Logo
image

হিংসাজৰ্জৰ মণিপুৰত শান্তিৰ দাবীত শিলচৰত প্ৰতিবাদী সমদল

ডিজিটেল সংবাদ, শিলচৰঃ সংঘর্ষ পীড়িত চুবুৰীয়া ৰাজ্য মণিপুৰত শান্তিৰ দাবীত উত্তাল হৈ পৰে শিলচৰ চহৰ। বৃহস্পতিবাৰে সদৌ অসম মণিপুৰী সন্থাৰ উদ্যোগত শিলচৰত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। মণিপুৰী-অমণিপুৰী সমাজৰ প্ৰায় ত্ৰিশটা সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে। চহৰৰ মালুগ্ৰাম মণিপুৰী বস্তিৰ পৰা সহস্ৰাধিক লোকে  বিভিন্ন পথ পৰিক্ৰমা কৰি শিলচৰৰ কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গান দি সমগ্ৰ এলেকা উত্তাল কৰি তুলে।
 
প্ৰতিবাদকাৰীসকলৰ দাবী অনুসৰি,কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপত যিকোনো প্ৰকাৰে মণিপুৰত শান্তি ঘূৰাই আনিব লাগিব। অন্যথা মণিপুৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিব। পিছত তেওঁলোকে উপায়ুক্তৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা এক কথোপকথনত সদৌ অসম মণিপুৰী যুৱ সন্থাৰ এগৰাকী সদস্যই কয় যে আজিৰ এই সমাৱেশ সদৌ অসম মণিপুৰী যুৱ সন্থাই আয়োজন কৰিছে। আমাৰ প্ৰথম দাবী মণিপুৰত চলি থকা হিংসাৰ জটিল পৰিস্থিতিৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে। মণিপুৰৰ ভূখণ্ডীয় অখণ্ডতাৰ সৈতে আমি আপোচ কৰিব নোৱাৰো আৰু মণিপুৰৰ সীমা কোনো কাৰণতে বিভাজিত হ’বলৈ নোৱাৰে। তেওঁ লগতে কয় যে মণিপুৰত ড্ৰাগছ আৰু বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে ব্যৱস্থা লোৱা  বীৰেণ সিং চৰকাৰক ধন্যবাদ জনাইছো। হিংসাত জ্বলি-ভাঙি যোৱা ঘৰবোৰৰ ক্ষতিপূৰণ চৰকাৰে দিব লাগিব। আমাৰ মতে, এইটো মেইতেই আৰু কুকিৰ মাজত হোৱা হিংসা নহয়, ই এক নিচাযুক্ত সন্ত্ৰাসবাদৰ হিংসা। মণিপুৰত পৃথক প্ৰশাসনৰ দাবীত স্বাক্ষৰ কৰা ১০জন কুকি বিধায়কক শীঘ্ৰে অযোগ্য ঘোষণা কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে৷