Logo
image

আদালতত বন্দনা: মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৪ মে’: গুৱাহাটীৰ চাঞ্চল্যকৰ দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাসহ তিনি অভিযুক্তৰ বিৰূদ্ধে আজিৰে পৰা কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ বিচাৰ প্ৰক্ৰিয়াৰ পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকাক মঙলবাৰে আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে তিনি অভিযুক্তৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈ অহা তিনি জুনত দ্বৈত হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰে৷ আদালতৰ চৌহদত উপস্থিত হৈ মূল হত্যাকাৰী বন্দনা কলিতাই সংবাদ মাধ্যমৰ আগত বিস্ফোক স্বীকাৰোক্তি দিয়ে৷ সংবাদ মাধ্যমৰ আগত হত্যাকাৰী বন্দনা কলিতাই কয় —‘‘ মোক কোনো লোকে প্ৰৰোচনা কৰিছিল,মই ষড়যন্ত্ৰৰ বলি হলো, কিন্তু মই এতিয়াই নাম কব নোৱাৰিম, পৰবৰ্তী সময়ত সকলো গম পাব৷" — এই বিস্ফোৰক স্বীকাৰোক্তি দিয়ে বন্দনা কলিতাই৷ উল্লেখ্য যে, সাধাৰণতে হত্যাকাণ্ডৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰিলে অপৰাধীৰ মানসিক স্খলন বিঘ্নিত হয়৷ কাৰণ যিয়েই নহওক কিয় হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত স্বাভাৱিকতে অপৰাধীৰ মানসিক পৰিৱৰ্তন পৰিলক্ষিত হয়৷ কিন্তু দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পাচতো কোনো ধৰণৰ মানসিক পৰিৱৰ্তন হোৱা নাই বন্দনা কলিতাৰ৷ গুৱাহাটীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰাৰ ঘটনাৰ অভিযুক্ত বন্দনা কলিতা কোনো প্ৰফেচনেল কিলাৰ নহয়৷ বন্দনা কলিতাই অতি পৰিকল্পিতভাৱে নিজৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল৷ কেৱল হত্যা কৰাই নহয়, বন্দনাই মৃতদেহ দুটা কাটি টুকুৰা টুকুৰকৈ মেঘালয়ৰ দুৰ্গম অঞ্চলত পেলাই দিছিল৷ ২০২২ চনৰ জুলাই আৰু আগষ্ট মাহত গুৱাহাটীৰ নুনমাটিত সংঘটিত ডাৱল মাৰ্ডাৰৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ বৰ্তমান কাৰাগাৰত থকা বন্দনা কলিতাৰ প্ৰসংগ পুনৰ চৰ্চালৈ আহিছে৷ ৰাজ্য কঁপাই যোৱা ডাৱল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাই জেৰাৰ সময়ত সঘনাই সলাইছিল কথাৰ সুৰ৷ যাৰ বাবে বিভ্ৰান্ত হৈছিল তদন্তকাৰী আৰক্ষী৷ বন্দনা কলিতা মানসিকভাৱে অসুস্থ হোৱা বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু ফৰেনচিক দলে বন্দনাক পৰীক্ষা কৰাৰ পিচতে পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি বন্দনা কলিতা মানসিকভাৱে সম্পূৰ্ণ সুস্থ৷ কাৰাবন্দী বন্দনা কলিতাক দিল্লীৰ পৰা অহা ফৰেনছিক বিশেষজ্ঞৰ দলে জে’লৰ ভিতৰতে পৰীক্ষা কৰিছিল৷ দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্তকাৰী দলৰ লগতে বিশেষ ফৰেনছিক বিশেষজ্ঞৰ দলে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে জেৰা কৰিছিল হত্যাকাৰী বন্দনা কলিতাক৷ জেৰাৰ পাচত হত্যাকাৰী বন্দনা কলিতা মানসিকভাৱে সম্পূৰ্ণ সুস্থ বুলি জনাই বিশেষজ্ঞৰ দলটোৱে৷ স্মৰ্তব্য যে, দুটাকৈ নৃশংস হত্যা সংঘটিত কৰি মাহৰ পাচত মাহ অতি স্বাভাৱিক জীৱন কটোৱা বন্দনা কলিতাই আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছত কাৰাবন্দী হৈয়ো অতি স্বাভাৱিক জীৱন অতিবাহিত কৰি আছে৷ আনকি হত্যাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি কাৰাবন্দীৰ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ পাছতো অলপো অনুশোচনাত ভোগা নাই বন্দনা কলিতাই৷ দুটাকৈ হত্যাকাণ্ডত জড়িত বন্দনা কলিতই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা কক্ষত একেলগে অন্য ৭৫ গৰাকী কয়দীৰ সৈতে আছে৷ বিগত প্ৰায় আঢ়ৈ মাহ ধৰি অন্য কয়দীৰ দৰে বিছনাৰ সলনি বন্দনা কলিতাই শুবলগীয়া হৈছে কাৰাগাৰৰ পকী মজিয়াত৷ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত কৰি থকা আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰ দলে বন্দনা কলিতাৰ বন্দী জীৱনৰ শৈলী পৰীক্ষা কৰিছিল৷ স্বামী আৰু শাহুক হত্যা কৰিও কোনো ধৰণৰ অনুশোচনা নোহোৱা বন্দনা কলিতাই অৱশ্যে প্ৰায় অকলশৰীয়া জীৱন কটাইছে কাৰাগাৰৰ ভিতৰত৷ একেটা কোঠাতে ৭৫ গৰাকী বন্দীৰ সৈতে থকাৰ পাছতো তেওঁলোকৰ সৈতে কোনো কথা নাপাতে বন্দনা কলিতাই৷ বন্দনা কলিতাৰ অস্বাভাৱিক ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত তেওঁ মানসিকভাৱে অসুস্থ হৈ পৰাৰ আশংকা কৰা হৈছিল৷ বন্দনা কলিতাই সুস্থ মগজু আৰু শীতল মস্তিস্কৰেই তেওঁ দুয়োটা হত্যাকাণ্ড সংঘটিত কৰা বুলিও বিশেষজ্ঞই প্ৰতিবেদনখনত প্ৰকাশ কৰিছে৷ ইফালে এতিয়া এই হত্যাকাণ্ড সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে গোচৰৰ অভিযোগনামা ৭৬ দিনৰ ভিতৰত দাখিল কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে আৰক্ষীয়ে ফাৰেনচিকৰ ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন লাভ নকৰাৰ বাবে সম্পূৰ্ণ অভিযোগনামা দাখিল কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷