Logo
image

একচনত আনন্দ মিশ্ৰ, ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ অপৰাধীৰ মূৰৰ কামোৰণি হৈ পৰছে আনন্দ মিশ্ৰ৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই একচন মুডত আনন্দ মিশ্ৰ৷ বৃহস্পতিবাৰে নিশা নাৰায়ণপুৰ নগৰৰ ৩ নং ৱাৰ্ডৰ এটা ভাৰাঘৰত আনন্দ মিশ্ৰৰ নেতৃতত চলিছিল অভিযান । প্ৰায় দুঘণ্টা জোৰা অভিযানকালত বুজন পৰিমাণৰ ড্ৰাগছসহ কেইবা লক্ষাধিক নগদ ধন আৰু ৭ টাকৈ মোবাইল ফোন জব্দ কৰাৰ লগতে ভাড়াতীয়াগৰাকীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে এখন মাৰুতি 800, এখন হোণ্ডাই এক্সেন্ট, এখন বাজাজ পালছাৰ বাইক জব্দ কৰে আৰক্ষীয়ে।

অভিযানৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ অভিযানকালত ভবেশ দলে নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হয় ৭৯ টা  ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ ৷ লগতে জব্দ কৰে ১১০০ টা খালী কন্টেইনাৰ, ২ লাখ নগদ ধন, ২ খন গাড়ী, ১ খন বাইক, ৭ টা মোবাইল ফোন ৷