Logo
image

শ্ৰীনিৱাসৰ প্ৰস্থান, অমিত শ্বাহৰ আগমন, ১৪৪ ধাৰা প্ৰত্যাহাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’: সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি অসম ত্যাগ কৰাৰ পিছতে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ ঠিক আগমুহূৰ্তত মঙলবাৰে গুৱাহাটীৰ পৰা প্ৰত্যাহাৰ কৰা হয় ১৪৪ ধাৰা৷ যুৱ কংগ্ৰেছৰ বহিষ্কৃত নেত্ৰী অংকিতা দত্তই দিছপুৰ থানাত তৰা এক গোচৰৰ ভিত্তিত উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত সোমবাৰে গুৱাহাটীত উপস্থিত হয় শ্ৰীনিবাস৷ যুৱ কংগ্ৰেছৰ নেতাজনক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে ব্যাপক আয়োজন কৰিছিল প্ৰদেশ কংগ্ৰেছে৷ বিমান বন্দৰত বিপুলভাৱে আদৰণি জনাই তাৰ পৰা সমদল কৰি লৈ অহাৰ কথা আছিল কংগ্ৰেছ নেতাজনক৷ আনকি পাণবজাৰৰ মহিলা থানা বা চি আই ডিৰ কাৰ্যালয়লৈ যোৱাৰ সময়তো শ শ কংগ্ৰেছী তেওঁক সংগ দিয়াৰ ৰণকৌশল চূড়ান্ত কৰা হৈছিল৷ কিন্তু কংগ্ৰেছৰ এই তৎপৰতাত শংকিত হৈয়ে দেওবাৰে গুৱাহাটীৰ তিনিখন আৰক্ষী জিলাত হঠাৎ ১৪৪ ধাৰা জাৰি কৰা হয় আৰু ধৰ্ণা-প্ৰতিবাদ, সমাৱেশ, সমদল, শ্লোগান, ৫জনতৈক অধিক লোক একত্ৰিত হোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে৷ যাৰ ফলত কংগ্ৰেছে সকলো পৰিকল্পনা আৰু আয়োজন বাদ দিবলৈ বাধ্য হয়৷ দলৰ দুই চাৰিজন নেতা বিমানবন্দৰলৈ গৈ শ্ৰীনিবাসক আদৰণি জনোৱাৰ লগতে তেওঁ গুৱাহাটীত থকাৰ সময়চোৱাত সংগ দিয়ে৷ লক্ষণীয়ভাৱে নিশা উভতি যোৱাৰ পিছতে মঙলবাৰে পুৱাই গুৱাহাটীৰ পৰা প্ৰত্যাহাৰ কৰা হয় ১৪৪ ধাৰা৷ বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ আগমণৰ পূৰ্বে মঙলবাৰে প্ৰত্যাহাৰ কৰা হয় সকলো ধৰণৰ নিষেধাজ্ঞা৷ অমিত শ্বাহৰ আগমণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত যাতে ১৪৪ ধাৰা কোনো কাৰণতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যাহাৰ কৰা নিষেধাজ্ঞা৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এখন সংবাদমেলত এই সন্দৰ্ভত কয়–আজি ১২ বজাৰ পিছতে গুৱাহাটীৰ পৰা ১৪৪ ধাৰা প্ৰত্যাহাৰ কৰা হ’ব৷ কংগ্ৰেছৰ একাংশই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ল’ব বুলি তথ্য লাভ কৰিছিলো৷ এনে ধৰণৰ কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী যাতে কংগ্ৰেছ দলে গ্ৰহণ কৰিব নোৱাৰে তাৰ পৰা প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা জাৰি কৰা হৈছিল৷ উল্লেখ্য যে শ্ৰীনিবাসৰ অসম আগমনক লৈ কংগ্ৰেছ দলে যাতে কোনো ধৰণৰ ৰাজনৈতিক লাভা লাভ উঠাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে যে দেওবাৰে গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰা হৈছিল সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ কৰ্ণাটক কংগ্ৰেছৰ অন্যতম প্ৰভাবশালী নেতা শ্ৰীনিবাসৰ বিৰুদ্ধে অংকিতা দত্তই ৰুজু কৰা গোচৰৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে অস্বাভাৱিক তৎপৰতা প্ৰদৰ্শন কৰি আহিছে৷