Logo
image

তামুলপুৰৰ দ্বাৰকুছিত ভয়াবহ পথ দুৰ্ঘটনাঃ দশম শ্ৰেণীৰ ছাত্ৰী নিহত

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুছিত বুধবাৰে পুৱা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুর্ঘটনাত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী থিতাতে নিহত হয়। জানিব পৰা মতে পুৱা ডেফেলী গাঁৱৰ প্ৰাণেশ্বৰ দাসৰ কন্যা হিমানী দাসে (১৫) চাইকেলেৰে টিউচনলৈ যোৱাৰ পথত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত এএছ-২৫-এচি-৫৯৭০ নম্বৰৰ 'চিঞা' নামৰ আল্ট্ৰা বাছ এখনে মহতিয়াই লৈ যায়। এই ভয়াৱহ দুৰ্ঘটনাত নিজ ডেফেলীস্থিত ডেফেলী আদৰ্শ হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত হিমানী দাস থিতাতে নিহত হয়। দুৰ্ঘটনাক পাছত উত্তেজিত স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰাত প্ৰায় দুঘণ্টা যাতায়ত স্তব্ধ হৈ পৰে। পাছত ঘটনাস্থলীত তামুলপুৰৰ দণ্ডাধীশ উপস্থিত হয়। তামুলপুৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বাগসা জিলাৰ সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে দ্বাৰকুছিৰ নিয়মীয়া আৰক্ষী পহৰা চকীৰ ৫০ মিটাৰ দূৰত্বত এই পথ দুৰ্ঘটনা সংঘটিত হয় যদিও ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হোৱাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ৷