Logo
image

প্ৰধানমন্ত্ৰীৰ 'মন কি বাত'ৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা ড০ভূপেন কুমাৰক অটল সেনাৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৰ্তমান ভাৰতত আকাশবাণী বা ৰেডিঅ'ৰ  সবাতোকৈ জনপ্ৰিয় অনুষ্ঠান হিচাপে পৰিগণিত হৈ অহা প্ৰতি মাহৰ শেষৰটো দেওবাৰে নতুন দিল্লীৰ পৰা সম্প্ৰচাৰ হৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কি বাত' অনুষ্ঠানটোৱে যোৱা এপ্ৰিল মাহত ১০০ টা খণ্ড অতিক্ৰম কৰিছে। আনহাতে 'মন কি বাত' অনুষ্ঠানটোৰ প্ৰথম ৫০ টা খণ্ডৰ ওপৰত গৱেষণা কৰি দেশৰ ভিতৰতে প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰিছে গুৱাহাটীৰ মালিগাঁও গোটানগৰ অঞ্চলৰ উচ্চ শিক্ষিত ব্যক্তি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ভূপেন কুমাৰে। তেওঁ ৰাজস্থানৰ উদয়পুৰস্থিত মাধৱ বিশ্ববিদ্যালয়ত সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ মহেন্দ্ৰ সিঙৰ অধীনত গৱেষণা কৰি  বিগত ২০২২ বৰ্ষত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত অটল সেনাৰ অসম প্ৰদেশ কমিটিয়ে 'মন কি বাত'ৰ ওপৰত গৱেষণা কৰি ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰা বাবে ডঃ ভূপেন কুমাৰক ৰাজহুৱাভাৱে বিপুল সম্বৰ্দ্ধনা জনায়। এই উপলক্ষে অটল সেনাৰ অসম প্ৰদেশ কমিটিৰ সভাপতি সুদীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সাধাৰণ সম্পাদক দ্বীপজ্যোতি কলিতাই। সভাত 'মন কি বাত'ৰ ওপৰত গৱেষণা কৰি ভাৰতৰ প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ  ডঃ ভূপেন কুমাৰক গামোচা, জাপি, শৰাই, মানপত্ৰ ,  ফুলৰ থোপাৰে বিপুল সম্বৰ্ধনা জনোৱা হয়। 

সম্বৰ্ধনা গ্ৰহণ কৰি ডঃ ভূপেন কুমাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কি বাত' নামৰ অনুষ্ঠানটোৰ জৰিয়তে খেতিৰ পৰা আৰম্ভ কৰি হস্ততাত শিল্পলৈকে দেশৰ বহু গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি অহা হৈছে। য'ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ পূৰ্বতে প্ৰকাশ নোহোৱা বিষয় উত্থাপন কৰা হৈছে৷ ৰাইজ ইয়াৰ পৰা বাৰুকৈয়ে উপকৃত হৈছে। অনুষ্ঠানত অটল সেনাৰ ৰতন দাস, শত্ৰুঘ্ন চৌহান, ৰত্ন পাল, বাপ্পি বৰ্মন, সপ্তম বৰুৱাকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল।