Logo
image

গণপ্ৰহাৰৰ ভয়ত মহানগৰীত কদৰ্য ভৰলুত জাঁপ দিলে চোৰে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৬ মে’: গুৱাহাটীত দিন-দুপৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰাৰ ভয়ত কদৰ্য ভৰলু নৈত জাপ দিয়ে এটা গভাইত চোৰে৷ ভঙাগড়ৰ তৰুণ নগৰত সংঘটিত হয় এই ঘটনা৷ জানিৰ পৰা মতে দিনৰ প্ৰায় ৩ বজাত তৰুণ নগৰৰ এঘৰত চোৰ কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰে এটা গভাইত চোৰে৷ কিন্তু ঘৰৰ গৰাকীয়ে চোৰটোক দেখি চিঞৰ-বাখৰ কৰাত একাংশ স্থানীয় লোকে চোৰটোক ধৰিবলৈ খেদি যায়৷ এনে অৱস্থাত ৰাইজৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ভৰলু নৈত জাঁপ দিয়ে চোৰটোৱে৷ পিছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ চোৰটোক আটক কৰে৷