Logo
image

এপ্‌ মুকলি: ঘৰতে বহি দাখিল কৰিব পাৰিব এজাহাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ  গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপনৰ লগতে ‘অসম পুলিচ সেৱা সেতু’ নামৰ এটা ৱেব প’ৰ্টেলো মুকলি কৰে৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই আধাৰশিলা স্থাপন আৰু এপ মুকলি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে আই পি চি, চি আৰ পি চি আৰু ইভিভেন্স এক্টৰ আমূল পৰিৱৰ্তন কৰিব৷ ৬ বছৰতকৈ অধিক কাৰাবাসৰ অপৰাধৰ ক্ষেত্ৰত ফৰেনছিকৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন বাধ্যতামূলক কৰিব৷’ অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে অহা ১০ বছৰত চাকৰিৰ কোনো অভাৱ নহ’ব৷ উল্লেখ্য যে কামৰূপ জিলাৰ চাংসাৰিৰ মলঙত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটী চৌহদৰ বাবে অসম চৰকাৰে বিনামূলীয়াকৈ ৫০ একৰ ভূমি আবণ্টন দিছে৷ প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ’ব৷ এই গুৱাহাটী চৌহদ দেশৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ নৱমখন চৌহদ৷ এই চৌহদত ফৰেনছিক বিজ্ঞান, চাইবাৰ নিৰাপত্তা, ডিজিটেল ফৰেনছিকছ, ফৰেনছিক মনোবিজ্ঞান, বন্যপ্ৰাণী ফৰেনছিক, নিচাযুক্ত দ্ৰব্য, ড্ৰ’ন ফৰেনছিক, ফৰেনছিক ন্যায় আৰু আইন বিষয়সমূহত ৫০ টা স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি আৰু প’ষ্ট ডক্টৰেলৰ পাঠ্যক্ৰম থাকিব৷ এই উপলক্ষে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ এই বুজাবুজিৰ চুক্তিত অসম চৰকাৰৰ হৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা আৰু ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জে এম ব্যাসে স্বাক্ষৰ কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি অসম বাসীৰ বাবে এক আনন্দ আৰু প্ৰাপ্তিৰ দিন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ্‌ গুৱাহাটী ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰাৰ পিছতে আজি ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰ শিলা স্থাপনে ৰাজ্যখনত আন এক সৌধ নিৰ্মাণ কৰিলে৷ এই বিশ্ববিদ্যালয়খন অসম তথা ইয়াৰ জনসাধাৰণৰ সফলতা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটী চৌহদক উৎকৃষ্টতাৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ প্ৰয়াস আৰু সহযোগিতা আগবঢ়াব৷ গুৱাহাটীৰ জিএমচিএইচৰ চৌহদত চলিত বৰ্ষৰ পৰাই পাঠদান আৰম্ভ হ’ব৷ বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ গুৱাহাটীক বাছনি কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয়খন কাৰ্যক্ষম হৈ উঠিলে ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত এটি নতুন অধ্যায়ৰ সূচনা হোৱাৰ লগতে অপৰাধ মুক্ত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰটো সহায়ক হৈ উঠিব৷ ইয়াৰ লগতে অপৰাধমূলক ন্যায় প্ৰদান ব্যৱস্থাটোক খৰতকীয়া কৰি তুলিব৷ তেওঁ লগতে কয় যে যোৱা দুবছৰত  অসমত নিৰাপত্তাৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে আৰু সমগ্ৰ ৰাজ্যৰ থানাসমূহত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা হ্ৰাস পোৱাটোৱে ইয়াৰ ইংগিত বহন কৰে৷ তদন্ত পদ্ধতি আৰু অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়াটো আগন্তুক সময়ছোৱাত অধিক উন্নত হৈ উঠিব বুলিও তেওঁ কয়৷ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপনে ৰাজ্যখনত অপৰাধমূলক ন্যায় প্ৰদান ব্যৱস্থাটোক ক্ষিপ্ৰ কৰাৰ লগতে দোষী সাব্যস্ত হোৱা হাৰো বৃদ্ধি পাব বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অসমক বিজ্ঞানৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰি আহিছে৷ ৰাজ্যখনত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপনৰ লগে লগে সেই লক্ষ্যত উপনীত হোৱাৰ দিশত সহায়ক হৈ উঠিব৷ তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় কাৰ্যক্ষম হৈ উঠিলে অসমত অধিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব৷ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰি বিশ্ববিদ্যালয়খনে আছিয়ান দেশৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তাও পূৰণ কৰিব৷ তেওঁ লগতে কয় যে গুৱাহাটী চৌহদত শৈক্ষিক কাম-কাজৰ উপৰি আৰক্ষী, ন্যায়পালিকা আৰু ফৰেনছিক বিজ্ঞানীসকলকো প্ৰশিক্ষণ দিয়া হ’ব৷ মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে ২০২১ চনত ৰাজ্যত প্ৰতিমাহে ১১,১১০ টা অপৰাধ জনিত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এতিয়া সেই সংখ্যা কমি ৬২৪৩ টা হৈছেগৈ৷ ছাইবাৰ অপৰাধৰ সংখ্যাও ৪৮৮৪ টাৰ পৰা ১,৭৮১ টা কমিছে৷ মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধ ২৯,০৪৬ টা পৰা ১২,০০০ কমি আহিছে৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ১৪৩৬ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে৷ যোৱা দুবছৰত কনভিকচন হাৰ ৫ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি পাইছে৷ ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা ‘অসম পুলিচ সেৱা সেতু’ ৱেব প’ৰ্টেলৰ জৰিয়তে ঘৰতে বহি ৰাইজে এজাহাৰ দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ এই এপৰ দ্বাৰা গুৱাহাটীত অকলে থকা বৃদ্ধ নাগৰিকৰ পঞ্জীয়ন কৰা হ’ব৷ ভাৰাতীয়াৰ তথ্য ৰখা হ’ব৷ সভা সমিতিৰ অনুমতিৰ লগতে ২৬ টা সেৱা আগবঢ়োৱা হ’ব৷ আজিৰ অনুষ্ঠানতে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জে এন ব্যাসে ৰচনা কৰা ‘এনালাইচিচ অন’ জুডিচিয়েল এপ্ৰ’চ অন ফৰেনছিক এভিডেন্স’ শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়৷ এই অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু গেছ দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জে এম ব্যাসৰ উপৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷