Logo
image

কাজিৰঙাৰ অভিলেখ! এবছৰত ৩ লক্ষাধিক পৰ্যটক

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২৪ মে’: বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি এইবাৰ অভিলেখ সৃষ্টি কৰিছে দেশ-বিদেশৰ পৰ্যটকৰ সংখ্যাই৷  ২০২২-২৩ পৰ্যটন বৰ্ষৰ সমাপ্তিৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই এক সংবাদ মেলযোগে জানিবলৈ দিয়া মতে, এইবাৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে কাজিৰঙালৈ পৰ্যটকৰ আগমনে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই সোমবাৰে কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ অতিথিগৃহত অনুষ্ঠিত হোৱা সংবাদ মেলত প্ৰকাশ কৰা মতে, এইবাৰ অৰ্থাৎ ২০২২-২৩ পৰ্যটক বৰ্ষত মুঠ ৩ লাখ ১৭ হাজাৰ ৬৩৮ জন দেশী-বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে৷ ইয়াৰে ২১ মে’ত সমাপ্ত হোৱা পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৩ লাখ ৬ হাজাৰ ৮৭০ জন ভাৰতীয় আৰু ১০ হাজাৰ ৭৬৮ জন বিদেশী পৰ্যটকে৷ ইফালে ২০২২-২৩ পৰ্যটন বৰ্ষটোত ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই ৭কোটি ৫৪ লাখ ১৫ হাজাৰ ২৯৯ টকা পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ তুলনামূলকভাৱে ২০২১-২২ পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল ২ লাখ ৪৮ হাজাৰ ৩৮৯ জন আৰু ৰাজহ সংগ্ৰহ হৈছিল ৫কোটি ৩৬ লাখ ৩৫ হাজাৰ ৬৯০ টকা৷ উল্লেখ্য, বিগত পৰ্যটন বৰ্ষৰ তুলনাত এইবাৰ বিশেষকৈ ৯ হাজাৰৰো অধিক বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে৷ আনহাতে, ২০২১-২২ পৰ্যটন বৰ্ষতকৈ এইবাৰ অৰ্থাৎ ২০২২-২৩ পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা দেশ-বিদেশৰ পৰ্যটকৰ পৰা ২ কোটি ১৮ লাখ টকাৰ ৰাজহ অধিক সংগ্ৰহ কৰিছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দিনকদিনে পৃথিৱীৰ বিভিন্ন দেশৰ ভি ভি আই পিয়ে ইচ্ছা প্ৰকাশ কৰিছে৷ ইতিমধ্যে বিগত বৰ্ষৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি যোৱাৰ পাছতেই চলিত বৰ্ষত পুনৰ ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বিখ্যাত ধৰ্মগুৰু ৰবিশংকৰ, সদগুৰু আদিয়ে কাজিৰঙা ভ্ৰমণ কৰি যোৱাত দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ ব্যাপক বৃদ্ধি পাইছে৷