Logo
image

ন' জাষ্টিচ ন' ৰেষ্টঃ জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীৰে ৬ ৰাভা সংগঠনৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, বকোঃ নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ দাবীত বুধবাৰে বকোৰ ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰে কামৰূপ জিলাৰ ছয়টা ৰাভা জাতীয় সংগঠনে ৷ উল্লেখ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ দাবীৰে পুৱা ১০ বজাৰ পৰা প্ৰায় এঘণ্টা সময় বকোৰ বামুনীগাঁৱত কামৰূপ জিলা ৰাভা ছাত্র সন্থা, ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসুচী দাবী সমিতি,ৰাভা জাতীয় পৰিষদ, ৰাভা সাহিত্য সভা আৰু ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত কেবাশতাধিক পুৰুষ-মহিলা, যুৱক- যুৱতীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

প্ৰতিবাদকাৰীসকলে অসম আৰক্ষী হায় হায়, জোনমণিৰ হত্যাকাৰী হুঁচিয়াৰ, আমাক ন্যায় লাগিবই, নগাঁও আৰক্ষী মুৰ্দাবাদ, নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে মুৰ্দাবাদ, জোনমণি হত্যাৰ উচিত তদন্ত লাগে, জোনমণি ৰাভাৰ হত্যাকাৰীক শীঘ্ৰে আটক কৰক, ন' জাষ্টিচ ন' ৰেষ্ট আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ ইফালে, বকো আৰক্ষী থানাৰ অন্তৰ্গত কামৰূপ-গোৱালপাৰা সীমান্ততো ছয় ৰাভা সংগঠনৰ আহ্বানত কেবাশতাধিক ৰাভা জনগোষ্ঠীৰ লোকে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য, এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে  ৰাষ্ট্ৰীয় ঘাইপথত এক দীঘলীয়া যান-জঁটৰ সৃষ্টি হয় ৷ প্ৰতিবাদী কাৰ্যসূচীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা,  উপ-সভাপতি  নোমল ৰাভা, সম্পাদক অশোক নংবাগ, সহকাৰী সম্পাদক জিতুল ৰাভা, অৰবিন্দ ৰাভা, সাংগঠনিক সম্পাদক অংকুৰ কে ৰাভা, উপদেষ্টা সঞ্জীৱ ৰাভা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, সম্পাদিকা মল্লিকা ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসুচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, সম্পাদক পূৰ্ণ চন্দ্ৰ ৰাভা, বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুজিত ৰাভা, সম্পাদক দিব্য ৰাভা ৰাভা প্ৰমূখ্যে ৰাভা জাতীয় সংগঠনৰ কেবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷