাইতকৈ কঠিন পৰীক্ষাটোত এনে ফল প্ৰদৰ্শন কৰি একপ্ৰকাৰ নজিৰ সৃষ্টি কৰি তেজপুৰ তথা অসমবাসীক গৌৰৱাম্বিত কৰি তোলাত আজি ওপজা গাঁও তেজপুৰ মাজগাঁও শইকীয়া চুবুৰীত এক উছৱমুখৰ পৰিৱেশ বিৰাজ কৰে৷ ছাত্ৰ অৱস্থাতে মেধাৰ পৰিচয় দিয়া ময়ূৰে বিভিন্ন কুইজ প্ৰতিযোগিতা আৰু বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতাতো কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল বুলি আজি ময়ূৰে হাইস্কুলীয়া শিক্ষা লাভ কৰা তেজপুৰৰ ডনবস্ক বিদ্যালয়ৰ অধ্যক্ষ এন্থনী স্বামীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে সাংবাদিকৰ আগত মন্তব্য কৰে৷ আনহাতে এই ফল ঘোষিত হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যখনতে এক আনন্দৰ জোৱাৰ উঠাৰ লগতে উৎফুল্ল হৈ পৰা পিতৃ-মাতৃয়ে ময়ূৰৰ একাগ্ৰতা আৰু অধ্যৱসায়ী গুণৰ বিষয়ে সদৰী কৰি ময়ূৰে বৈদেশিক সেৱাৰ বাবে সৰুৰে পৰা থকা আগ্ৰহৰ প্ৰসংগ উত্থাপন কৰে৷ পিতৃ কৃষ্ণ হাজৰিকাই যি চাকৰিতে যোগদান নকৰক কিয় নিকা ভাৱমূৰ্তিৰে অসম মাতৃৰ সেৱা কৰিবলৈ পুত্ৰক আহ৩ান জনায়৷ একেদৰে ময়ূৰেও পঞ্চম স্থান লাভ কৰাৰ বাবে আশা কৰাৰ দৰে বৈদেশিক সেৱাৰ কৰ্মত নিয়োজিত হ’ব পাৰিম বুলি আশা ব্যক্ত কৰি নিজৰ কৰ্ম জীৱনত অসম মাতৃৰ লগতে ওপজা ঠাই তেজপুৰৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সততা বজাই ৰাখি চেষ্টা কৰি যাব বুলি মন্তব্য কৰাৰ লগতে প্ৰয়োজন হ’লে ইউ পি এচি পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা অসম সন্তানৰ প্ৰতি সহযোগিতা কৰিব বুলি জানিবলৈ দিয়ে৷ মাতৃ মৌচুমী বৰা হাজৰিকাই ময়ূৰে যিহেতু নিজৰ লক্ষ্য পূৰণ কৰিবলৈ একাগ্ৰতাৰে প্ৰয়াস চলাইছিল এদিন সফলতা লাভ কৰিব বুলি আশা কৰিছিল যদিও এনে এটা স্থান পাব বুলি আশা কৰা নাছিল বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, ফল ঘোষণা হোৱাৰ সময়ত একমাত্ৰ ভগ্নীয়ে নগাঁৱৰ ৰামানুজনত অধ্যয়ন কৰি থকাৰ সূত্ৰে নগাঁৱৰ ভাড়া ঘৰত থকাৰ সময়তেই তেজপুৰ মাজগাঁও শইকীয়া চুবুৰীৰ বাসগৃহৰ সন্মুখত উৎফুল্ল জনতাই ভীৰ কৰাৰ লগতে বিহুনাচ আদি পৰিবেশন কৰি গাওঁখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ 

তেজপুৰৰ দ্বিতীয়জন বৈদেশিক সেৱাৰ শীৰ্ষ বিষয়া হ’ব ময়ূৰ
স্বাধীনতা সংগ্ৰামী, প্ৰখ্যাত গান্ধীবাদী ৰাজনীতিক প্ৰয়াত বিজয় চন্দ্ৰ ভাগৱতীৰ পুত্ৰ জৈমিনি ভাগৱতীয়ে সুদীৰ্ঘকাল বৈদেশিক সেৱাৰ বিষয়া হিচাপে তেজপুৰবাসীক গৌৰৱাম্বিত কৰাৰ পিছত পুনৰ ময়ূৰেও সেই আসন পুৰাবলৈ সক্ষম হ’ব বুলি এতিয়া তেজপুৰৰ বৌদ্ধিক সমাজ একপ্ৰকাৰ উৎফুল্ল হৈ পৰিছে৷

ময়ূৰ হাজৰিকাক লৈ নগাঁৱত শোভাযাত্ৰা

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ: ইউ পি এছ চিৰ ২০২২ বৰ্ষৰ পৰীক্ষাত পঞ্চম স্থান লাভ কৰা ময়ূৰ হাজৰিকাক লৈ উচাহৰ ঢল বয় নগাঁৱত৷ তেজপুৰৰ মাজগাঁও শইকীয়া চুবুৰীৰ কৃষ্ণ হাজৰিকা আৰু মৌচুমী হাজৰিকাৰ পুত্ৰ ময়ূৰ হাজৰিকা বৰ্তমান নগাঁও চহৰৰ বাসিন্দা৷ তেওঁৰ পিতৃৰ পূৰ্বৰ ঘৰ আছিল নগাঁৱৰ মিলনপুৰত৷ পাছত চাকৰিসূত্ৰে তেওঁ তেজপুৰত থাকিবলৈ লয়৷ ময়ূৰ নগাঁও চহৰৰ এটা ভাড়াঘৰত থাকে৷ বৃত্তিগতভাবে ময়ূৰ এগৰাকী চিকিৎসক৷ ২০১৫ চনত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰতে নৱম স্থান লাভ কৰিছিল ময়ূৰে৷ তেওঁৰ সাফল্যৰ আনন্দত আজি নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় তথা ৰামানুজন উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ময়ূৰ হাজৰিকাক লগতলৈ নগাঁও চহৰত এক শোভাযাত্ৰা উলিয়ায়৷ ময়ূৰৰ ভগ্নী নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী৷ ভগ্নীৰ শিক্ষাগত কাৰণতে ভগ্নীৰ লগতে পিতৃ-মাতৃ সহ নগাঁৱত এটা ভাড়াঘৰত থাকে ময়ূৰ৷ ময়ূৰ হাজৰিকাৰ পিতৃ কৃষ্ণ হাজৰিকা লোক নিৰ্মাণ বিভাগৰ এজন কৰ্মচাৰী৷ মাতৃ মৌচুমী হাজৰিকা গৃহিনী৷ ২০২১ চনত চিকিৎসক হিচাপে উত্তীৰ্ণ হোৱা ময়ূৰ হাজৰিকাই পৰৱৰ্তী সময়ত এটা বছৰ গ্ৰাম্য চিকিৎসক হিচাপে নগাঁও জিলাৰ জখলাবন্ধাত কৰ্মৰত আছিল৷ প্ৰথমবাৰ অৱতীৰ্ণহৈয়েই সংযুক্ত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ময়ূৰ হাজৰিকাই কয় যে-চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰাই তেওঁ সংযুক্ত লোক সেৱা আয়োগৰ পৰীক্ষাত অৱৰ্তীণ হোৱাৰ ইচ্ছা মনত পুহি ৰাখিছিল৷  ময়ূৰে গ্ৰাম্য চিকিৎসকহৈ থকাৰ সময়ত ইয়াৰ বাবে প্ৰস্তুতি চলায়৷ তেওঁ অনলাইন ক’চিং ক্লাচহে কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত কয়৷ তেওঁ ইমান আগত স্থান লাভ কৰিব বুলি ভবা নাছিল যদিও স্থান লাভৰ আশা কৰিছিল বুলি মন্তব্য কৰে৷ তেওঁৰ সফলতাত পিতৃ-মাতৃৰ যথেষ্ট অৱদান আছে বুলি মন্তব্য কৰে৷ ইউ পি এছ চিৰ মূল পৰীক্ষাৰ বাবে তেওঁ দিনে ১০ ঘণ্টাকৈ অধ্যয়ন কৰিছিল৷ ময়ূৰ হাজৰিকাৰ পিতৃ-মাতৃয়ে পুত্ৰৰ সফলতাত যথেষ্ট গৌৰৱান্বিত বুলি মন্তব্য কৰে৷ উল্লেখযোগ্য যে ২০১৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেজপুৰ ডনবস্ক বিদ্যালয়ৰ পৰা ৰাজ্যখনৰ ভিতৰতে দশম স্থান লাভ কৰিছিল ময়ূৰে৷