Logo
image

বৰাকত বাল্যবিবাহত অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ মে’: বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জেহাদ ঘোষণা কৰাৰ সময়তে এইবাৰ বাল্য বিবাহৰ অপৰাধত এজন যুৱকক ২০ বছৰৰ কাৰাদণ্ড বিহিছে আদালতে৷ ১৩ বছৰীয়া এগৰাকী নাবালিকাক বলপূৰ্বক বিবাহ কৰোৱাৰ অপৰাধত বৰাকৰ এখন আদালতে ৩০ বছৰীয়া যুৱকজনক এই কঠোৰ শাস্তি প্ৰদান কৰিছে৷ শেহতীয়াকৈ অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাই প্ৰায় ৪ হাজাৰ বে-আইনী স্বামী, শহুৰ-শাহু, কাজি, পুৰোহিতক গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰিছিল৷ অসম আৰক্ষীৰ এই কঠোৰ স্থিতিৰ মাজতে বাল্য বিবাহৰ অপৰাধত এজন যুৱকক ২০ বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য, বিগত বৰ্ষৰ ১৬ জানুৱাৰীত হাইলাকান্দিৰ ধোলাইছিট গাঁৱৰ ৩০ বছৰীয়া বিজয় বিন নামৰ এজন যুৱকে কাষৰীয়া গাঁৱৰ ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে কাষৰীয়া গাঁৱৰ ধৰ্মানুষ্ঠানলৈ অহাৰ সময়তে পলুৱাই আনিছিল৷ দুদিন পাছত অভিভাৱকে নাবালিকাগৰাকীক যুৱকজনে বলপূৰ্বক বিবাহ কৰোৱাৰ খবৰ লাভ কৰি ১৮ জানুৱাৰীত আৰক্ষীক অপহৰণৰ অভিযোগ দাখিল কৰে৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শিশু বিবাহ নিষেধাজ্ঞা আইনৰ ৯নং ধাৰা, পক্‌ছ’ আইনৰ ধাৰা ৪ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰাৰ অধীনত বিজয় বিনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল৷ অৱশ্যে বিজয় বিন ৫ মাহ ১৩ দিনৰ অন্তত জামিনত কাৰামুক্ত হৈছিল যদিও হাইলাকান্দি জিলা বিশেষ আদালতে দ্ৰুত শুনানি গ্ৰহণ কৰি শেহতীয়াকৈ চূড়ান্ত ৰায় প্ৰদান কৰে৷ বিশেষ ন্যায়াধীশ সঞ্জয় হাজৰিকাৰ আদালতে বিজয় বিনক দোষী সাব্যস্ত কৰি পক্‌ছ’ আইনৰ ধাৰাত ২০ বছৰৰ কাৰাদণ্ড আৰু আই পি চি ৩৬৬ ধাৰাৰ অধীনত ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে৷ তদুপৰি ১০ হাজাৰ টকা জৰিমনাও বিহিছে৷ লক্ষণীয়ভাৱে এই গোচৰটোত আদালতত ভুক্তভোগী কিশোৰীগৰাকীয়ে বিজয় বিনে তাইক অপহৰণ আৰু যৌন নিৰ্যাতন চলোৱা বুলি জবানবন্দী লিপিবদ্ধ কৰোৱাইছিল৷ আদালতে মাত্ৰ ১ বছৰ ৫ মাহৰ ভিতৰতে গোচৰটোৰ ৰায় প্ৰদান কৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে৷