Logo
image

অ-মিজোক মিজোৰাম ত্যাগৰ নিৰ্দেশ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ মে’: চুবুৰীয়া মণিপুৰত কুকি আৰু মেইটেৰ গোষ্ঠীগত সংঘাতে সমগ্ৰ ৰাজ্যখনকে আজিও অগ্নিগৰ্ভ কৰি ৰখাৰ মাজতে এইবাৰ উত্তৰ-পূৰ্বৰ আন এখন ৰাজ্যত গোষ্ঠী সংঘৰ্ষৰ উকমুকনি ঘটিছে৷ এইবাৰ মিজোৰামত অ-মিজো লোকসকলক ৰাজ্য ত্যাগ কৰাৰ নিৰ্দেশ দিছে কেইবাটাও মিজো ছাত্ৰ সংগঠনে৷ আনকি মিজোৰামৰ ৰাজধানী চহৰ আইজলত অ-মিজো বাংলাভাষী আৰু হিন্দীভাষী লোকৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ কৰি ভয়-ভাবুকিৰে খেদি পঠোৱাৰ হুংকাৰ দিছে স্থানীয় মিজো সংগঠনসমূহে৷ বিগত ১৫ মে’ত ৰাজ্যখনৰ আটাইতকৈ প্ৰভাৱশালী সংগঠন হিচাপে পৰিচিত মিজো যুৱ সন্থাই আইজল চহৰৰ অ-মিজোসকলৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহলৈ জাননী জাৰি কৰি ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি দিবলৈ নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ পাছতেই মিজো সংগঠনটোৱে আইজলত বাংলা আৰু হিন্দীভাষী লোকৰ ৯১ খন দোকান তথা প্ৰতিষ্ঠান জোৰ-জবৰদস্তি বন্ধ কৰি দিয়ে৷ এই ঘটনাক লৈ সমগ্ৰ মিজোৰামতে এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে৷ আনকি অসমৰ লোককে ধৰি অ-মিজো একাংশ লোকে এতিয়া প্ৰাণৰ আশংকাত ভুগি মিজোৰাম ত্যাগ কৰিছে৷ অ-মিজো লোকসকলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ হস্তক্ষেপ বিচাৰিছে যদিও কেনে সহায় নোপোৱাৰ অভিযোগ কৰিছে৷ যাৰ বাবে অ-মিজো সুৰক্ষা সমিতিয়ে বৰাকৰ শিলচৰ চহৰত সংবাদমেল সম্বোধন কৰি সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী জনাইছে৷ মিজোৰামত গণতান্ত্ৰিক চৰকাৰৰ সমান্তৰালভাৱে মিজো যুৱ সন্থায়ো প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অ-মিজো সুৰক্ষা সমিতিয়ে৷ আনকি বৰ্তমান মিজোৰামত আইনৰ শাসন নাই বুলিও ভয়ংকৰ অভিযোগ কৰিছে সংগঠনটোৱে৷ ভাৰতীয় নাগৰিক হিচাপে দেশৰ যিকোনো প্ৰান্তৰত ব্যৱসায় প্ৰতিষ্ঠানেৰে সংস্থাপিত হোৱাটো সকলোৰে গণতান্ত্ৰিক অধিকাৰ যদিও অ-মিজোসকলক মিজোৰাম ত্যাগ কৰিবলৈ দিয়া নিৰ্দেশত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰো প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে মিজোৰামৰ অ-মিজো লোকসকলে৷