Logo
image

খাৰঘুলিৰ জল বিস্ফোৰণৰ তদন্তৰ দাবীত ৰাইজৰ দলৰ লতাশিল থানাত গোচৰ ৰুজু

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে গুৱাহাটীৰ খাৰঘুলিত জল ব'ৰ্ডৰ নৱনিৰ্মিত পানীৰ পাইপ ফাটি সৃষ্টি হোৱা বৃহৎ পানীৰ সোঁতে অঞ্চলটোত মানুহ আৰু সম্পত্তিৰ বৃহৎ ক্ষতি সাধন কৰাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে। আজি পুৱাৰ ভাগত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে সমগ্ৰ অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ বুজ লৈ ভুক্তভোগী পৰিয়াল কেইটাক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে অভিযোগ কৰে যে গুৱাহাটী জল ব'ৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ গাফিলতিৰ ফলতে এই বৃহৎ অঘটন সংঘটিত হৈছে।

শেহতীয়াকৈ অঞ্চলটোত উদ্বোধন কৰা জাইকা পানী যোগান প্ৰকল্পৰ অংশ হিচাপে গেমন ইণ্ডিয়াই এই পানীৰ পাইপ স্থাপন কৰিছিল। এই প্ৰকল্পৰ তদাৰক আৰু সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ দায়িত্ব আছিল গুৱাহাটী জল ব'ৰ্ডৰ ওপৰত। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া, সহকাৰী সম্পাদক আনিচুৰ ৰহমান, অতিৰিক্ত তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ ডেকা আৰু জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক বিকাশ ডেকা লতাশিল থানাত উপস্থিত হৈ গুৱাহাটী জল ব’ৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ, অদক্ষ কাৰিকৰী কৰ্মীৰ হতুৱাই কাম কৰোৱা আৰু ব্যাপক দুৰ্নীতিৰ অভিযোগত ৮১/২২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে। 

উল্লেখ্য যে পানী যোগানৰ পাইপ ফাটি যোৱাৰ ফলত সৃষ্টি হোৱা বৃহৎ পানীৰ ঢৌৰ ফলত সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো ব্যক্তি আহত হয়। এই ঘটনাত চাৰিচকীয়া আৰু দুচকীয়া বাহনকে ধৰি বাহনসমূহৰ লগতে ওচৰৰ কেইবাটাও ঘৰৰ ব্যাপক ক্ষতিসাধন হয়। সেয়ে ৰাইজৰ দলে চৰকাৰক ক্ষতিগ্ৰস্তসকলক শীঘ্ৰে পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়।