Logo
image

বজালী আৰক্ষীৰ বৃহৎ সফলতা : শিশু আৰু নাৰী দেহ ব্যৱসায়ীৰ বৃহৎ চক্ৰ উৎখাত

ডিজিটেল সংবাদ, বজালীঃ শিশু আৰু নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত এটি বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে বজালী আৰক্ষী৷ এক গোপন সূত্ৰৰ পম খেদি বজালী আৰক্ষীয়ে বুধবাৰে নিশা গুৱাহাটীৰ হাতীগাঁও আৰু কোকৰাঝাৰত অভিযান চলাই তিনিগৰাকী ভুক্তভোগী যুৱতী আৰু কিশোৰক উদ্ধাৰ কৰাৰ লগতে লক্ষাধিক টকা, দহটা মোবাইল হেণ্ডচেট, টেবলেট আৰু UPI স্কেনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

উল্লেখ্য যে বজালী আৰক্ষীয়ে গুৱাহাটীৰ হাতীগাঁৱৰ মাৰ্জিনা আলিয়াচ আচিয়া বেগমৰ গৃহত অভিযান চলাই চাৰিগৰাকী নাৰী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ বজালীৰ উপ-আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মাই সংবাদ মাধ্যমক জনায় যে এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি গুৱাহাটীৰ হাতীগাঁৱৰ মাৰ্জিনা আলিয়াচ আচিয়া বেগমৰ গৃহত চলি আহিছিল দেহ ব্যৱসায়৷ ইয়াৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই মাৰ্জিনাৰ সহযোগী আক্কাছ আলী, ৰাজদীপ পোদ্দাৰ আৰু চামচুল হকক আটক কৰে৷ আটকাধীন আটাইকেইগৰাকীকে বজালী আৰক্ষীয়ে পাঠশালা আৰক্ষী চকী, সৰুপেটা আৰক্ষী চকী, পাটাছাৰকুছি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে৷