Logo
image

১.৫২ কোটি টকা সংগ্ৰহ! অৱশেষত গ্ৰেপ্তাৰ হ’ল বিজেপি নেত্ৰী

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’: কাৰ্বি আংলং জিলা বিজেপি কৃষাণ মৰ্চাৰ সম্পাদিকা মুন ইংতিপীক প্ৰৱঞ্চনাৰ গোচৰত বুধবাৰে নিশা ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ কাৰ্বি আংলং জিলাৰ ২৪জন যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনেৰে মুন ইংতিপীয়ে সংগ্ৰহ কৰিছিল ১ কোটি ৫২ লাখ ৫০হাজাৰ টকা৷ বুধবাৰে লাংহিনত এক সংবাদ মেলত এই কেলেংকাৰিৰ তথ্য ফাদিল কৰিছিল ভুক্তভোগীসকলৰ লগতে যুৱ সংগঠনৰ নেতৃত্বই৷ মুন ইংতিপী শাসক বিজেপি দলৰ নেত্ৰী হোৱাৰ বাবে মুখ্যমন্ত্ৰী, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, বিধায়ক বিদ্যাছিং ইংলেঙৰ অতি ঘনিষ্ঠ আছিল৷ এই সম্পৰ্কৰ আলমতে তেওঁ চাকৰি দিম বুলি বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ নাম লৈছিল নেতাসকলৰ৷ আনকি বহিঃৰাজ্যত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈও এইসকল নেতাৰ লগত প্ৰায়ে যায় মুন ইংতিপী৷ বুধবাৰে সংবাদ মেল কৰাৰ পাছতে কালি ভুক্তভোগীসকলে ডিফু থানাত এটি প্ৰৱঞ্চনাৰ গোচৰ তৰে৷ ইফালে সংবাদ মেলৰ পাছতে ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি হয়৷ নিশা ডিফু থানাৰ ৫৭/২০২৩ নম্বৰৰ গোচৰৰ ভিত্তিত ৪০৬/৪২০/৩৪ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত মুন ইংতিপীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতে বিজেপি দলে মুন ইংতিপীক দলৰ পৰা বহিষ্কাৰ কৰে৷ ইফালে মুন ইংতিপীক আদালতলৈ নিয়াৰ সময়ত তেওঁ চিঞৰি চিঞৰি কয় যে মোক ফচাই দিছে ডাঙৰ মানুহসকলে৷ মোক অকলে ধৰিলে নহ’ব আৰক্ষীয়ে তেওঁলোককো ধৰক৷ ধৃত মহিলা বিজেপি নেত্ৰীগৰাকীয়ে কেইবাজনো ব্যক্তিৰ নাম কৈ থাকোঁতেই আৰক্ষীয়ে সংবাদ মাধ্যমৰ ওচৰৰ পৰা আঁতৰাই লৈ যায় আদালতলৈ৷ ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ খুবুঙে আৰক্ষীয়ে অধিক জেৰাৰ বাবে তিনিদিনৰ আৰক্ষী জিম্মাত বিচৰা বুলি কয়৷ অৱশ্যে এই বাতৰি লিখাৰ পৰলৈকে আদালতে মুন ইংতিপীক কেইদিনৰ জিম্মাত দিছে জানিব পৰা হোৱা নাই৷ মুন ইংতিপীৰ গ্ৰেপ্তাৰে বিজেপি দলৰ ভিতৰত জোকাৰণিৰ সৃষ্টি কৰিছে৷ মুন ইংতিপীয়ে যাতে সংবাদ মাধ্যমৰ আগত কথা ক’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে৷