Logo
image

পুনৰ ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন জুলাইতঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’: এক লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে আগবাঢ়িছে অসম চৰকাৰ৷ ইয়াৰ অংশৰূপে জুলাইত ২২,৭৬৫টা পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন৷ বিদ্যুৎখণ্ডৰ বাবে ২৫০০টা, কৃষি বিভাগত ২৫০০ টা, অসম আৰক্ষীত ২০০০ টা, স্বাস্থ্য বিভাগত ৬০০ টা, তৃতীয় বৰ্গৰ নিযুক্তি বোৰ্ডৰ জৰিয়তে ২৫১৯ টা, চতুৰ্থ বৰ্গৰ নিযুক্তি বোৰ্ডৰ জৰিয়তে ১৩৪৭টা, পঞ্চায়ত আৰু গ্ৰামোদ্যোগ বোৰ্ডত এহাজাৰটা আৰু শিক্ষা বিভাগত ১০,২১৯টা পদৰ বাবে প্ৰকাশ পাব উক্ত বিজ্ঞাপন৷ মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়–কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৫ মে’ত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব৷ তৃতীয় বৰ্গৰ নিযুক্তি বোৰ্ডৰ জৰিয়তে বাচনিভুক্ত ১১,০৪৮ জনক, চতুৰ্থ বৰ্গৰ নিযুক্তি বোৰ্ডৰ জৰিয়তে বাচনিভুক্ত ১৩,৭৩৯ জনক, অসম আৰক্ষী নিযুক্তি বোৰ্ডৰ জৰিয়তে বাচনিভুক্ত ৫,৪২১ জনক, স্বাস্থ্যত ৫,২৮১ জনক, শিক্ষাত ৭,৪৭৩ জনক, সামাজিক ন্যায়ত ৩৬২ জনক, ক্ৰীড়াত ১৩৫ জনক, গড়কাপ্টানিত ৪০৭ জনক, কৃষিত ২০২জনক আৰু ভূমি সংৰক্ষণত ২৬ জনক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব৷ 

অসম আৰক্ষী নিযুক্তি বোৰ্ডৰ জৰিয়তে প্ৰথম পৰ্যায়ত বাচনিভুক্তৰ কম্পিউটাৰৰ প্ৰমাণ পত্ৰ বৈধ বুলি বিবেচিত ৩৫৯ জনকো সিদিনাই নিযুক্তিপত্ৰ প্ৰদান কৰা হ’ব৷ শিক্ষা বিভাগত নিযুক্তি প্ৰাপকসকলৰ ভিতৰত থাকিব ৪০০ জন কলেজ শিক্ষক৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি বোৰ্ডৰ জৰিয়তে চাকৰি লাভ কৰাসকলে প্ৰয়োজন মতে আন বিভাগতো কাম কৰিব লাগিব৷ ইতিমধ্যে এই সন্দৰ্ভত এখন অধ্যাদেশ জাৰি কৰা হৈছে৷ উচ্ছ মাধ্যমিকৰ বাবে ২৩৩২ জন স্নাতক শিক্ষককো ২৫ মে’ত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব৷ উক্ত নিযুক্তি-পত্ৰ প্ৰাপকৰ তালিকাত এজনো বহিঃৰাজ্যৰ প্ৰাৰ্থী নাই৷ যদিওবা বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই বুলি গুৱাহাটী উচ্ছ ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷ ২৫ মে’ত নিযুক্তিপ্ৰাপকসকলৰ ভিতৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৬৩০ জন প্ৰাৰ্থীক বাদ দি আন সকলো পদত নিযুক্তি নিয়মীয়াভাৱে হ’ব৷ চতুৰ্থ বৰ্গৰ নিযুক্তি বোৰ্ডে বাচনি কৰা ৬৩৭ টা আৰু তৃতীয় বৰ্গৰ নিযুক্তি বোৰ্ডে বাচনি কৰা ১৯৩ টা পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অতিৰিক্ত তালিকা প্ৰকাশ পাব৷ একে কাট অফ নম্বৰৰ আৰু কম বয়সৰ উক্ত চতুৰ্থ বৰ্গৰ ৬৩৭ টা আৰু তৃতীয় বৰ্গৰ ১৯৩ টা পদৰ বিপৰীতে নিযুক্তিৰ বাবে প্ৰকাশ পাব অতিৰিক্ত তালিকা৷ আনহাতে ২২,৭৬৫ টা পদৰ বিপৰীতে জুলাই মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব বিজ্ঞাপন৷ নিযুক্তিৰ বাবে বাচনিভুক্ত প্ৰাৰ্থীসকলে ৰ-১৫ জুনৰ ভিতৰত চাকৰিত যোগদান কৰিব লাগিব৷ ১৫ জুনৰ ভিতৰত চাকৰি যোগদান নকৰিলে চাকৰি কৰিবলৈ ইচ্ছ্যুক নহয় বুলি গণ্য কৰা হ’ব৷ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এতিয়াৰ পৰা টে’ট উত্তীৰ্ণ হোৱাৰ লগতে বি এড, ডি এল  এড ডিগ্ৰী-ডিপ্লমা থকাৰ উপৰি এটা লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাও উপস্থিত থাকে৷

২৫ মে’ত অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ: ২৫ মে’ত অসম চৰকাৰৰ উদ্যোগত আয়োজিত নিযুক্তি সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ তেওঁ প্ৰায় ৪৪ হাজাৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব সিদিনা তেওঁ বিয়লি ২.৩০-৩ বজাৰ ভিতৰত উপস্থিত হ’ব খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত৷ মঙলবাৰে সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়–২৫ মে’ৰ নিযুক্তি সমাৰোহ প্ৰায় ডেৰ-দুঘণ্টা সময়ৰ বাবে চলিব৷ সমাৰোহ আৰম্ভ হ’ব বিয়লি ৩ বজাত৷ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলগীয়া প্ৰাৰ্থীসকলে ২.৩০ বজাৰ ভিতৰত সমাৰোহস্থলীলৈ আহিব লাগিব৷ নিযুক্তি পত্ৰ প্ৰাপকসকলে লগত পেন, ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আদিৰ যিকোনো এখন পৰিচয় পত্ৰ হিচাপে লগত লৈ আহিব লাগিব৷ সিদিনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চাংসাৰিত নেশ্বনেল ফৰেন্সিক চায়েন্স ইউনিভাৰচিটীৰ আধাৰশিলা স্থাপন কৰিব৷ উল্লেখ্য, পোনতে ১০ মে’ত অসম চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত বাচনিভুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ কথা আছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১০ মে’ত উপস্থিত থাকিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ১১ মে’ত নিযুক্তি পত্ৰ বিতৰণৰ কৰাৰ সিদ্ধান্ত কৰা হয়৷ ১১ মে’তো অমিত শ্বাহ আহিব নোৱাৰা বাবে নিযুক্তি পত্ৰ বিতৰণৰ দিন ২৬মে’লৈ পিছুওৱা হয়৷ কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ ভ্ৰমণসূচী পুনৰ সলাই ২৫ মে’লৈ আগুৱাই অনাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পত্ৰ বিতৰণৰ দিনো ২৫ মে’লৈ আগুৱাই অনা হয়৷ ইয়াকে লৈ বাচনিভুক্ত প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷