Logo
image

ডবকাত সোণৰ মূৰ্তিসহ আৰক্ষীৰ জালত ৩ নকল সোণৰ বেপাৰী

ডিজিটেল সংবাদ, ডবকাঃ নকল সোণৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ডবকাৰ আৰক্ষীৰ জালত পৰিছে ৩ নকল সোণৰ বেপাৰী ৷ ধৃত তিনিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১ কেজি ৬৬০ গ্ৰাম ওজনৰ যীশুখ্ৰীষ্টৰ এটি সোণৰ মূৰ্তি৷ হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত ডবকা আৰক্ষীয়ে নাম ডবকাৰ এখন দোকানত অভিযান চলাই জব্দ কৰে যীশুখ্ৰীষ্টৰ মূৰ্তিসহ তিনিজন লোকক৷ ধৃত তিনিজনৰ নাম জুবেৰ হুছেইন, ইকবাল হুছেইন আৰু আচলম আলম তালুকদাৰ৷ ডবকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১২০(বি), ৪৪৮, ৪২০, ৩৭৯, ৪১৩ আৰু ৪০৬ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি তিনিওকে জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা  আছে৷