Logo
image

২৫ মাহত ৭ লক্ষাধিক ঘৰ নিৰ্মাণেৰে অসমৰ অভিলেখ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’: ‘প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ ঘৰ নিৰ্মাণত অসমে অভিলেখ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অফুৰন্ত কৰ্মস্পীহাৰ কাৰণেই এয়া সম্ভৱ হৈছে৷ বৰ্তমানৰ চৰকাৰৰ ২৫ মাহত অসমত ৭, ৫৯, ১৬৩টা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰৰ নিৰ্মাণ সম্ভৱ হৈছে৷’ – এই মন্তব্য ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ শুকুৰবাৰে পাঞ্জাবাৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সভাকক্ষত এক সংবাদ মেলত এই কথা সদৰি কৰি মন্ত্ৰী দাসে কয়–‘প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে কেন্দ্ৰৰ পৰা ৪০ লাখ ঘৰ লাভ কৰিছে৷ ইয়াৰে ১৯ লাখ ঘৰৰ আৱণ্টন দিয়া হৈছে৷ ১৮, ৩০, ৪০০টা ঘৰৰ অনুমোদন দিয়া হৈছে৷ অনুমোদন লাভ কৰা ঘৰৰ ভিতৰৰ ১১, ৬৩, ৪৭১টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ ২০২১ চনৰ দহ মে’ৰ ভিতৰত এই ঘৰসমূহৰ নিৰ্মাণৰ সম্পূৰ্ণ হৈছে৷ বৰ্তমানৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ৰাজ্যৰ ৭, ৫৯, ১৬৩টা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ এয়া দেশৰ ভিতৰতে এক অভিলেখ৷ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ নিৰ্মাণত অসম শীৰ্ষত আছে৷ শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সন্দৰ্ভত কৰা পৰ্যালোচনাত অসমৰ সফলতাক ভুৰি ভুৰি প্ৰশংসা কৰিছে৷ মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই কিয় অসমৰ দৰে কৰিব পৰা নাই এই সন্দৰ্ভত বৈঠকত প্ৰশ্ন উঠিছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্মাণ চলি থকা অথচ সম্পূৰ্ণ নোহোৱা ৬, ৬৬, ৯২৬টা ঘৰৰ নিৰ্মাণ চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰৰ নিৰ্মাণৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষত অসমে মুঠ ১৪, ৫৪০.৮৪ কোটি টকা লাভ কৰিছে৷ ইয়াৰ ১৩, ০৮৬.৭৬ কোটি টকা হৈছে কেন্দ্ৰীয় চৰকাৰৰ অংশ আৰু ১৪৫৪.০৮ কোটি টকা হৈছে ৰাজ্য চৰকাৰৰ অংশ৷ আৱণ্টিত পুঁজিৰ ১২, ৫০৪.৭৯ কোটি টকা অসমে খৰচ কৰিব পাৰিছে৷ ৰাজ্যৰ ৪০, ০৯৬জন ভূমিহীন হিতাধিকাৰীক ভূমিৰ সৈতে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা হৈছে৷ চাহ বাগিচা অঞ্চলৰো ৮১, ৬৩৮টা পৰিয়াল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বাৰা উপকৃত হৈছে৷ ৰাজ্য চৰকাৰে ২.৫ লাখ নিৰ্মাণ সম্পূৰ্ণ হোৱা ঘৰক লৈ এক গণ গৃহপ্ৰৱেশ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে৷ য’ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিব৷ এয়া দেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ গৃহ প্ৰৱেশৰ কাৰ্যসূচী হ’ব৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত একেলগে পাঁচলাখ ঘৰত গৃহ প্ৰৱেশ কৰি অভিলেখ সৃষ্টি কৰিছিল৷ অহা ২ আৰু ৩ জুনত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীনৰ সন্দৰ্ভত কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে এখন আঞ্চলিক অভিৱৰ্তনৰ আয়োজন কৰিছে৷ এই অভিৱৰ্তনত অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে ঝাৰখণ্ড আৰু পশ্চিমবংগয়ো অংশগ্ৰহণ কৰিব৷ মন্ত্ৰীজনে সংবাদমেলত কয় যে লখিমপুৰত এখন চাহ বাগানত একেলগে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত ২০৩ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে৷