Logo
image

গুৱাহাটীত ৫ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই কিশোৰীৰ আত্মহত্যা

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ তৰুণ নগৰৰ ৫ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰা কিশোৰীৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। অৱশ্যে কিশোৰীগৰাকীক  হত্যা নে আত্মহত্যা সেই সন্দৰ্ভত বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে সঠিক তথ্য পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ প্ৰাথমিক তদন্তত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে। ভঙাগড় আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে নিশা পিতৃ-মাতৃয়ে নৈশ পাৰ্টী লৈ যোৱাৰ পাছত কিশোৰীগৰাকীয়ে অতি সাধাৰণভাৱে ৫  মহলীয়া অট্টালিকাৰ চাদৰ ওপৰলৈ উঠি যোৱা দৃশ্য ঘৰৰ চি চি টিভিৰ কেমেৰাত ৰেকৰ্ডিং হৈ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। চি চি টিভিৰ কেমেৰাৰ সম্মুখত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

পিতৃ-মাতৃৰ লগত কোনোধৰণৰ কাজিয়া হোৱা নাছিল বুলিও আৰক্ষীয়ে সদৰি কৰে। অৱশ্যে কিশোৰীগৰাকীয়ে বিবাহ, পাৰ্টী, উৎসৱত ভাগ ল'বলৈ সদায় অনিচ্ছা প্ৰকাশ কৰি আহিছিল বুলি অভিভাৱকে আৰক্ষীক জানিবলৈ দিয়ে। কি কাৰণত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিলে তাকে লৈ আৰক্ষীয়ে বিপাঙত পৰিছে। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ তৰণ নগৰত মঙলবাৰে নিশা প্রায় ৮.৩০ বজাত ৫ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছিল। ঘৰত কোনো নথকাৰ সময়তে তৰুণ নগৰৰ ৫নং উপ-পথৰ এটি অট্টালিকাৰ পৰা পৰি ৰোহিত প্ৰচাৰী নামৰ ১৩ বছৰীয়া কিশোৰীগৰাকীৰ অকাল মৃত্যু হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। তৰুণ নগৰৰ জবনিহাৰ এপার্টমেন্টৰ পৰা জপিয়াই আত্মহত্য কৰা কিশোৰীগৰাকী সংস্কৃত দা গুৰুকুল বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষা পাছত আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকক আনুষ্ঠানিকভাৱে গতাই দিয়ে।