Logo
image

ৰাষ্ট্ৰপতি নাহিলেও মোদীৰ হাতত থাকিব ৰাজদণ্ড

নতুন দিল্লী, ২৬ মে’: নতুনকৈ নিৰ্মাণ কৰা সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান ৰাষ্ট্ৰপতিৰ উপস্থিতি অবিহনেই অনুষ্ঠিত হ’লেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত অনুষ্ঠানত হাতত তুলি ল’ব ‘ছেংগল’ নামৰ ৰাজদণ্ড৷ সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানক লৈ চলি থকা বিতৰ্কৰ মাজতে এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ বুধবাৰে গৃহমন্ত্ৰীগৰাকীয়ে এক টুইটযোগে  জনায় যে অহা দেওবাৰে নতুন সংসদ ভৱনটো প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ লগতে লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত এটা ৰাজদণ্ড স্থাপন কৰিব৷ যিটো ৰাজদণ্ডক ‘ছেংগল’ বুলি কোৱা হয়৷ প্ৰশ্ন হয় কি এই ‘ছেংগল’৷ জানিব পৰা মতে তামিল শব্দ ছেম্মাইৰ পৰা সৃষ্টি হৈছে ‘ছেংগল’ শব্দটোৰ৷ ইয়াৰ অৰ্থ ন্যায়৷ চৰকাৰী নথি অনুসৰি এই ৰাজদণ্ড আচলতে স্বাধীন ভাৰতৰ এক উল্লেখযোগ্য আৰু ঐতিহাসিক প্ৰতীক৷ ব্ৰিটিছৰ পৰা যেতিয়া ভাৰতৰ হাতলৈ দেশৰ ক্ষমতা হস্তান্তৰ হৈছিল তেতিয়াৰ পৰা ভাৰতৰ ৰাজনীতিৰ সৈতে ‘ছেংগল’ নামৰ ৰাজদণ্ড সাঙোৰ খাই পৰে৷ তথ্য অনুসৰি ১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা ১০-৪৫ বজাত পণ্ডিত জৱাহৰলাল নেহৰুৱে তামিলনাডুৰ অধিনামৰ মাধ্যমেৰে ছেংগল গ্ৰহণ কৰা হৈছিল৷ তামিলনাডুৰ এটা বিশেষ মন্দিৰৰ এদল পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণেৰে নেহৰুৰ হাতত অৰ্পণ কৰা হৈছিল হাজাৰ বছৰ পুৰণি ৰাজ শাসনৰ এই ৰাজদণ্ড৷ সেয়া আছিল ব্ৰিটিছৰ পৰা ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰৰ প্ৰতীক৷ সেই ছেংগল এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ হাতেৰে স্থাপন কৰিবলৈ ওলাইছে লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত৷ ইপিনে সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানলৈ ৰাষ্ট্ৰপতি ক আমন্ত্ৰণ নজনোৱা বিষয়টোক লৈ আজিও বিৰোধী দলসমূহ সৰৱ হৈয়ে আছে৷ কংগ্ৰেছৰ নেতৃত্বত ইতিমধ্যে ১৯টা বিৰোধী দলে সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে৷ এই দলসমূহৰ ভিতৰত আছে কংগ্ৰেছৰ উপৰি তৃণমূল কংগ্ৰেছ, ডি এম কে, জনতা দল (ইউনাইটেড), আম আদমি পাৰ্টী, শিৱসেনা (উদ্ধৱ থাকৰে), মাক্সৰ্বাদী কমিউনিষ্ট পাৰ্টী, সমাজবাদী পাৰ্টী, ৰাষ্ট্ৰীয় জনতা দল, ভাৰতীয় কমিউনিষ্ট পাৰ্টী, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, ঝাৰখণ্ড মুক্তি মৰ্চা, নেছনেল কনফাৰেন্স, কেৰালা কংগ্ৰেছ (মণি), বিপ্লৱী সমাজতান্ত্ৰিক দল, ভিচিকে অৰ্থাৎ বিদুথালাই ছিৰুথাইগাল কাচ্ছি, এম ডি এম কে আৰু ৰাষ্ট্ৰীয় লোকদল৷ ইয়াৰ বিপৰীতে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বিষয়ে ঘোষণা কৰিছে একনাথ সিন্ধেৰ শিৱসেনাকে ধৰি ১৫টা ৰাজনৈতিক দলে৷ এই দলকেইটা হৈছে এনপি পি, এন ডি পিপি, এছ কে এম, আৰ  এল জে পি, আপনা দল (সোণেলাল), আৰ পি আই, তামিল মানিলা কংগ্ৰেছ, এ আই ডি এম কে, এ জে এছ ইউ, এম এন এফ, ৱাই এছ আৰ কংগ্ৰেছ, টি ডি পি, শিৰোমণি আকালি দল আৰু বিজু জনতা৷ ইপিনে কংগ্ৰেছৰ নেতৃত্বত যি ১৯টা দলে সংসদ ভৱন উদ্বোধনী অনুষ্ঠানৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছে তেওঁলোকক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ৩ান জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ মাজতে সংসদ ভৱন উদ্বোধনী অনুষ্ঠানৰ বিতৰ্ক পাইছেগৈ উচ্ছতম ন্যায়ালয়ৰ মজিয়া৷ উদ্বোধনী অনুষ্ঠানলৈ ৰাষ্ট্ৰপতি ক আমন্ত্ৰণ নজনোৱা বিষয়টোৰ দ্বাৰা সংবিধান অৱমাননা কৰা বুলি দাবী কৰিছে সৰ্বোচ্ছ আদালতখনৰ এগৰাকী অধিবক্তাই৷ এই সন্দৰ্ভত অধিবক্তাজনে উচ্ছতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন জনাই উল্লেখ কৰে যে দেশৰ সাংবিধানিক মুৰব্বী হৈছে ৰাষ্ট্ৰপতি ৷ আনহাতে সৰ্বোচ্ছ আইনসভাখন হৈছে সংসদ৷ এনেক্ষেত্ৰত নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতি য়েহে উদ্বোধন কৰিব লাগে৷ গতিকে শীৰ্ষ আদালতখনে যাতে সংসদ ভৱনটো ৰাষ্ট্ৰপতি ৰ দ্বাৰাই উদ্বোধন কৰা হয় তাৰ বাবে লোকসভাৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰখনক নিৰ্দেশ দিবলৈ আবেদন জনায়৷