Logo
image

ওৰে নিশা চুলিত তেল সানি নথব

নিয়মীয়াকৈ চুলিত তেল সনাৰ বহুতৰে অভ্যাস৷ বেছিসংখ্যকেই ৰাতি শোৱাৰ সময়ত চুলিত তেল সানি থয়৷ বহুতৰে ধাৰণা এইদৰে গোটেই ৰাতি চুলিত তেল সানিলে চুলি ভালে থাকে৷ কিন্তু এই বিষয়ে কৰা অধ্যয়নত চুলিত তেল সনাৰ উপকাৰিতাৰ লগতে কিছু অপকাৰী  দিশো পোহৰলৈ আহিছে৷ 
-  চুলিত নিয়মীয়াকৈ তেল সানিলে মগজুৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়৷ ইয়াৰ ফলত চুলি বৃদ্ধি পায়৷ কিন্তু প্ৰতিদিনেই চুলিত তেল সনাটো ক্ষতিকাৰকো হ’ব পাৰে৷ সেয়েহে বিশেষ:ৰ মতে সপ্তাহত দুই বা তিনিদিনহে তেল সানিব লাগে৷ মূৰৰ ছাল তৈলাক্ত হ’লে সপ্তাহত এদিন বা দুদিন তেল সানিলেই যথেষ্ট৷
-  অতিৰিক্ত তেল সানিলে কি হয়: চিকিৎসকৰ মতে চুলিত বেছিকৈ তেল সানিব নালাগে৷ অতিৰিক্ত তেল সানিলে চেম্পুৰ ব্যৱহাৰ বৃদ্ধি পায়৷ ইয়াৰ ফলত মূৰৰ ছাল ৰুক্ষ হোৱাৰ আশংকা থাকে৷ ফলত সহজেই চুলি সৰিব পাৰে৷
-  চুলিৰ গুৰি দুৰ্বল হয়: চুলিত তেল সানি চুলিকোচা বহুতেই বান্ধি ৰাখে৷ ইয়াৰ ফলত চুলিৰ গুৰি দুৰ্বল হৈ পৰে আৰু চুলি সৰাৰ আশংকা থাকে৷
-  গোটেই ৰাতি তেল সানি থোৱা উচিতনে: গোটেই ৰাতি চুলিত তেল সানি থোৱাৰ বহুতৰে অভ্যাস৷ ইয়াৰ বাবেও চুলিৰ অনেক ক্ষতি হ’ব পাৰে৷ মূৰৰ ছালৰ সমস্যা থাকিলে ইয়াৰ পৰা ক্ষতি হোৱাৰ আশংকাই বেছি৷ যাৰ ফলত অকালতে চুলি সৰি যাব পাৰে৷ 
-  চুলিত তেল সনাৰ সঠিক নিয়ম: চুলিৰ ঘনত্ব আৰু দৈৰ্ঘ্য অনুযায়ীহে তেল সানিব লাগে৷ নাৰিকলৰ তেল চুলিৰ বাবে বেছি উপকাৰী৷ এই তেল সামান্য গৰম কৰি লৈ চুলিত লাহে লাহে মালিচ কৰাৰ দৰে সানিব লাগে৷ এইদৰে সনাৰ এঘণ্টাৰ পাছতে চুলি ধুব লাগে৷ সপ্তাহত দুই বা তিনিদিন এইদৰে তেল সানিলে চুলিৰ কোনো অপকাৰ হোৱাৰ আশংকা নাথাকে৷ নাৰিকল তেলৰ উপৰি জলফাই আৰু বাদাম তেল নিয়মিতভাৱে ব্যৱহাৰ কৰিলেও চুলি অকালতে সৰাৰ পৰা ৰক্ষা কৰিব পাৰি৷